বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে বিগত চাৰি বছৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক বৰপেটাৰোড সমন্বয় সন্মান বঁটা প্ৰদান কৰি আহিছে৷ এইবেলি এই বঁটা বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা শিক্ষাবিদ বৰপেটাৰ অক্ষয় কুমাৰ মিশ্ৰক প্ৰদান কৰা হয়৷কালি বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ মুকলি সভাত তেখেতক এই বঁটা প্ৰদান কৰে বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথে৷
বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদকদ্বয় কুলেন চৌধুৰী আৰু হিমাংশু দাসে আঁত ধৰা অনুষ্ঠানটোত বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ স্থায়ী সভাপতি ৰাম অৱতাৰ মহেশ্বৰী, বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, বৰপেটাৰোড পৌৰসভাৰ উপ-সভাপতি ফুলেন দাস, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস, বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি হিমাংশু ভড়ালী উপস্থিত থাকি তেখেতৰ মংগলময় জীৱন কামনা কৰে ৷
Comments