জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত ৪৬ কোটি টকাৰ কেলেংকাৰিৰ বিষয়টো তদন্ত কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ তদাৰকী কোষক সামগ্রী ক্রয়ৰ ক্ষেত্রত হোৱা অনিয়মৰ সমগ্র বিষয়টো তদন্ত কৰাৰ বাবে নির্দেশ দিয়ে৷ উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাখনো আঁচনি বিশেষকৈ পাঁচটা ম’বাইল ৱাটাৰ ট্রিটমেণ্ট প্লেণ্ট, ২১ হাজাৰ ৱাটাৰ ফিল্টাৰ ক্রয় ইত্যাদিৰ ক্ষেত্রত এই দুর্নীতি সংঘটিত হৈছিল৷ আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী সোণোৱালে কয় যে দুর্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব৷ প্রতিটো বিভাগৰ আঁচনিয়ে যাতে স্বচছভাৱে ৰূপায়িত হয় আৰু সমাজৰ দৰিদ্রতমজনেও যাতে চৰকাৰী প্রতিখন আঁচনিৰ সুফল লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে কোনো ধৰণৰ দুর্নীতি সহ্য নকৰে বুলি মুখ্যমন্ত্রীয়ে কয়৷ জনস্বাস্থ্যৰ লগত প্রত্যক্ষভাৱে জড়িত বিভাগটোৰ এই দুর্নীতিৰ বিষয়ে সবিশেষ তদন্ত কৰা হ’ব আৰু দুর্নীতিত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷