‘এতিয়াও লক্ষ্যত উপনীত হ’বলৈ বহু দূৰ বাকী৷ সেয়েহে নাগৰিকপঞ্জীৰ খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম কর্তন হোৱাক লৈ আমি ইমান উৎফুল্ল হোৱাৰ কোনো প্রয়োজন নাই৷’ এই মন্তব্য আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিত শর্মাৰ৷ আজি নতুন দিল্লীত এখন সংবাদমেলত শর্মাই কয় যে, বিদেশীমুক্ত এখন অসম গঢ়াৰ বাবে ২০০৯ চনৰ পৰাই আমি আইনী যুঁজ চলাই গৈছোঁ৷ এই যুঁজখন আৰু দীঘলীয়া হ’ব৷
আজি প্রকাশিত খচৰাৰ যোগেদি আমি মাত্র ৪০ শতাংশহে সফলতা অর্জন কৰিবলৈ সক্ষম হ’লোঁ বুলি জনাই তেওঁ লগতে কয় যে, এখন বিদেশীমুক্ত ভোটাৰ তালিকা প্রস্তুত হ’লেহে আমি এশ শতাংশ সফলতা লাভ কৰিম৷ বিদেশীমুক্ত ভোটাৰ তালিকা প্রস্তুত হ’লেই অসমৰ ৰাইজ সুৰক্ষিত হ’ব বুলি উল্লেখ কৰি শর্মাই বিদেশীৰ নামত বিগত ৩৩ বছৰে অসমত এখন ‘দোকান’ চলি আছিল বুলিও মত ব্যক্ত কৰে৷
আনহাতে নাগৰিকপঞ্জীৰ বিৰোধিতাত দিল্লীৰ পৰা ৰাষ্ট্রসংঘলৈকে বহু সংখ্যক অবৈধ বাংলাদেশী দালাল উঠি পৰি লাগিছিল বুলি উল্লেখ কৰি শর্মাই কয় যে, যিসকল লোকে নাগৰিকপঞ্জীৰ নামত হিন্দু-মুছলমানৰ মাজত যুদ্ধ লগাব খুজিছিল উক্ত লোকসকলক আমি চিনাক্ত কৰি উলিয়াব লাগিব৷ নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত এতিয়া বহুতৰ দোকান বন্ধ হোৱাৰ লগতে লুঙি, টুপী পিন্ধাসকলক কৰি অহা হাৰাশাস্তিও বন্ধ হ’ব৷
ইফালে নাগৰিকপঞ্জীৰ সন্দর্ভত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে যি মন্তব্য আগবঢ়াইছে সেই সন্দর্ভত শর্মাই কয় যে, নাগৰিকপঞ্জীৰ কাম আৰম্ভ হোৱাৰ পাছৰে পৰাই বেনার্জীয়ে নাগৰিকপঞ্জীৰ বিৰুদ্ধে মতামত ব্যক্ত কৰি আহিছে৷ এনে ধৰণৰ বিৰূপ মত ব্যক্ত কৰা বেনার্জীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ আৰু নাগৰিকপঞ্জীৰ সমন্বয়ক প্রতীক হাজেলাক আদালত অৱমাননাৰ গোচৰ তৰিবলৈকো আহবান জনায় শর্মাই৷
ইফালে নাগৰিকপঞ্জীত যিসকল সন্দেহজনক লোকৰ নাম থাকিব তেওঁলোকৰ ডি এন এ পৰীক্ষা কৰিব লাগে বুলি দাবী উত্থাপন কৰি তেওঁ কয় যে, চিনাক্ত হোৱা বাংলাদেশীসকলক বাংলাদেশলৈ ঘূৰাই পঠোৱাটো অসম্ভৱ৷ ইমান বৃহৎ সংখ্যক বাংলাদেশী লোকক যে দেশখনে ঘূৰাই লোৱাৰ কোনো আশা নাই বুলি জনাই তেওঁ কয় যে এনে অবাস্তৱ চিন্তা ত্যাগ কৰি চিনাক্ত হোৱা বাংলাদেশীসকলৰ ভোটাধিকাৰ কর্তন কৰি জব কার্ড দিয়া উচিত৷
আজিৰ সংবাদমেলত শর্মাই নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্রত চলাই যোৱা আইনী যঁুজখনৰ আঁৰত থকা থকা ব্যক্তি প্রদীপ ভূঞা (বৰদেউতা) আৰু বন্তী ভূঞাকো (বৰমা) ধন্যবাদ জনায়৷ তেওঁ কয় যে, বৰদেউতা-বৰমাৰ সহায় অবিহনে এই আইনী যুঁজখন আৰম্ভ কৰাটো সম্ভৱ নহ’লহেঁতেন৷ শর্মাই নাগৰিকপঞ্জী উন্নীতকৰণৰ শুনানি গ্রহণ কৰা ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিন্তন ফলি নৰিমানৰ লগতে নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাকো ধন্যবাদ জ্ঞাপন কৰে৷
আনহাতে আজি নতুন দিল্লীত আন এখন সংবাদমেলত প্রব্রজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচচতম ন্যায়ালয়ৰ অধিবক্তা উপমনু্য হাজৰিকাই কয় যে নাগৰিকপঞ্জী উন্নীতকৰণে অসমৰ খিলঞ্জীয়া জনগণক সুৰক্ষিত নকৰে৷ অসমৰ খিলঞ্জীয়া জনগণক সুৰক্ষিত কৰিবলৈ হ’লে ১৯৫১ চনৰ আধাৰত সংৰক্ষণ আইন প্রণয়ন কৰিবই লাগিব৷ তেওঁৰ মতে, নাগৰিকপঞ্জীৰ খচৰাত বহু সংখ্যক বাংলাদেশী লোকৰ নাম অন্তর্ভুক্ত হৈছে৷ কিয়নো কেন্দ্রীয় চৰকাৰে পূর্বতে নিজেই প্রকাশ কৰিছিল যে অসমত প্রায় ৮০ লাখ বাংলাদেশী আছে৷ এনেস্থলত খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম কর্তন হোৱাৰ পাছত বাকী ৪০ লাখ লোক ক’লৈ গ’ল বুলিও তেওঁ প্রশ্ন উত্থাপন কৰে৷
নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ পাছতহে অসমত কিমান সংখ্যক বাংলাদেশী আছে সেই কথা পোহৰলৈ আহিব বুলি জনাই তেওঁ কয় যে, চিনাক্ত হোৱা বিদেশীসকলক বাংলাদেশে যে গ্রহণ নকৰে সেয়া নিশ্চিত৷ গতিকে উক্ত লোকসকলক কি কৰিব সেয়া চৰকাৰে ৰাজহুৱাকৈ ব্যক্ত কৰা উচিত৷ অসমে ইতিমধ্যে বহু বিদেশীৰ বোজা গ্রহণ কৰিলে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় যে, আমি আৰু এজনো বাংলাদেশীৰ বোজা গ্রহণ নকৰোঁ৷ আনহাতে মেঘালয়, মণিপুৰ আদি ৰাজ্যই যিদৰে খিলঞ্জীয়াৰ বাবে সংৰক্ষণ আইন প্রণয়ন কৰিছে, ঠিক সেইদৰেই অসম চৰকাৰকো এখন আইন প্রণয়ন কৰিবলৈ দাবী তুলি তেওঁ কয় যে এনে আইন প্রণয়ন হ’লেহে অসমীয়া ৰাইজ সুৰক্ষিত হ’ব৷