অসমৰ সৰ্ববৃহত্ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই অচিৰে আত্মপ্ৰকাশ কৰিব ছচিয়েল মিডিয়াত৷ অসম সাহিত্য সভাৰ বা-বাতৰি আৰু অসমৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশ প্ৰকাশৰ বাবে ছচিয়েল মিডিয়াৰ দিশটো শক্তিশালী কৰাত সাহিত্য সভাই গুৰুত্ব দিছে ৷ তাৰ বাবে ছচিয়েল মিডিয়াৰ প্ৰশাসক হিচাবে নিযুক্তি দিয়া হৈছে সাংবাদিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰপেটাৰোডৰ জয়ন্ত কুমাৰ দাসক ৷
কালি অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গুৱাহাটীৰ কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ শৰ্মাৰ উপস্থিতিত দাসক এই নিযুক্তি-পত্ৰ প্ৰদান কৰে ৷ এই নিযুক্তি লাভ কৰি দাসে জনায় যে অতি সোনকালে অসম সাহিত্য সভাৰ বিভিন্ন কাৰ্যাৱলী ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিবৰ বাবে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, গুগল প্লাছ, লিংকইন, ওৱেব পৰ্টেইল আদি মাধ্যম সমূহ ব্যৱহাৰ কৰা হ’ব ৷
Comments