বৰপেটা চহৰকে ধৰি নামনি অসমৰ বৃহত্ অংশ আৰু হাজো-শুৱালকুছিক সংযোগ কৰি ৰে’লপথ নির্মাণৰ বাবে নামনি অসমৰ ৰাইজে দীর্ঘদিন ধৰি দাবী জনাই আহিছে যদিও প্রতিবাৰেই এই দাবী নস্যাত্ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজক বঞ্চনা কৰি আহিছে কেন্দ্রীয় চৰকাৰে৷
বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজে জনোৱা দাবীৰ ভিত্তিতে যোগীঘোপাৰ পৰা বৰপেটা-হাজো আৰু শুৱালকুছিক চুই যোৱাকৈ আমিনগাঁওলৈ এটা ৰে’লপথ নির্মাণৰ বাবে প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ এই প্রস্তাৱিত ৰে’লপথটো নির্মাণৰ বাবে চৰকাৰে দুবাৰকৈ জৰীপ কার্য সম্পন্ন কৰে৷ কিন্তু প্রতিবাৰেই ৰে’ল বাজেটত বৃহত্তৰ অঞ্চলটোৰ ৰাইজক বঞ্চনা কৰি আহিছে৷
প্রস্তাৱিত এই ৰে’লপথছোৱা সম্প্রতি বৰপেটাকে ধৰি নামনি অসমৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ পৰম আকাংক্ষিত হিচাপে বিবেচিত হৈছে৷ এই ৰে’লপথছোৱা নির্মাণৰ বাবে দীর্ঘদিন ধৰি দাবী জনাই অহা ‘যোগীঘোপা-আমিনগাঁও ভায়া বৰপেটা-হাজো-শুৱালকুছি ৰে’লপথ দাবী সমিতি’য়ে বিষয়টোক এক পণ হিচাপে গ্রহণ কৰিছে৷
এই দাবী সমিতিয়ে আজি দিল্লীৰ ৰে’ল ভৱনত ৰাজ্যিক ৰে’ল মন্ত্রী মনোজ সিন৲হাক সাক্ষাত্ কৰি এখন স্মাৰকপত্র দিয়ে৷ দাবী সমিতিৰ সভাপতি তথা ৰাজ্যসভাৰ প্রাক্তন সাংসদ কুমাৰ দীপক দাস, সমিতিৰ সম্পাদকদ্বয় ক্রমে ভূপেন ৰয় আৰু গুণীন্দ্র নাথ দাসৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে আজি দিনৰ প্রায় এঘাৰ বজাত দিল্লীৰ ৰে’ল ভৱনত ৰাজ্যিক ৰেল মন্ত্রী গৰাকীক সাক্ষাত্ কৰে৷ এই সময়ছোৱাতে সঁজাতী দলটোৱে ৰাজ্যিক ৰে’ল মন্ত্রী গৰাকীক এখন স্মাৰকপত্র প্রদান কৰে৷
স্মাৰকপত্রখনৰ যোগেদি সমিতিয়ে কয় যে, দীর্ঘদিনীয়া দাবীৰ পৰিপ্রেক্ষিতত উক্ত ৰে’লপথছোৱাৰ জৰীপ কার্য ২০১১ বর্ষতে সম্পূর্ণ কৰিছে৷ কিন্তু আজিলৈকে এই ৰে’লপথছোৱা নির্মাণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই৷স্মাৰকপত্রখনৰ জৰিয়তে দাবী সমিতিয়ে কয় যে, এই ৰেলপথছোৱা যদিহে নির্মাণ হয়, অঞ্চলটোৰ বৃহৎ সংখ্যক লোক লাভাম্বিত হ’ব আৰু অঞ্চলটোৰ দ্রুত উন্নয়ন হ’ব৷ স্মাৰকপত্রখনৰ প্রতিলিপি এটা কেন্দ্রীয় ৰে’লমন্ত্রী পীযুষ গোৱেললৈকো প্রেৰণ কৰে৷ আজিৰ এই সঁজাতী দলটোত ৰে’লপথ দাবী সমিতিৰ হৈ পুলিন পাঠক, কেশৱ শর্মা, সুব্রত সৰকাৰ আৰু প্রসেনজিত্ ওজাও উপস্থিত থাকে৷
Comments