কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কেন্দ্র কৰি গঢ় লৈ উঠা পর্যটন উদ্যোগটো উন্নত কৰি স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলক কর্ম সংস্থাপন দিয়াৰ ক্ষেত্রত অসম পর্যটন উন্নয়ন নিগমে কিছু পৰিকল্পনা গ্রহণ কৰি পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা, সহকাৰী কার্যবাহী অভিযন্তা প্রভাশ শর্মা, কনিষ্ঠ অভিযন্তা অমূল্য শাস্ত্রী, পর্যটন বিষয়া বাসৱ বৰা, স্থানীয় সাংবাদিকে কার্বি আংলং জিলাৰ কাকচাং জলপ্রপাত, ৰাষ্ট্রীয় উদ্যানখনৰ পার্শ্বৱর্তী অঞ্চলসমূহ পৰিভ্রমণ কৰে৷ পৰিভ্রমণৰ অন্তত কঁহৰাস্থিত অৰণ্য পর্যটন নিৱাসত আয়োজন কৰা এখন সংবাদমেলত পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতাই কয় যে কার্বি আংলং জিলাৰ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ কাকচাং জলপ্রপাতক পর্যটকৰ আকর্ষণস্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্রত কিছু চিন্তা কৰা হৈছে৷ শ্বিলং পিক’ৰ দৰে ইয়াত বেৰিকেড নির্মাণ কৰি ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু স্থানীয় ৰাইজৰ আর্থ-সামাজিক উন্নয়নৰ লক্ষ্য হিচাপে লৈ কিছু ষ্টল নির্মাণ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ জনপ্রপাতলৈ যোৱা বাট-পথ, জিৰণি চ’ৰা আদি নির্মাণ কৰি স্থানীয় ৰাইজক দিব পাৰিলে ইয়াৰ দ্বাৰা বহু নিবনুৱা যুৱক-যুৱতীয়ে কর্ম সংস্থাপন পোৱাৰ উপৰি কাজিৰঙাৰ পার্শ্বৱর্তী জলপ্রপাতটোও পর্যটকৰ আকর্ষণৰ স্থলী হৈ পৰিব৷ তেওঁলোকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা লুখুৰাখুনীয়া গাঁও পৰিভ্রমণ কৰে৷ লেডী কার্জনৰ স্মৃতি জড়িত থকা লুখুৰাখুনীয়া গাঁও, ঐতিহাসিক কাজিৰঙা কাঁকগোসাঁনী থান পৰিভ্রমণ কৰাৰ পিছত ৰাষ্ট্রীয় উদ্যানখনৰ সীমান্তৱর্তী এলেকাত এ টি ডি চিৰ তৰফৰ পৰা দর্শন চূড়া নির্মাণ কৰিবলগীয়া দুই-এক স্থান পর্যবেক্ষণ কৰিব বুলি উল্লেখ কৰি উপাধ্যক্ষগৰাকীয়ে কয় যে কঁহৰা, অগৰাতলি, বাগৰি বনাঞ্চলৰ মূল প্রৱেশদ্বাৰৰ সমীপত পর্যটকৰ সুবিধার্থে শৌচাগাৰ, প্রস্রাৱগাৰ নির্মাণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে৷ পর্যটকৰ বাবে চাইকেলিং ক্লাব, ট্রেকিং, দুঃসাহসিক পর্যটন ক্ষেত্র, বৰশী বোৱা, নৌকা বিহাৰ আদিৰ যোগেদি স্থানীয় নিবনুৱা যুৱক-যুৱতীক কর্ম সংস্থাপন দিবৰ পৰিকল্পনা গ্রহণ কৰাৰ লগতে মডেল ভিলেজ, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা পর্যটকসকলে অসমীয়া খাদ্যৰ জুতি ল’ব পৰাকৈ অসমীয়া খাদ্যৰ যোগেদি আপ্যায়ন কৰা আৰু কাজিৰঙাক সেউজ কৰি ৰাখিবৰ বাবে ইয়াৰ ব্যৱসায় প্রতিষ্ঠান, চৰকাৰী কার্যালয়, বাসভৱন আদি সেউজীয়া কৰি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ পর্যটকসকলে কাজিৰঙা সম্পর্কত এক ভাল ধাৰণা লৈ যোৱাৰ লগতে পর্যটকসকলক অধিক আকর্ষণ কৰাৰ ক্ষেত্রতো কিছু পৰিকল্পনা গ্রহণ কৰা হৈছে৷ বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শনার্থীসকলৰ বাবে বন্ধ ৰখা হয় বাবে বাৰিষাৰ সময়তো পর্যটকক আকর্ষণ কৰিব পৰাকৈ বিভিন্ন পৰিকল্পনা লোৱা হৈছে বুলি জনায়৷ বিশেষকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক অধিক আকর্ষিত কৰা আৰু বাৰ মাহে যাতে পর্যটন উদ্যোগ চলি থাকে আৰু ইয়াৰ দ্বাৰাই যাতে স্থানীয় যুৱক-যুৱতীসকলে কর্ম সংস্থাপন লাভ কৰাৰ লগতে ইয়াৰ পার্শ্বৱর্তী অঞ্চলসমূহৰ নিৱাসীসকলৰ ঘৰে ঘৰে পর্যটকসকলক ৰাখিব পৰাকৈ ব্যৱস্থা গ্রহণ কৰা আৰু ইয়াৰ দ্বাৰাই যাতে সকলোৱে লাভৱান হয়, তাৰ প্রতি দৃষ্টি ৰখাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এই ক্ষেত্রতো স্থানীয় ৰাইজ আৰু নিবনুৱা যুৱক-যুৱতীসকল আগবাঢ়ি অহাটো দলটোৱে কামনা কৰিছে৷ কার্বিআংলং জিলাৰ কাকচাঙৰ জলপ্রপাতটো আকর্ষিত কৰি তোলাৰ লগে লগে বোকাখাত নগৰক পর্যটন নগৰী হিচাপে গঢ়ি তোলাৰ যথেষ্ট স্থল আছে বুলি তেওঁ জনায়৷