‘ওমৰ খায়ম’খ্যাত বিশিষ্ট ঔপন্যায়িক, সাহিত্যিক, প্রসিদ্ধ অনুবাদক তথা শিক্ষাবিদ প্রদীপ শইকীয়া আৰু নাই৷ আজি বিয়লি প্রায় ৩-৩০ বজাত নগাঁও চহৰৰ পানীগাঁও ৰত্নপুৰৰ নিজা বাসভৱনত বার্ধক্যজনিত কাৰণত বিশিষ্ট সাহিত্যিক-গৰাকীৰ মৃত্যু হয়৷ তেওঁৰ বয়স আছিল ৮১ বছৰ৷ ‘এ জয় ৰঘুৰ নন্দন’ৰ স্রষ্টা শইকীয়াৰ মৃত্যুত অসমৰ সাহিত্য আৰু বৌদ্ধিক জগতখনৰ অপূৰণীয় ক্ষতি হ’ল৷ নগাঁৱৰ সমাজ জীৱনৰ অভিন্ন অংগ প্রদীপ শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসভৱনত সমবেত হয়৷ ১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰত যোৰহাট জিলাৰ টীয়কত জন্মলাভ কৰা প্রদীপ শইকীয়াৰ পিতৃ প্রয়াত উমেশ শইকীয়া আৰু মাতৃ জানকী প্রিয়া শইকীয়া৷ ডুমডুমা এম ই স্কুল, টীয়ক হাইস্কুল, শিৱসাগৰ জিলাৰ আমগুৰি হাইস্কুলত পঢ়ি কটন কলেজৰ পৰা স্নাতক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ শিক্ষা সাং কৰি শইকীয়াই ১৯৫৬-৫৭ৰ ভিতৰত কেইদিনমান টীয়ক হাইস্কুলত, ১৯৫৯ চনত আমগুৰি উচচ মাধ্যমিকত শিক্ষকতা, ১৯৫৯১৯৬৫ লৈকে শিৱসাগৰ কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক, ১৯৬৫ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ ধিং কলেজৰ প্রতিষ্ঠাপক অধ্যক্ষৰূপে দুই দশকৰো অধিক কাল কার্যনির্বাহ কৰি ১৯৮৬ৰপৰা ১৯৯৬ চনলৈকে এটা দশকৰো অধিক কাল নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগ বঢ়াই অৱসৰ গ্রহণ কৰে৷ ওৰেটো জীৱন অসমৰ শৈক্ষিক ক্ষেত্রৰ সমান্তৰালকৈ সাহিত্য আৰু সামাজিক দিশত নিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰা শইকীয়া অসম আন্দোলনৰ লগতো জড়িত আছিল৷ জাতীয়তাবাদী চিন্তা-ধাৰাৰে উদ্বুদ্ধ সাহিত্যিকগৰাকীয়ে ১৯৯৭-৯৮ চনত নগাঁৱৰ পৰা প্রকাশিত ‘সাপ্তাহিক জাগৰণ’ কাকতত কার্যবাহী সম্পাদক হিচাপে কিছুদিন সাংবাদিকতাৰ লগতো জড়িত আছিল৷ অসমীয়া, ইংৰাজীৰ লগতে সংস্কৃত ভাষাৰো বিদগ্ধ পণ্ডিত আছিল শইকীয়া৷ তেওঁ এগৰাকী চিন্তাশীল প্রবন্ধকাৰ হিচাপে অসমীয়া আৰু ইংৰাজী ভাষাত অনেক গ্রন্থ অনুবাদ কৰিও প্রাচ্য আৰু পাশ্চাত্য সাহিত্যৰ সোৱাদ জনতাৰ হূদয়লৈ বোৱাই এক জাতীয় দায়িত্ব পালন কৰি গৈছে৷ অসম সাহিত্য সভাৰ বিশ্বকোষ গ্রন্থৰ ইতিহাস সম্পর্কীয় সপ্তম খণ্ডৰ সম্পাদক কথা সাহিত্যিকগৰাকীয়ে অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমি কাউন্সিলৰ সদস্য, অসম উচচ মাধ্যমিক পৰিষদৰ সদস্য, শ্রীমন্ত শংকৰ মিছন আদিৰ দৰে অনুষ্ঠানৰ লগত জড়িত থাকি বিদ্যায়তনিক, ভাষা-সাহিত্য, সমাজসেৱাৰ বিভিন্ন ক্ষেত্রত প্রত্যক্ষভাৱে অৰিহণা যোগাইছিল৷ ডেৰ কুৰিৰো অধিক গ্রন্থৰ গ্রন্থকাৰ শইকীয়াই সাহিত্য কর্মৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত হৈছে৷ ২০১৬ বর্ষৰ সাহিত্যিক প্রদীপ শইকীয়াক কৈলাশ নাথ শর্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমে সাহিত্য বঁটাৰে বিভূষিত কৰে৷ তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল ঃ ‘ওমৰ খায়ম’, ‘মন্দিৰত জুই’, ‘বিশ্বযুদ্ধৰ অগ্নিপথ’, ‘প্রতিশ্রুতি’, ‘মাটিৰ মৰম’, সোণৰ আখৈ’, ‘জীৱন নদীৰ বালিচন্দা’, ‘সুকন্যা’ আদি৷ তদুপৰি ‘কথা মহাভাৰত, ‘কথা ৰামায়ণ’ (অনূদিত গ্রন্থ), ‘এ জয় ৰঘুৰ নন্দন’ গ্রন্থৰ জৰিয়তে ভাৰতীয় সাহিত্য-সংস্কৃতি-সভ্যতাৰ চিৰন্তন ৰূপক অসমীয়া ভাষাত পুনৰ তুলি ধৰি ভাৰতীয় ঐতিহ্যৰ প্রতি শ্রদ্ধাশীল মনোভাব প্রকাশ কৰাই নহয়, মানুহৰ সু-শৃংখল, শান্তিপূর্ণ জীৱন-যাপনত ইয়াৰ প্রভাৱশীল ৰূপক মানুহৰ অন্তৰত প্রতিষ্ঠা কৰিবলৈ প্রয়াস কৰি থৈ গৈছে৷ তেওঁ সংস্কৃত বিকাশ মঞ্চ, অসমৰ দীর্ঘদিন ধৰি সভাপতি পদত অধিষ্ঠিত হোৱাৰ উপৰি নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্রতিষ্ঠাপক সভাপতি আছিল৷ শইকীয়াৰ মৃত্যুত অসম সাহিত্য সভা, নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জিলা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা সমিতি, নগাঁও মহাবিদ্যালয়, নৱৰূপ জাতীয় বিদ্যালয়, কলংপাৰ কাকত গোষ্ঠী, নগাঁও ইলেক্ট্রনিক মিডিয়া এছচিয়েশ্যন, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা বার্জীৱী সংঘ, নগাঁও প্রেছ ক্লাব আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, প্রাক্তন বিধায়ক গিৰীন্দ্র কুমাৰ বৰুৱাই সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি শইকীয়াৰ মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰে৷ শইকীয়াই লেখিকা পত্নী চাৰু শইকীয়াসহ পুত্র-কন্যা আৰু বহু আত্মীয়ক এৰি থৈ যায়৷ বিশিষ্ট সাহিত্যিক প্রদীপ শইকীয়াৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্র নগাঁওবাসী৷ সাহিত্য-সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্রখনৰ লগতে সমাজ জীৱনৰ উত্তৰণৰ হকে সদায়ে জাতীয় দায়িত্ব পালন কৰি অহা শইকীয়াৰ মৃত্যুত নগাঁও একপ্রকাৰে অভিভাৱকহীন হৈ পৰিল৷ শইকীয়াৰ বিয়োগত নগাঁৱৰ বিশিষ্ট সাহিত্যিক উপেন্দ্র বৰকটকীয়ে কয়– ছাৰৰ মৃত্যুত নগাঁৱৰ সমাজখনৰ অপূৰণীয় ক্ষতি হ’ল৷ বিশিষ্ট সাহিত্যিক, গৱেষক পণ্ডিত তিলক চন্দ্র মজুমদাৰে সাহিত্যিকজনৰ বিয়োগত শোক প্রকাশ কৰি কয় যে হঠাৎ নগাঁও কলেজৰ প্রাক্তন অধ্যক্ষ প্রদীপ শইকীয়াৰ বিয়োগৰ বাতৰি পাই মর্মাহত হৈছোঁ৷ বিশিষ্ট কবি ডাঃ প্রয়াগ শইকীয়াই সাহিত্যিকজনৰ বিয়োগ অসমৰ সাহিত্য জগতৰ লগতে শৈক্ষিক ক্ষেত্রৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে৷