অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাই নতুন একো ৰূপ বা মোৰ লোৱা নাই৷ তাহানিৰ একেটা ৰূপ বা মোৰেইহে ভয়াৱহ মাত্রা লাভ কৰিছে৷ সেই মাত্রা আগ্রাসনৰ৷ দীর্ঘ কাল জুৰি নগা লোকে আৰু নাগালেণ্ড চৰকাৰে অসমৰ সাংবিধানিক সীমা উলংঘা কৰি অসমৰ মাটি, হাবি দখল কৰি গছ-গছনি কাটি বনাঞ্চল তহিলং কৰি আহিছে৷ নগাই সাংবিধানিক সীমা, ভূপিন্দৰ সিং সমিতি প্রতিবেদন, উচচতম ন্যায়ালয়ৰ ৰায় একো নামানে৷ কাৰণ, তেওঁলোকৰ হাতত দা, যাঠি, জোং আৰু বন্দুক আছে যিবিলাকৰ ওচৰত লাচিত আৰু গদাধৰ সিংহৰ বংশধৰ অসম চৰকাৰ আৰু চান্দাজীৱি পথ অৱৰোধকাৰী টায়াৰ প্রজ্বলনকাৰী, ‘তীব্র আৰু জংগী আন্দোলন’ৰ হুংকাৰ দাতসকলেহে নালাগে, হস্তিনাপুৰ-ইন্দ্রপ্রস্থৰ আর্যযাৱর্তৰ কংগ্রে’ছ চৰকাৰ, জনতা চৰকাৰ ভাৰতীয় জনতা পার্টীৰ চৰকাৰ আটায়ে সেও মানি আহিছে৷
এতিয়া নাগালেণ্ড চৰকাৰ, নগা উগ্রপন্থী সংগঠন আৰু সর্বসাধাৰণ নগা লোক আটায়ে একত্রিত হৈ অসমৰ ওপৰত জঁপিয়াই পৰিছে৷ বহু বছৰ ধৰি এই আটায়ে অস্ত্র-শস্ত্র লৈ আহি অসমৰ মাটি দখল কৰি ঘৰ-দুৱাৰ, চৰকাৰী কার্যযালয়, হাট-বজাৰ আৰু শিক্ষানুষ্ঠান পাতি মহকুমা স্থাপন কৰিছে, চৌদিশে নাগালেণ্ড আৰু নাগালেণ্ড চৰকাৰৰ নাম ফলক লগাইছে, হাবি-বননি কাটি খাস্তাং কৰিছে, অসমৰ খেতিয়কৰ পথাৰৰ সোণালী ধান কাটি ডকা-হকা দি লৈ গৈছে, হঁাহ-কুকুৰা, গৰু-ম’হ ছাগলী আদি পশুধন কাঢ়ি নিছে, বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি চিকাৰ কৰি নিছে, অসমৰ মানুহক ডাবি-ধম৲কী আৰু প্রাণে মৰাৰ ভাবুকি দি সিবোৰৰ পৰা ‘নগা কৰ’ আদায় কৰিছে আৰু, আনহাতে, নেহৰু-গান্ধী-দেসাই (‘দেশাই’ DESHAI? নহয়)- সিং-দেৱেগৌড়া-গুজৰাল-ৱাজপেয়ী-সিং-মোদী চৰকাৰ আৰু চলিহা-চৌধুৰী-সিং-বৰবৰা-শইকীয়া-মহন্ত-গগৈ-সোণোৱাল চৰকাৰে নগাৰ ভয়ত থৰহৰি কম্পমান হৈ থম থমকৈ অৱস্থান ধর্মঘট কৰি আহিছে৷
দৰাচলতে, শান্তি স্থাপনৰ নামত জয়প্রকাশ নাৰায়ণ, ৰে’ভ৲ৰে’ণ্ড৲ মাইক৲ল৲ স্কট৲ আৰু বিমলা প্রসাদ চলিহাৰে গঠিত ‘শান্তি অভিযান’ (পীছ৲ মিশ৲ন৲)-এ বনৰীয়া হঁাহৰ পিছত দৌৰি নগা ৰাজ্য বা নাগালেণ্ডক অসমৰ অবিচেছদ্য অংগ, প্রতাপী কছাৰী ৰাজ্যৰ প্রাচীন ৰাজধানী ডিমাপুৰ নগৰখন এখন কাঁহীত তুলি (অন৲ এ’ প্লেটা(ৰ৲)) নগাক দি দিয়াৰ পাছৰে পৰা এবাৰ মানুহৰ তেজৰ সোৱাদ পোৱা বাঘ নৰখাদক হৈ পৰাৰ দৰে, অসমৰ মাটিৰ বাবে নগাৰ লোলুপ দৃষ্টি আৰু সাহস বাঢ়ি গ’ল৷ ক্রমাৎ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমাৰ কাষৰ কার্বি আংলং, (এতিয়া পশ্চিম কার্বি আংলং নামে আৰু এখন), গোলাঘাট, যোৰহাট, শিৱসাগৰ (এতিয়া বিভাজনৰ পাছত নতুনকৈ চৰাইদেউ) আৰু তিনিচুকীয়া জিলাত নগা ৰাইজ, নগা উগ্রপন্থী সংগঠন আৰু নাগালেণ্ড চৰকাৰৰ যৌথ প্রচেষ্টাত সম্প্রতি অসমৰ মাটিত আক্রমণটো এটা নৈমিত্তিক ৰাজনৈতিক-সামৰিক প্রক্রিয়াত পৰিণত হৈছে৷
পৰম বিস্ময়কৰ কথা যে এখন সার্বভৌম ৰাষ্ট্রই আন এখন ৰাষ্ট্র আক্রমণ কৰাৰ দৰে ভাৰত ৰাষ্ট্রৰ অন্তর্গত এখন ৰাজ্য নাগালেণ্ডে একেখন ৰাষ্ট্রৰে আন এখন ৰাজ্য অসমৰ ওপৰত পূর্ণ পর্যযায়ৰ আক্রমণ চলাই আহিছে আৰু অসম চৰকাৰৰ সীমান্ত বাহিনী হাত সাৱটি বহি আছে আৰু সময়ে সময়ে পলাই নিজৰ ৰাজ্যৰ অধিক ভিতৰলৈ সোমাই আহিছে আৰু কার্যযতঃ নগাক সেই মাটি এৰি দিছে৷ অথচ তাহানি চু্যপিমফা, চু্যহুংমুং, চু্যক্লেনমুং, চু্যচেনফা (প্রতাপ সিংহ) আৰু চু্যপাতফা (গদাধৰ সিংহ) আদি স্বর্গদেউসকলে সাম, দান, দণ্ড, ভেদ আদি নীতিৰে কেৱল নগাসকলকে নহয়, উত্তৰৰ উদণ্ড, জংগী ডফলা, মিচিমি আদি পাহাৰীয়া জাতিবিলাকৰ সঘন আক্রমণ আৰু অত্যাচাৰ কেনেকৈ দমন কৰিছিল, সেই বিষয়ে বুৰঞ্জীৰ নাম মাত্রও জ্ঞান নথকা আমাৰ ইখনৰ পাছত সিখনকৈ চৰকাৰ, ইজনৰ পাছত সিজনকৈ মুখ্যমন্ত্রীয়ে চূড়ান্ত কাপুৰুষালিৰ পৰিচয় দি আহিছে৷
কোনো এখন চৰকাৰে নিজেতো বিষয়টো কেন্দ্রীয় চৰকাৰৰ আগত পুংখানুপুংখভাবে দাঙি ধৰিবৰ বাবে বা নিজৰ আৰক্ষী বাহিনীক নগা আৰক্ষী আৰু উগ্রপন্থীৰ আক্রমণৰ বিৰুদ্ধে সামৰিক উত্তৰ দিবলৈ নির্দেশ দিবতো পৰা নায়েই, সমস্যাটো বিধান সভাত আলোচনাৰ বাবে উদ্যোগ ল’বলৈও বুকুত সাহস গোটাবলৈ উশাহটো সলাব পৰা নাই৷ চাপৰিলে মেঘ আঁতৰি নাযায়৷ কিন্তু অসম চৰকাৰলৈ দয়া পৰৱশ হৈ অসমৰ আকাশৰ ওপৰত থকা এই কলীয়া ৰাজনৈতিক মেঘ নিজে নিজে আঁতৰি যাব বুলি আশা পালি অসমৰ ‘জাতীয় চৰকাৰ’ বহি আছে৷
২০১২ চনত এখন সভাৰ উদ্দেশ্যে তিতাবৰলৈ যাওঁতে মই মেৰাপানী অঞ্চললৈও গৈছিলোঁ৷ তেতিয়া দেখিছিলোঁ সেই অঞ্চলৰ অসমৰ সীমান্তবাসী ৰাইজে কিমান আতংকৰ মাজত দিন কটাইছিল৷ সেইফালে নাগালেণ্ডৰ ভিতৰৰ অঞ্চলৰ বাট-পথৰ অৱস্থা অত্যন্ত জঘন্য৷ উগ্রপন্থী বাইক চালকসকলে নিজে সিবোৰৰ ওপৰেদিয়েই তীব্র গতিত বাইক চলায়, কিন্তু উগ্রপন্থী বিৰোধী অভিযানকাৰী দলৰ সুবিধা হ’ব পাৰে বুলি সেইবোৰ বাট-পথৰ উন্নয়ন কৰিবলৈ নিদিয়ে নাজিৰাৰ ওচৰৰ গেলেকীত ৰঙাচিলা দুৱৰাৰ ঘৰৰ বদন বৰফুকন আৰু তস্য পুত্র জন্মি ফুকন, পিয়লি ফুকন আদিৰ পৈতৃক ঘৰ৷ পিচে, নগাই অসম চৰকাৰৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ তোলাও কৰিলে৷
আবেলি হ’লেই মেৰাপানী, গেলেকী আদি ঠাইত ত্রাসৰ আন্ধাৰ নামি আহে৷ নগাই গেলেকী অঞ্চলটোতো দাবী কৰিছেই, শেহতীয়াকৈ স্বয়ং নাজিৰাও দাবী কৰা বুলি বাতৰি ওলাইছে৷ নাজিৰা মোৰ জন্ম স্থান৷ নাজিৰা মানে বিখ্যাত জয়খামদাংখাত, লখিমীপুখুৰী, স্বর্গদেউসকলৰ নৌ-বাহিনীৰ বাবে মাৰ নাও, বৰ নাও, হাত নাও, পানচৈ নাও আদি তৈয়াৰ কৰা নাওশাল আৰু নাওশলীয়া গাঁও নাজিৰা মানে জয়মতী কুঁৱৰীৰ পিতৃ দেৱতা লাইথেপেনা বৰগোহঁাইৰ মৈদাম সাৱটি থকা মাদুৰি গাঁও৷ দিখৌ নৈৰ পশ্চিম পাৰে নাজিৰা৷ সিপাৰে পূবত গড়গাঁও নগৰ– আহোমৰ শৌর্যয-বীর্যযৰ প্রতীক৷ সেই নাজিৰাকো লাগে নগাক৷ অথচ অসম চৰকাৰৰ নাই একো সাৰ-সুৰ৷ নাই সাৰ-সুৰ কোনো বিৰোধী দলৰ৷ কিছুমান দলৰ বিধায়কে নাজানে গড়গাঁও কি, খায়নে কাণত পিন্ধে৷
বছৰদিয়েক পূর্বে চৰকাৰে অসম-নাগালেণ্ড সমস্যা সমাধানার্থে ৰাইজৰ মতামতৰ শুনানি গ্রহণ কৰি চৰকাৰক পৰামর্শ দি প্রতিবেদন দাখিল কৰিবৰ বাবে ‘ভায়ৰালা আয়োগ’ নামে এখন আয়োগ গঠন কৰি দিছিল৷ আয়োগে জাননী যোগে পৰামর্শ আহবানো কৰিছে৷ মঞি অভাজনেও যথাস্থানত এলানি মতামত আৰু পৰামর্শসহ এখন স্মাৰক পত্র জমা দি শুনানিৰ বাবে নিমন্ত্রণৰ আশা পালি ভালেদিন বোন্দাপৰ দি ৰ’লোঁ৷ নিমন্ত্রণতো নাহিলেই, আয়োগৰ শুনানিও নহল৷ আয়োগ বাষ্প হৈ উৰি গ’ল৷ তাহানি অটল বিহাৰী ৱাজপেয়ীৰ প্রধান মন্ত্রিত্বৰ কালত, অবৈধ প্রব্রজনকাৰী (ন্যায়াধিকৰণৰ যোগে নির্ধাৰণ) আইন, ২০১৩ (আই, এ’ম৲ (ডী টী), ২০১৩)খন বাতিল সন্দর্ভত মতামত গ্রহণ কৰি পৰামর্শ আগবঢ়াবলৈ গৃহ মন্ত্র্যালয়ৰ স্থায়ী সংসদীয় কমিটীৰ অধ্যক্ষ প্রণব মুখার্জীৰ অধ্যক্ষতাতো এখন সমিতি পাতি দিছিল৷ তালৈও স্মাৰক পত্র পঠিয়াই নিমন্ত্রণৰ বাবে বাট চাই ৰ’লোঁ৷ প্রণব বাবু সমস্ত বিষয়টোৰ ওপৰত বহি থাকিল৷ সময় পাৰ হৈ গৈ থাকিবলৈ দিলে৷ ইতিমধ্যে নির্বাচন হ’ল আৰু নতুন চৰকাৰ হ’ল৷ সংসদীয় সমিতিৰ গুপ্ত উদ্দেশ্যও নিপাতনে সিদ্ধ হ’ল৷ প্রণৱ বাবুৰ মনোবাঞ্ছাও পূর্ণ হ’ল৷
নগাই একো নামানে৷ চৰকাৰে নাগালেণ্ডত লাখ লাখ কোটি টকা ঢালিছে৷ সকলো নগ’লেও বুজন পৰিমাণৰ টকা মন্ত্রী, আমোলা আৰু ঠিকাদাৰৰ জেপলৈ গৈছে৷ কেন্দ্রীয় চৰকাৰে একো নকৰে৷ মাথোন তেল-তুল মাৰি যেনে তেনে সন্তুষ্ট কৰি ৰাখিব লাগে৷ ডাঃ ভূমিধৰ বর্মন ৰাজহ মন্ত্রী হৈ থাকোঁতে ২০০৮ চনত বিধান সভাৰ ভিতৰত তেখেতে ঘোষণা কৰিছিল যে অসমৰ ৬৭,০০০ হে’ক্টৰ মাটি নগাৰ দখলত আছিল৷ আছিল মানে এতিয়াও আছে৷ ২০১০ চনত অৰুণাচলী মানুহে তদানীন্তন শিৱসাগৰ জিলাৰ (বর্তমান চৰাইদেউত) চৰাইপুং নামৰ ঠাইলৈকে আগুৱাই আহি অসমৰ মাটিত আৰু মানুহৰ ওপৰত চূড়ান্ত উপদ্রৱ চলাইছিল৷ ঘটনা সংঘটিত হোৱা বিপদজনক ঠাইলৈ নিজে কেতিয়াও নগৈ আনক পঠিওৱা তৰুণ গগৈয়ে (শিৱসাগৰ জিলাৰ মন্ত্রী ৰূপে) প্রণৱ গগৈক পঠালে৷ প্রণৱ গগৈয়ে অৰুণাচলী আৰক্ষীক অসম আৰক্ষীৰ স’তে যুটীয়াভাবে পৰিস্থিতি নিৰীক্ষণৰ বাবে অসমৰ ভিতৰৰ প্রখ্যাত চৰাইপুঙত আৰক্ষীৰ শিৱিৰ পাতিবলৈ দিলে৷ মই তেতিয়াই বিভিন্ন কাকতৰ যোগে চৰকাৰৰ মেৰুদণ্ডহীনতাৰ পৰিচায়ক সেই লজ্জাজনক কামৰ প্রতিবাদ কৰিছিলোঁ৷ ব্যক্তিৰ সামর্থযৰ দৌৰ কিমান?
নগাই একো নামানে, কাকো কেৰেপ নকৰে৷ অসম চৰকাৰে আত্মৰক্ষাও নকৰা দেখি আৰু ভাৰত চৰকাৰৰ গোপন উদ্দেশ্য বুজি পোৱা অসম-নাগালেণ্ড৲ সীমান্তস্থিত কেন্দ্রীয় চৰকাৰী সশস্ত্র বাহিনীসমূহো নগাৰ অসম আক্রমণত নিষ্ত্রুিয় হৈ বহি থকা দেখি নগাৰ সাহ ক্রমাৎ বাঢ়ি গ’ল৷ তৰুণ গগৈৰ মুখ্য তথা গৃহ মন্ত্রিত্বৰ কালত নগাই এবাৰ অসমৰ সীমান্তৰ ভিতৰত সোমাই উপদ্রৱ কৰি এজন দণ্ডাদীশকো হত্যা কৰাৰ পাছত, নিজে ঘটনাস্থলীলৈ যাবলৈ ভয় কৰা গগৈয়ে গৃহ বিভাগৰ উঠি ৰজা ৰকিবুল হুছেইনক পঠালে ‘ঘটনাৰ বুজ ল’বলৈ’৷ হুছেইনে নিয়ম মাফিক কিছু ঠাই পৰিদর্শন কৰিলেগৈ, কিন্তু সংশ্লিষ্ট বিষয়াবর্গই আচল ঘটনাস্থলী তিনি কিলোমিটাৰমান দূৰত বুলি কৈ তালৈ যোৱাৰ প্রস্তাৱ দিয়াত হুছেইন চাহাব গুৱাহাটী অভিমুখেহে লৰা-লৰিকৈ গাড়ীত উঠিল বুলি সংবাদ মাধ্যমে ৰাইজক বতৰা দিলে৷
দুবছৰমান হোৱায়ে নাইনেকি, সীমান্তত সংঘটিত ঘটনাৰ পাছত প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল মহন্ত ঘটনাস্থলীলৈ যাওঁতে নগা আৰক্ষীয়ে মহন্তক আগ বাঢ়িবলৈকে নিদিলে৷ নগা উগ্রপন্থী, নাগালেণ্ড৲ চৰকাৰ আৰু নাগালেণ্ড৲ আৰক্ষীৰ মর্জি আৰু অলিখিত তালিম মতে চলা কেন্দ্রীয় সংৰক্ষিত বাহিনীয়েও চাইহে থাকিল৷ শেনটো যোৱাদি যোৱা মহন্তও তাৰে পৰা উভতি আহিবলগীয়া হ’ল৷ নিজে ক্ষমতাত থাকোঁতে একো কৰিব নোৱাৰা তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্রত শইকীয়া, প্রফুল্ল মহন্ত, অতুল বৰা আদিয়ে এতিয়া মুখ মেলিলে কি হ’ব? তাহানিৰ এ’ জী পী ডেইযৰ সোণোৱাল, কংগ্রে’ছ ডেইযৰ শর্মা, কাৰো একো উপায় নাই৷
নগাই একো নামানে৷ তাহানি ধর্মানন্দ দাস অসম চৰকাৰৰ মুখ্য সচিব হৈ থাকোঁতে অসম চৰকাৰ আৰু নাগালেণ্ড৲ চৰকাৰৰ মাজত হোৱা আমোলা পর্যযায়ৰ আলোচনাকে ধৰি সীমা বিবাদ সম্পর্কে বহুবাৰ বহু আলোচনা হ’ল, কিন্তু সকলো আলোচনাতে চাহৰ পিয়লা হাতত লৈ বিস্কিট আৰু কাজু বাদাম চোবোৱা আৰু কথা চোবোৱাৰ বাদে ফলাফল একো নহ’ল৷ অসমে কথা পাতিয়েই থাকিল আৰু নাগালেণ্ডে অসমৰ মাটি খায়েই থাকিল৷ সঁচানে মিছা, নাজানো– মাজতে এবাৰ এনেকৈও কথা ওলাইছিল বোলে অসম চৰকাৰৰ আমোলা-বিষয়াই মেজত মানচিত্র থৈ নাগালেণ্ডৰ আমোলা-বিষয়াক দৈয়াং, ৰেংমা, নামবৰ হাবি আৰু সাপেখাতী, বৰহাট, সৰুপথাৰ, হালোৱাটিং দেখুৱাই দেখুৱাই কথা কয়হে কয় আৰু বুজাব খোজেহে খোজে, কিন্তু সিসৱে হেনো বাৰেপতি কয় বোলে– ‘ঠিক আছে, ঠিক আছে, আমি বুজি পাইছে দে, মেপটো তুমিখানৰ লগতে ৰাখিবি, জমিটো আমিখানৰ লগতে থাকিব’৷
নগাসকলে ‘ইবোৰ-সিবোৰ’ কথা একো বুজিব নোখোজে, নুবুজে৷ তেওঁলোকে সার্বভৌম নাগালেণ্ড৲ নাপায় যেতিয়া, তেওঁলোকক বৃহত্তৰ নাগালিম লাগিবই৷ জমি লাগে, জমি৷ কেন্দ্রীয় চৰকাৰে সেই কথা ভালদৰে জানে৷ হস্তিনাপুৰ-ইন্দ্রপ্রস্থ চৰকাৰে এই কথাও জানে যে অৰুণাচলে আৰু মণিপুৰে মাটি এৰি দিয়াৰ আশা নাই৷ বছৰদিয়েক আগেয়ে নাগালিমৰ বাবে মাটি এৰি দিয়াৰ কথা ওলাওঁতে মণিপুৰী ৰাইজেতো বিধান সভা ভৱনটোকে জ্বলাই দিলে৷
নগাক সন্তুষ্ট কৰি নির্বাচন জিকিবৰ বাবেতো গুজৰাত (ট x) বা পাঞ্জাবত মাটি দিব নোৱাৰিহ্ল এতেকে মাটি ল’ব লাগিব লাচিত দিৱস পাতোঁতে পাতোঁতে পিত শুকোৱা অসম চৰকাৰৰ পৰাই৷ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পৰা তালিম লোৱা মনমোহন সিঙৰ ৰিলেই (Relay) তালিম লৈ হাত সাৱটি বহি থাকি এতিয়া সংবাদ মেল পাতি নাগালিমৰ গাঁথনি চুক্তি (ফ্রেইম৲ৱক৲র্ এগ্রীমে’ণ্ঢ৲৻) ৰাজহুৱা কৰিবলৈ দাবী জনাই থকা পোন্ধৰ বছৰীয়া গগৈয়ে আৰু ইন্দ্রপ্রস্থৰ দুই বছৰীয়া তথা প্রাগজ্যোতিষপুৰৰ ডেৰবছৰীয়া সোণোৱালেও সেই কথা ভালদৰেই জানে৷ সেয়ে, নিজৰ নিজৰ বেলিকা দুয়ো নিমাত৷ পেঁপা কাঢ়ি কাঢ়ি বেবাব লাগিব অসমৰ থলুৱাইহে৷ বহিৰাগতসকল,– পাৰ পালে ইপাৰ, পাৰ পালে সিপাৰ৷
জানিও নজনাৰ ভাও ধৰাসকলৰ বাদে আন লোকে এই কথা অস্বীকাৰ নকৰিব যে এখন ৰাষ্ট্রই আন এখন ৰাষ্ট্র আক্রমণ কৰি দখল কৰাৰ দৰে নাগালেণ্ডে বাৰম্বাৰ অসম আক্রমণ কৰি মাটি দখল কৰি থকা সত্ত্বেও কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ আৰু স্থানীয় প্রশাসনৰ নিষ্ত্রুিয়তা সন্দর্ভত মই অসংখ্যবাৰ আঙুলিয়াই দিছিলোঁ যে বৃহত্তৰ নাগালিম গঠনৰ স্বার্থত কেন্দ্রৰ কংগ্রে’ছ-জনতা-ভাৰতীয় জনতা পার্টীৰ চৰকাৰে অসম চৰকাৰক অলিখিত নির্দেশ দি থৈছে যে গাদীত বর্তি থাকিবলৈ হ’লে,– নাগালেণ্ডে অসমৰ য’তেই যি নকৰক লাগে, অসম চৰকাৰ নিষ্ত্রুিয় হৈ থাকিব লাগিব৷ আৰু, সেই অনুসাৰেই দিছপুৰেও নাগালেণ্ডৰ সমীপৱর্তী জিলাকেইখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিষয়াসকলক অলিখিত ৰিলেই নির্দেশ দি ৰাখিছে৷ নহ’লেনো বছৰদিয়েক আগেয়ে, অসমৰ মাজ মজিয়া, স্বর্গদেউসকলৰ শেষ ৰাজধানী, যোৰহাটত নাগালেণ্ড৲ আৰক্ষীৰ লোকে জীপ গাড়ী ৰখাই অসমীয়া মানুহক উত্তম মধ্যম শোধাই উদ্ভণ্ডালি কৰি থৈ যাব পাৰিলেহেঁতেননে? কিন্তু আজি হায়ৌ-বিয়ৌ কৰি থকা কোনো এটাও ৰাজনৈতিক দলে, মই বাৰম্বাৰ মাত মাতি থকা এনেবোৰ কথাত এষাৰ মাত মাতিছিলনে?
সাত ভনীৰ সম্প্রীতি৷ এইটোও মঞ্চত টেঁটু ফালি কোৱা এটা হঁাহি উঠা কথা৷ কাৰণ, অসমে সদায় দিব আৰু বাকীবোৰে সদায় নিব৷ এ’ন৲ এ’স৲ ছী এ’নৰ আইযাক৲ চিসি শু আৰু থুইং গালেং মুইভা গোটৰ লগত ভাৰত চৰকাৰে কৰা নাগালিমৰ ফ্রেইম৲ৱক৲র্ এগ্রীমে’ণ্টৰ পাছত বিষয়টোৱে এক নতুন মাত্রা লাভ কৰিছে৷ চৰকাৰী পর্যযায়ত অসমৰ অনুকূলে একো নহ’লেও, ‘সম্প্রীতিৰ হকে, উমৈহতীয়া সমস্যাৰ সন্তোষজনক সমাধানৰ স্বার্থত’ দীর্ঘদিন ধৰি একেলগে (কাম কৰি?) থকা বয়সস্থ বিদ্যার্থী নেতাসকলৰ পর্যযায়ত অত বছৰে কি কৰা হ’ল? নাগা স্তিউড৲ণ্ট৲ছ৲ ফে’ড৲ৰেইশ৲নৰ প্রাচীন নেতা এ’ন৲ এ’স৲ এ’ন লোথা আৰু গুঞ্জুম হাইদৰ সন্দর্ভত নে’ছ’ৰ দীর্ঘদিনীয়া অধ্যক্ষ সমুজ্জ্বল ভট্টাচার্যযৰ স্থিতি কি?