নলবাৰী জিলাৰ নাথকুছিৰ ওচৰৰ থৈকাৰাকুছিত কালি নিশা এগৰাকী মহিলাক দলবদ্ধ বলাত্কাৰ কৰি বননিৰ মাজত পেলাই থৈ যোৱা ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, নাথকুছিৰ সমীপৰ দলৈগাঁও নিবাসী এগৰাকী বিবাহিতা মহিলাই কালি সন্ধিয়া নাথকুছিৰ গধূলি বজাৰলৈ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ আহিছিল। সুবিধা বুজি তিনিজন যুৱকে মহিলাগৰাকীক এখন ক’লা ৰঙৰ মাৰুতি এল্ট’ গাড়ীত উঠাই লৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে চিতলপুৰৰ মাজেৰে তীব্ৰ বেগেৰে আঁতৰি যায়। কিছু দূৰ যোৱাৰ পাছত থৈকাৰাকুছিত গাড়ীখন ৰোৱাত পুনৰ দুজন যুৱক গাড়ীত উঠে। উত্তৰ দিশে কিছুদূৰ আগবাঢ়ি গৈ এখন নিৰ্জন বননিত মহিলাগৰাকীক পাঁচ পাষণ্ডই দলবদ্ধভাৱে বলাত্কাৰ কৰে। তাৰ পাছত যুৱককেইজনে মহিলা গৰাকীক হাতে-ভৰিয়ে বান্ধি পেলাই থৈ গাড়ী লৈ পলায়ন কৰে।
পাছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰৰ গাঁৱৰ মানুহে গম পাই আৰক্ষীক খবৰ দিয়ে। টিহু আৰক্ষীয়ে নিশাই ঘটনাস্হলীত উপস্হিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত খাৰাধৰা নবাৰী গাঁৱৰ নুৰুল আলী (২৯) আৰু বকুল নাথ (২৮) নামৰ দুটা পাষণ্ডক কৰায়ত্ত কৰে। আনহাতে এই জঘন্য কাণ্ডৰ মূল নায়কস্বৰূপ গাড়ীখনৰ চালক গড়েমাৰী গাঁৱৰ কিশোৰ মোহন (২৯) আৰু খাৰাধৰা নবাৰীৰ মেৰাজুল আলী (২৭) আৰু ৰূপধন আলী (২৬) নামৰ পাষণ্ড তিনিটা পলাতক অৱস্হাত আছে। অৱশ্যে আৰক্ষীয়ে ঘটনাত ব্যৱহৃত এল্ট’ গাড়ীখন (এ এছ ০১-ডি জি ৩০৫৬) কিশোৰৰ গড়েমাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত নুৰুল আৰু বকুলক টিহু আৰক্ষীয়ে সোধ-পোচ কৰাৰ পাছত নলবাৰী জে’ললৈ প্ৰেৰণ কৰে। তদুপৰি নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰেন মোছাহাৰী আৰু টিহু থানাৰ চক্ৰ পৰিদৰ্শক সুৰেশ চন্দ্ৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক পাষণ্ড কেইটাক কৰায়ত্ত কৰিবৰ বাবে চেষ্টা চলাই আছে।
ইফালে এনে জঘন্য ঘটনাৰ খবৰ পোৱাৰ পাছতে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠে আৰু শীঘ্ৰে আটাইকেইটা পাষণ্ডক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়।