বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা জীয়াধল, কুমতীয়া, কঢ়া আৰু চামপৰা নৈৰ বাঢ়নী পানীৰে বুৰাই পেলালে ঢকুৱাখনাৰ ঘিলামৰাৰ বিস্তীর্ণ এলেকা৷
ক্রমাৎ বাঢ়ি অহা বাঢ়নী পানীৰ ফলত সোৱণশিৰি ৰাজহ চক্র এলেকাৰ লেজুৱা, মহবুল, চকলাগুৰি হাতীগড়, চিনাই, ব্লকমুখ, নপাম ত্রিমূন, দীঘলী, চুতীয়াকাৰীকে ধৰি ২০খনৰো অধিক গাঁও বানৰ কবলত পৰিছে৷ জলমগ্ন হোৱা গাঁওসমূহত ৰাইজে ঘৰত চাং পাতি নাইবা গড়কাপ্টানী পথৰ দাঁতিত শিবিৰ পাতি থাকিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷
ইফালে প্রশাসনে মাজিগাঁও প্রাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিবিৰৰ বানপীড়িত কেইবাটাও পৰিয়ালে আশ্রয় লোৱাৰ খবৰ পোৱা গৈছে৷ এই পর্যন্ত খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ যাৱতীয় ব্যৱস্থা নকৰাত সমস্যাৰ সন্মুখীন হৈছে বানাক্রান্ত৷ ইফালে বানৰ প্রকোপত ঘিলামৰা অঞ্চলৰ কেইবাটাও পথ, কালভার্টৰ বিস্তৰ ক্ষতি হোৱাত যাতায়াতত সমস্যাৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে অঞ্চলটোৰ শ শ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰি খেতিপথাৰ নষ্ট হোৱাৰ উপক্রম হৈছে৷
গোগামুখত জীয়াধল, কুমতীয়া, ন-নদী তাণ্ডৱ: গোগামুখৰ নিজা বাতৰি দিওঁতা: চাৰিদিন জলপ্রলয়ত আবদ্ধ হৈ থকা বন্যার্তক চৰকাৰ তথা ধেমাজি প্রশাসনে কোনোধৰণৰ বান সাহায্য প্রদান নকৰাত তীব্র ক্ষোভ বানাক্রান্তৰ৷ বানৰ মাজত বানাক্রান্তই বিনিদ্র ৰজনী কটাব লগীয়া হোৱাৰ লগতে তীব্র খাদ্য সংকটত ভুগিছে পশুধনসমূহ৷
আনহাতে ধেমাজিত জীয়াধল, কুমতীয়া আৰু ন-নদীৰ বানত ডুবিল শ শ হেক্টৰ বাওধানৰ কৃষিভূমি৷ বানত গেলি যোৱাৰ উপক্রম ধান৷ একেদৰে বানত উটি গৈছে কৃষকসকলৰ নাঙল-যুৱলি৷ উল্লেখযোগ্য যে আবৰ পাহাৰত মুষলধাৰ বৰষুণৰ ফলত ওফন্দি উঠা জীয়াধল আৰু ন-নদীৰ পানীয়ে হাহাকাৰ কৰি তুলিছে চৌদিশ৷
সাগৰ সদৃশ এই বানত বুৰ গৈছে বৰদলনিখনা কৃষ্ণপুৰ, নতুন গাঁও, গুড়ৰথালি, বগলীজান, পানীমেৰানী, মাজগাঁও, বুঢ়াকুঢ়ী, ভেবেলীভোমা, ভোমা পদ্মপুৰ, গোসাঁইবাৰী, মাজগাঁও, বণিয়াগাঁও, লতাক বেৰভঙা, লালুকীয়া, চুকীয়াকাৰী, বৰদৈ আদি গোগামুখ ৰাজহ চক্রৰ অর্ধ শতাধিক গাঁও৷ বানাক্রান্তৰ মাজত খাদ্য, খোৱাপানীৰ তীব্র সমস্যাৰ সৃষ্টি হৈছে৷
একাংশই নিজেই নাও দি আনিব লগীয়া হৈছে খাদ্য সামগ্রী়, অথচ চৰকাৰ, প্রশাসনৰ বিষয়টোত গুৰুত্ব নাই৷ আনকি এজনো চৰকাৰী বিষয়াই বানাক্রান্ত অঞ্চলত ভুমুকি নমৰা বুলিও অভিযোগ উঠিছে৷
কোকৰাঝাৰৰ নিজা বাতৰি দিওঁতা: কোকৰাঝাৰ জিলাৰ অন্তর্গত দোতমা বানত উফন্দি উঠা লংগ নৈত গা ধুবলৈ যোৱা দুটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, উক্ত মর্মান্তিক ঘটনাটো কালি বিয়লি সংঘটিত যোৱাৰ পাছত বাতৰি লিখাৰ পৰলৈ এটি শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে৷ আনপিনে আনটো মৃতদেহৰ সন্ধানত স্থানীয় গঞা ৰাইজৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ ৩০ জনীয়া দল এটাই তীব্র অভিযান অব্যাহত ৰাখিছে৷
কালি বিয়লি ৩মান বজাত দোতমাৰ মাওৰীয়া গাঁৱৰ ঘনকান্ত ব্রহ্মৰ ৭ বছৰীয়া কন্যা কবিতা ৰাণী ব্রহ্ম আৰু বিনয় মুছাহাৰীৰ ৮ বছৰীয়া কন্যা পাখি মুছাহাৰী লংগ নৈত গা ধুবলৈ যায়৷ কিন্তু উক্ত সময়ত হঠাতে লংগা নৈত প্রবল ধল আহে আৰু দুয়োটি শিশুক উটুৱাই লৈ যায়৷ স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰে যদিও কোনো শুংসূত্র নাপাই নিশা ন বজাত আৰক্ষীক অৱগত কৰে৷
সেইমর্মে আজি পুৱাৰ পৰা ধুবুৰী আৰু অভয়াপুৰীৰ পৰা অহা এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান আৰম্ভ কৰে৷ আনহাতে আজি স্থানীয় বিধায়ক ৰবিৰাম নার্জাৰীয়ে দুয়োটি শিশুৰ শোকাহত পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷ লগতে দুর্ভগীয়া পৰিয়াল দুটাক চৰকাৰী আর্থিক সাহায্য প্রদানৰ প্রতিশ্রুতি দিয়ে৷
বৰাকত মুখ্যমন্ত্রীৰ পৰিদর্শন: ১০০ কোটি টকা ঘোষণা: শিলচৰৰ নিজা বাতৰি দিওঁতা: বৰাকৰ তিনিওখন জিলাৰ বানৰ ক্ষয়-ক্ষতি আৰু সাহায্যৰ বাবে প্রথম পর্যায়ত ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব৷
১৯৮৯ চনৰ পাছত এইবাৰ যিহেতু ভয়াৱহ বান হৈছে, সেয়েহে জিলাৰ উপায়ুক্তসকলৰ পৰা ক্ষয়-ক্ষতিৰ সন্দর্ভত সম্পূর্ণ তথ্য লৈ চৰকাৰে ব্যৱস্থা ল’ব৷ দুর্নীতিক চৰকাৰে কোনো কাৰণতে কেতিয়াও প্রশ্রয় নিদিয়ে৷ সেয়েহে বৰাক উপত্যকাৰ বানত যিসকল ক্ষতিগ্রস্ত হৈছে, তেওঁলোকৰ সাহায্য নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়া হৈছে৷– এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷
বান পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কার্যসূচীৰে কালি বৰাকত উপস্থিত হৈছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ কালি তেওঁৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত প্রশাসনৰ সৈতে জিলা দুখনৰ বান পৰিস্থিতি বুজ লয়৷ দেওবাৰে পুৱা সম্পর্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে শিলচৰৰ গোপাল আখৰা পথত ভাৰত কেশৰী, ড০ শ্যামাপ্রসাদ মুখার্জীৰ সহকর্মী ডাঃ পি কে চক্রৱর্তী আৰু ৰামকৃষ্ণ মিছনৰ মহাৰাজৰ সৈতে চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সন্দর্ভত মত বিনিময় কৰে৷
পাছত শিলচৰৰ বালক বিদ্যালয়ৰ আশ্রয় শিবিৰত থকা লোকৰ সৈতে কথা পাতি বুজ লয়৷ তেওঁ শিলচৰৰ উপায়ুক্তৰ কার্যালয়ত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান পৰিস্থিতিৰ এখন পর্যালোচনা বৈঠকতো অংশগ্রহণ কৰে৷ উল্লেখযোগ্য যে বানৰ কবলত পৰি বৰাকত এই পর্যন্ত ২৩জন লোকৰ মৃত্যু হৈছে৷ মৃত ব্যক্তিৰ পৰিয়ালক চৰকাৰে এককালীন সাহায্য হিচাপে ৪ লাখকৈ টকা আদায় দিছে যদিও মুখ্যমন্ত্রী সোণোৱালক বৰাকৰ বানৰ ক্ষতিপূৰণ হিচাপে বিশেষ পেকেজ ঘোষণা কৰাৰো দাবী উত্থাপিত হৈছে৷