(যোৱা সংখ্যাৰ পাছৰ পৰা)
* ছবিখনত নোকোৱা কথাৰ ভিৰ বেছি৷ প্রিয়েন্দু হাজৰিকাৰ অৱচেতনৰ এটা বাটেৰেই সাম্প্রতিক সময়ৰ পৰা অতীতলৈ এটা বাট বিচাৰি লৈছে ছবিখনে কিন্তু সেইটো যেন খুব স্পষ্ট হোৱা নাই৷ সেই আধাৰটো, সেই নেদেখা বাটটো...
সাত্বন্না বৰদলৈ: আচলতে এইটো যিয়ে যেনেদৰে গ্রহণ কৰে তাৰ ওপৰত কথা৷ প্রিয়েন্দু হাজৰিকাই যে কিতাপখন পঢ়ে তাৰ লগত কথাখিনিৰ মিল আছে৷ সত্যৰ উপলব্ধিটোও অতীতৰ এটা বিশেষ দৃশ্যৰ অৱলোকনৰ মাজেৰেই তেওঁৰ হৈছে৷ সেই যে নাওখনৰ ওপৰত ল’ৰা এটা পৰি আছে, সেউজীয়াৰ মাজত... তাৰ মাজতে এটা সত্যৰ আভাস আছে, ই এনে এটা সত্য যিয়ে চকু পুৰি দিয়ে, হূদয় জ্বলাই দিয়ে৷ আচলত গোটেই বস্তুটো হয়তো সেই কিতাপখনতে সোমাই আছে যিখন প্রিয়েন্দু হাজৰিকাই তেওঁৰ অনুৰাগীৰ আগত পঢ়ি আছিল...
* আপোনাৰ প্রথম চিনেমা ‘অদাহ্য’ত মামণি বাইদেউৰ এটা গভীৰ মানৱীয় এটা কাহিনী আছিল আৰু সেইখনত কাহিনীটোৱেই মূল কথা আছিল৷ পোনপটীয়া ধৰণে কথাবোৰ কোৱা হৈছিল৷ কিন্তু এই চিনেমাখন এক ধৰণৰ বিমূর্ততাৰ মাজলৈ গুচি গৈছে৷ এই বিমূর্ততালৈ গতি কি ধৰণে হৈছে চিনেমা যাত্রাটোত৷ বিমূর্ততাৰ আঁৰৰ প্রেৰণাটো কি?
সাত্বন্না বৰদলৈ: সেইখন বাইদেউৰ কাহিনী লৈ কৰা হৈছিল নহয়– সেইবাবে সেইখনত মই বেছি ইফাল-সিফাল কৰিবলৈ সুবিধা নাছিল৷ এটা সীমাবদ্ধতা আছিল– তেওঁৰ বিষয়বস্তুটোৰ প্রতি মই শ্রদ্ধাশীল, দায়বদ্ধ হ’বই লাগিব৷ তাৰ মাজতো মই কিছু বস্তু ননা নহয়– যেনে তেওঁৰ কিতাপত নথকা এটা দৃশ্যৰ মই অৱতাৰণা কৰিছিলোঁ– সেই যে তেওঁ কৈছিল– তুমি কিমান ধুনীয়া আইনাৰ আগত চাইছানে? আৰু তাৰ পাছত তাই কাণত দোল এপাট পিন্ধি লয়লাসে আইনাত নিজকে চায়, সেইটো কিন্তু কিতাপত নাই৷ তথাপি বিষয়বস্তুটোকহে মই চিনেমাত প্রতিফলিত কৰিছোঁ গতিকে তাৰ বাহিৰলৈ যোৱাটোত অলপ অসুবিধাও আছিল৷ কিন্তু ‘ছিম্বলিক’ কাম তাতো আছিল৷ কিন্তু বহু কথা মানুহে বুজি পোৱা নাছিল হয়তো৷ ‘মাজ ৰাতি কেতেকী’ত মোৰ স্বাধীনতা আছিল৷
* ছবিখন চাই থাকোঁতে শুভবার্ চলিহা চৰিত্রটো যেতিয়া আহি যায় অৱধাৰিতভাৱেই এজন বৰেণ্য লোকৰ নাম মনলৈ আপোনা আপুনি আহি যায়– সৌৰভ কুমাৰ চলিহা৷ বিচৰা ধৰণে সৌৰভ কুমাৰ চলিহাৰ দ্বাৰা সেই চৰিত্রটো প্রভাৱিত নেকি?
সাত্বন্না বৰদলৈ: চৰিত্রটো মই যেতিয়া সৃষ্টি কৰিছিলোঁ তেতিয়া সচেতনভাৱে চলিহা ছাৰৰ কথা ভাবি অনা নাছিলোঁ৷ এজন মূৰ তুলি চাব পৰা লেখক, যিয়ে পাছৰ প্রজন্মৰ প্রতিনিধিসকলক অনুপ্রাণিত কৰিব পাৰে, তেনেকুৱা এজন সৎ মানুহ, সৎ লোকৰ চৰিত্র এটা মই সৃষ্টি কৰিবলৈ বিচাৰিছিলোঁ৷ কিন্তু লাহে লাহে মই দেখিলোঁ যে লেখকজন হৈ গ’ল সৌৰভ কুমাৰ চলিহা ছাৰৰ লগত মিল থকা– নিজে নিজে দেই, মই সচেতনভাৱে কৰা নাই৷
* শুভবার্টোও পৰোক্ষভাৱে–
সাত্বন্না বৰদলৈ: শুভবার্ তেওঁৰ৷ তেওঁৰ ‘ভাল খবৰ’ নামৰ লেখা এটা আছিল তাৰ বাবেই আহিল হয়তো শুভবার্৷ এইবোৰ মোৰ মনলৈ নিজে নিজে অহা৷ হয়তো মোৰ অৱচেতন মনত তেওঁ সদায় আছে৷
* আপোনাৰক্তঅৱচেতনত সৌৰভ কুমাৰ চলিহা আছে বুলি কৈছে, আপুনি নীলমণি ফুকনক ভাল পায় বুলি মই জানো৷ চিনেমাখনৰ বিমূর্ততাৰ সৈতে নীলমণি ফুকনৰ কবিতাৰ বিমূর্ততা, সৌৰভ কুমাৰ চলিহাৰ জীৱন আৰু সৃষ্টিৰ বিমূর্ততাৰ সৈতে কিবা সম্বন্ধ আছে নেকি?
সাত্বন্না বৰদলৈ: হয় হয়৷ ময়ো ভাবোঁ আৰু কথাটো মোক আনেও কৈছে৷ কথা হ’ল তুমি যদি ভাবা যে সৌৰভ কুমাৰ চলিহাই মোৰ শুভবার্ চলিহাৰ সৃষ্টিত প্রভাৱ পেলাইছে বা নীলমণি ফুকনৰ কবিতা এটাই ক’ৰবাত কিবা চাপ পেলাইছে তেন্তে মোৰ নিচিনা ভাগ্যৱান কোনো নাই বুলি মই ভাবোঁ৷
* আমি এটা কথা অনুভৱ কৰোঁ যে জীৱনে নিজে নিজেই নিজৰ যাত্রা পথত একো একোটা বিকল্প পথ উলিয়াই লয়, যাতে ইয়াৰ গতি স্তব্ধ নহয়৷ সৃষ্টিশীল কর্মৰ ক্ষেত্রতো সেই পথটো চৰিত্রবোৰক বা তাৰ জীৱনবোৰক নিজেই পথ উলিয়াই ল’বলৈ দিয়া ভাল বুলি ভাবোঁ৷ কিন্তু চিনেমাখনক আপুনি প্রায় প্রতিটো চৰিত্রকে একো একোটা পথ নির্ধাৰণ কৰি দিছে আৰু সেই পথেৰেই তেওঁলোক আগবাঢ়িছে৷ এই সমাধানমুখী পথবোৰে চিনেমাখনৰ পৰিসৰটোক অলপ সীমাবদ্ধ কৰি পেলোৱা নাইনে? আপুনি যদি এতিয়া চিনেমাখন চায় এই সমাধানবোৰ নথকা হ’লে অলপ বিস্তৃতিৰ সম্ভাৱনা আছিল যেন নালাগেনে?
সাত্বন্না বৰদলৈ: কথাটো হয়– কিন্তু কি জানা, সৰহভাগ দর্শকে সমাধান নিবিচাৰিলেও এটা অন্ত বিচাৰে৷ এটা অধ্যায় সমাপ্ত হোৱাটো বিচাৰে৷ মোৰ ভাব হ’ল– দর্শক হিচাপে মই কি বিচাৰিলোঁহেঁতেন? মোলৈ এটা সমাপ্তিবিহীন কাহিনী থৈ দিলে মই ভাল পালোঁহেঁতেন নেকি? মই ভাল নাপালোঁহেঁতেন৷ সেই কাৰণে মই এজন সাধাৰণ দর্শক হিচাপে ছবিখন যি ধৰণে চাবলৈ বিচাৰিম সেই ধৰণেই কথাবোৰ দেখুৱালোঁ৷ হয়তো এটা স্তৰ ওপৰলৈ গ’লহেঁতেন যদি মই কিছুমান গল্প মুকলি কৰি এৰি দিলোঁহেঁতেন৷ যেনে ধৰা– মেধি যদি ঘূৰি নাহিলহেঁতেন৷ কিন্তু কথা হৈছে মেধি ঘূৰি নহা হ’লে কাঞ্চা মোৰ কাৰণে অদৰকাৰী হ’লহেতেঁন৷ মই ইয়াকেই দেখুৱাব খুজিছোঁ যে ঘৰতেই আছে তোমাৰ সংসাৰ৷ কিন্তু দূৰলৈ বিচাৰি গৈছা৷ ভূপেন হাজৰিকাই কৈছে নহয়– ঘৰে ঘৰে আছে মোৰ আপোন জন– কিন্তু আমি দিহিঙে দিপাঙে বিচাৰি ফুৰোঁ৷
* এটা যোগাত্মক ভাবনাও আপুনি দিব বিচাৰিছে–
সাত্বন্না বৰদলৈ: হয়, হয়... এইবোৰ মোৰ ক’ব লগা কথা আৰু সেইখিনি মই ক’বলৈ চেষ্টা কৰিছোঁ৷ আপোন আৰু পৰৰ বিভেদবোৰৰ কথা স্পষ্ট কৰি দিবলৈ যত্ন কৰিছোঁ– মেধি, কাঞ্চা তেওঁৰ আমেৰিকাত থকা পুত্রৰ কথাবোৰৰ মাজেৰে৷
* আদিল হুছেইনৰ চৰিত্রটোৰ সম্ভাৱনাটোক যেন চিনেমাখনত ব্যৱহাৰ কৰা নহ’ল– এনে ভাব হয়, চাই থাকোঁতে–
সাত্বন্না বৰদলৈ: সেইটো মই স্বীকাৰ কৰোঁ৷ যদিও আদিল হুছেইনৰ চৰিত্রটো চিনেমাখনৰ কেন্দ্রীয় চৰিত্র আৰু বাকীবোৰে তেওঁক আৱর্তনহে কৰিছে কিন্তু মই যদি আদিলক ইয়াতকৈও বেছি বিকশিত কৰিব খুজিলোঁহেঁতেন তেন্তে হয়তো চিনেমাখনৰ সন্তুলন ক’ৰবাত হেৰালহেঁতেন৷ এনে ধৰণৰ এটা মোৰ ভাব হ’ল৷ কাৰণ আজিৰ গল্পটোত যিটো মোৰ ক’ব লগা কথা– দুর্বলজনক সদায়েই বঞ্চিত, শোষিত কৰি অহা হৈছে, সেয়া তেতিয়াও আছিল আজিও আছে৷ নিসংগতা আজিও আছে আগতো আছিল গোটেইখিনি প্রকাশ হৈছে বুলি মই ভাবোঁ৷ আমি যদিও আধুনিক হৈছোঁ– আমাৰ আচল কথাবিলাক একেই আছে৷ কোনোবাই উৰি যাব পাৰে, বাচি যায়, কোনোবাই নোৱাৰে৷ যদি দুয়োটা কথাকে মই সমানে বিকশিত কৰিবলৈ চেষ্টা কৰোঁ তেন্তে ই আৰু গধুৰ হৈ গ’লহেঁতেন৷ হয়তো মই নোৱাৰিলোঁহেঁতেন৷
* বাইদেউ, মই যদিও আজিহে আপোনাৰ সৈতে দীঘলীয়াকৈ কথা পাতিছোঁ– কিন্তু আপোনাক সুদীর্ঘ দিন ধৰি জানো৷ আপোনাৰ ব্যক্তিত্বই আমাক প্রভাৱিত কৰি আহিছে৷ আৰু ৰেডিঅ’ত শুনা আপোনাৰ মাতটোৱেই আমাৰ মনত আপোনাৰ ওখ সাংস্কৃতিক জীৱন আৰু ব্যক্তিত্ব সম্বন্ধে এটা সুদৃঢ় ধাৰণা আমাৰ মনত গঢ় দিছে৷ মই সুধিব খুজিছোঁ– আপোনাৰ এই সাংস্কৃতিক জীৱনটোৰ ভেটিটো কিদৰে নির্মাণ হৈছিল৷ আপোনাৰ সাংস্কৃতিক বোধটো কেনে পৰিৱেশৰ মাজেৰে, কোনবোৰ মানুহৰ সৈতে সম্পর্কৰ জৰিয়তে গঢ় লৈছিল?
সাত্বন্না বৰদলৈ: কিছু আচলতে মোৰ ডি এন এ বা জিন৷ মোৰ দেউতাই নাটক কৰি ভাল পাইছিল– চাকৰি সূত্রে তেওঁ বিভিন্ন ঠাইত ঘূৰি- ফুৰিছিল, কিন্তু য’লৈ যায় তেওঁৰ সৈতে একে চিন্তা আৰু ৰুচিৰ মানুহ অলপ গোট খুৱাই ক্লাব গঠন কৰিছিল, তাতে নাটক কৰিছিল৷ গতিকে সৰুৰে পৰাই আমি দেউতাৰ নাটক চায়েই ডাঙৰ হৈছোঁ৷ দেউতাক প্রথম প্রবীণ ফুকনৰ এখন নাটকত অভিনয় কৰা মই দেখিছিলোঁ৷ সেইটো আছিল মোৰ দেউতাৰ অভিনয় চোৱাৰ প্রথম স্মৃতি৷ তাৰ পাছত দেউতাক ভোগজৰাত লক্ষী সিংহ হোৱা দেখিছোঁ৷ আন্ধাৰ অডিটৰিয়াম এটাত বহি পোহৰৰ বর্ণময়তাৰ মাজত দেউতাৰ অভিনয় চোৱাৰ অভিজ্ঞতা আৰু স্মৃতিয়ে নিশ্চয় মোক অনুপ্রাণিত কৰিছিল৷ মোৰ দেউতাৰ এজন বন্ধু আছিল যুগল দাস৷ তেওঁ নাট্যকাৰ, নাট পৰিচালক৷ মোৰ শৈশৱত তেওঁৰ এটা ডাঙৰ অৱদান আছে৷ দেওবাৰৰ দুপৰীয়াবোৰ আমি তেওঁৰ ঘৰতে কটাইছিলোঁ৷ তেওঁ আমাক ছবি আঁকিবলৈ শিকাইছিল৷ মোৰ বাইদেউক বজাবলৈ শিকাইছিল... সেই মানুহজনৰ অৱদানৰ কথা মই ক’বই লাগিব৷ তাৰ পাছত হৈছে মোৰ মা৷ মোৰ মা সম্বন্ধত আগৰৱালা পৰিয়ালৰ প্রতিনিধি আৰু মাহঁতৰ মাজতো এটা সাংস্কৃতিক চেতনা আছিল৷ গতিকে সেইবোৰো আমি পাইছোঁ৷ আটাইতকৈ ডাঙৰ কথা আমি গান গোৱা, নাটক কৰা, একোতেই বাধা নাপাইছিলোঁ৷ কোনোদিন মা-দেউতাই মোক বাধা-নিষেধ কৰা, নিৰুৎসাহিত কৰা মোৰ মনত নাই৷
* ৰেডিঅ’ত আপুনি যথেষ্ট সময় কটাইছে–
সাত্বন্না বৰদলৈ: হয়৷ এই অধ্যায়টোৰ পাছতআছিল মহেন্দ্র বৰঠাকুৰ দাদা৷ তেওঁৰ ভূমিকাৰ কথা মই ক’বই লাগিব৷ মই তেতিয়া ডাক্টৰণী৷ মই প্রেয়সী বুলি এখন নাটক কৰিছিলোঁ৷ সেইখন চাই তেওঁ মোৰ বিষয়ে খুব লিখিলে– চিকিৎসক হৈ শাক বেচা ছোৱালী এজনীৰ ভূমিকা লৈ, কামৰূপীয়াত কথা-বতৰা কৈ কৰা অভিনয়ক তেওঁ খুব প্রশংসা কৰিছিল৷ তেওঁ সেইটোক এটা আশাৰ কথা বুলি কৈছিল৷ তাৰ পাছত আমি নাটকত ৰিহার্চেলত থাকিলে তেওঁ আহে আৰু কয়– বৰদলৈ আপুনি ৰেডিঅ’লৈ নাটক কৰিবলৈ আহক৷ তাৰ আগতে মই চেমনীয়াৰ চ’ৰাত অভিনয় কৰিছিলোঁ কিন্তু পাছলৈ মোৰ চিকিৎসা বিজ্ঞানৰ পঢ়া-শুনা আৰু অন্যান্য কাৰণত কথাটো পিছ পৰি আছিল৷ কিন্তু তেওঁ অডিশ্যনৰ ফর্ম নিজে মোৰ ওচৰলৈ লৈ আহিছিল আৰু কৈছিল যে– তুমি এইখন পূৰ কৰি মোৰ হাততেই দিবা, মই লৈ যাম৷ একেবাৰে অভিভাৱক সুলভ কাম৷ তাৰ পাছত মই কি নাটক কৰিছোঁ, কোনখনত কেনে কৰিছোঁ সকলো মন্তব্য মই পাওঁ তেওঁৰ পৰা৷ আৰু এগৰাকী আছিল নীলু চক্রৱর্তী৷ তেওঁলোক দুজনে মোক ইমান উৎসাহিত কৰিছিল যে মই ভাবিব নোৱাৰোঁ৷ ৰেডিঅ’ত মাতটোৰ ব্যৱহাৰ, কিদৰে মাতটোৰে দুখ-সুখ সকলো অনুভূতি ব্যক্ত কৰিব লাগে সকলো শিকিছোঁ নীলুদাৰ পৰা৷ আৰু মঞ্চৰ যিখিনি শিকিছোঁ সেয়া দুলালদাৰ পৰা শিকিছোঁ৷
* অদাহ্য কৰাৰ আগতে চিনেমাৰ সৈতে জড়িত কিবা কাম কৰিছিল নেকি?
সাত্বন্না বৰদলৈ: হয়, কিছু কাম কৰিছিলোঁ৷ কামটোও আকস্মিকভাৱে কৰা হৈছিল আৰু চিনেমাৰ আৰম্ভণিটো তাতেই৷ তুমি ৰাজু মজিদক জানানে– তেওঁ দূৰদর্শনৰ প্রযোজনাৰ কাম কৰিছিল৷ তেওঁ কিছুমান সৰু সৰু গল্পৰ চিত্রায়ণৰ কাম কৰিছিল৷ ১৫-২০ মিনিটৰ৷ মৃদুল গুপ্তাৰ সূত্রপাত নামৰ এখন ছবিৰ ছেটত আমি লগ হৈছিলোঁ৷ তেওঁ মোক কৈছিল, মই কিছুমান সৰু সৰু ছবি কৰিছোঁ আপুনি দূৰদর্শনলৈ আহিবচোন কেতিয়াবা৷ তেতিয়া দূৰদর্শন পাণবজাৰত আছিল৷ মই গৈছিলোঁ– এদিন গৈ মই তেওঁ কিদৰে চুটি গল্প এটাৰ চিত্রয়ণ কৰে তাকে চালোঁগৈ৷ মোৰ খুব ভাল লাগিছিল৷ আৰু মই নিজে নজনাকৈয়ে কেমেৰা আৰু অভিনয় সম্পর্কীয় কিছুমান কথা তেওঁক ক’লোঁ– ভিতৰৰ পৰাই আহিছিল সেয়া৷ ৰাজু মজিদ তেতিয়া আচৰিত হৈছিল– আৰু মোৰ ওপৰত তেওঁৰ এটা বিশ্বাস জন্মিছিল, ছবিৰ কাম কৰিব পাৰিম বুলি৷ তেওঁ মোক কিছুমান গল্প বিচাৰি দিবলৈ অনুৰোধ কৰিছিল৷ তাৰ দুমাহৰ পাছতে প্রান্তিকত মই এটা গল্প পঢ়িছিলোঁ– ডাঃ সুৰেশ চক্রৱর্তীৰ৷ আৰণ্যক৷ গল্পটোৱে মোক খুব অনুপ্রাণিত আৰু উত্তেজিত কৰি তুলিছিল আৰু গল্পটোৰ এটা চিত্রৰূপ পঢ়ি থাকোঁতেই মোৰ মনত ভাহি উঠিছিল৷ ৰাজু মজিদক গল্পটোৰ কথা কোৱাত তেওঁ মোকেই সেইটোৰ এখন চিত্রনাট্য কৰাৰ কথা কৈছিল আৰু মই সন্মত হৈছিলোঁ–লিখিছিলোঁও৷ মোৰ চিত্রনাট্য তেওঁৰ পচন্দ হৈছিল আৰু সেইখন পৰিচালনাৰ কামো মোক কৰিবলৈ অনুৰোধ কৰিছিল৷ সেয়াই আচলতে আৰম্ভণি আছিল–
* এইটো কোন সময়ৰ কথা আছিল?
সাত্বন্না বৰদলৈ: এয়া ১৯৮৯ চন মান হ’ব৷ তেতিয়াই চিনেমা সম্পর্কীয় বহু কথা শিকিছিলোঁ– সম্পাদনাৰ টেবুলত বহাৰ অভিজ্ঞতাও হৈছিল আৰু মোৰ এটা আত্মবিশ্বাসো তাতেই গঢ় লৈছিল– চিনেমাক লৈ এটা উত্তেজনা মনৰ মাজত সৃষ্টি হৈছিল৷ আৰু বিশ্ব চিনেমাৰ বিশাল ক্ষেত্রখনৰ প্রতি অবাক আৰু বিমুগ্ধ দৃষ্টিও মোৰ নিক্ষেপিত হৈছিল৷ তাৰ ছবছৰ পাছতেই মই অদাহ্য কৰিছিলোঁ–
* নতুন পৰিকল্পনা কৰিছে? নাটক বা চিনেমা?
সাত্বন্না বৰদলৈ: এখন নাটকৰ কথাও ভাবিছোঁ– সম্পূর্ণ হোৱা নাই৷ মোৰ নিজৰ স্ত্রুীপ্ট৷ ছবিৰ বাবেও এখন চিত্রনাট্য লৈছোঁ৷ বহুকেইখন চিত্রনাট্য লৈ খেলা কৰি আছিলোঁ আচলতে, এতিয়া তাৰে এখন লৈছোঁ৷ তাতো দুটা গল্প সমান্তৰালভাৱে আছে– তাক এতিয়া মই ক’ত শিল্পীতভাৱে চিনেমাত এটা সংযোগ বিন্দুলৈ আনিম তাক লৈ চিন্তা কৰি আছোঁ৷ মই ধৰি লৈছোঁ যে আৰু দুবছৰৰ ভিতৰত ছবিখন কৰিম৷
* আমিও আশা কৰিম সোনকালেই আৰু এখন ছবি আপোনাৰ পৰা পাম বুলি৷ আমাক ইমানখিনি সময় দিয়া বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷
সাত্বন্না বৰদলৈ: ধন্যবাদ৷ ময়ো আশা কৰিছোঁ ছবিখনৰ কাম সোনকালে কৰিব পাৰিম আৰু এইবাৰ যদি মোৰ ছবিত কোনো ষ্টাৰ নাথাকে তোমালোকেও প্রচাৰত সহায় কৰিবা বুলি আশা কৰিছোঁ৷
* নিশ্চয় বাইদেউ, আমাৰ সকলো সহযোগ আপোনালৈ থাকিব৷
Comments