এইবাৰ কবিতাৰ কথা চিন্তা কৰি থাকোঁতে বেদৰ কথা ভাবিলোঁ৷ কবিতাত অন্তর্নিহিত শব্দ ব্রহ্মৰ কথা ভাবিলোঁ৷ বেদ বোলে পৰম ব্রহ্মৰ চৰম প্রকাশ, বেদক আপ্তবাক্য বোলা হয়, বেদৰ প্রমাণ বেদহ্ল তথাপি বেদক জানিবলৈ-বুজিবলৈ বেদাংগ আছে৷ আর্য হিন্দুৰ মহৎ গ্রন্থ বেদৰ অধ্যয়ন কার্যত তথা বেদমন্ত্রৰ ব্যাৱহাৰিক দিশটোৰ স্বৰূপোলব্ধিৰ বাবে বেদাংগ সাহিত্যৰ সৃষ্টি হৈছে৷ কবিতা কবিতাই৷ তথাপি এই কবিতাৰ মমোর্পলদ্ধিৰ বাবে আমাৰ চিন্তা-চর্ৰ অন্ত নাই৷ কবিতা বিশাল়, সভ্যতা, সংস্কৃতি, দর্শন, বুৰঞ্জী সকলো সামৰি কবিতাৰ পৰিসৰ, বেদৰ দৰেই কবিতাক মূল্যাংকন কৰিবলৈ লিখিত-অলিখিত অনেক বিধান আছে৷ বেদ অধ্যয়নৰ বাবে পুণ্যধৰ মানুহকো বেদৰ বিষয়ক শিক্ষাৰ প্রয়োজনৰ দৰে, কবিতাপ্রেমী মানুহকো শিক্ষাৰ প্রয়োজন৷ কবিকো৷ পাঠককো৷ কবিতা পাঠ কৰিবলৈ যিদৰে স্বৰজ্ঞান দৰকাৰ, কবিতা এটি হদয়াংগম কৰিবলৈও পাঠকৰ উদাত্ত, অনুদাত্ত আদি গ্রহণ কৰিবলৈ শ্রোতা সাজু হোৱা দৰকাৰ৷ এয়া এটা উদাহৰণ মাত্র, আৰু অনেক আছে চর্ত৷
সেইবাবেই কবি সন্মিলন বুলি ক’লে শিহৰিত হওঁ৷ শ্রোতা আৰু কবিৰ যোগসূত্রৰ বিষয়টো বৰ ডাঙৰ৷ কাব্যিক মিলনভূমিত কবিৰ সমানেই গুৰুত্বপূর্ণ শ্রোতা৷ ভাষা তাত্ত্বিকে পিছে ‘লেখক মৃত৷ লিখাৰ পিছত লেখকৰ অস্তিত্ব নাই’ বুলিও কয়৷ এয়া সম্ভৱ যেন নালাগে৷ লেখক আৰু পাঠকৰ লেখাকেন্দ্রিক ধাৰণা বেলেগ বা ভিন্ন হ’ব পাৰে, নিজৰ নিজৰ ধৰণে সৃষ্টি হ’ব পাৰে৷ মোৰ প্রশ্ন হয় পাঠক অবিহনে লিখকৰ অস্তিত্ব ক’ত? আকৌ লেখক নহ’লে পাঠকৰ অৱস্থিতি ক’ত৷ কবি সন্মিলনৰ কবি আৰু শ্রোতাৰ ক্ষেত্রতো একেই কথা৷
....লজ্জিত হওঁ যেতিয়া এনে অনুভৱৰ থলীত নিজৰ কবিতা পাঠ কৰাৰ পাছতে কবিজন সভাঘৰৰ পৰা অন্তর্ধান হয়৷ আনৰ কবিতা শুনিবলৈ কবিৰ সময়ৰ নাটনি, আনৰ কবিতা হূদয়াংগম কৰা বহু দূৰৰে কথা৷ নোবেল বঁটা বিজয়ী আলবেল ক্যামু-এ আন এগৰাকী নোবেল বঁটা বিজয়ী ফৰাচী উপন্যাসিক ৰ’জাৰ মার্টিন পাঠকৰ পৰা দূৰে দূৰে ফুৰাৰ স্বভাৱটোৰ বিষয়ে কেইবালানিও ৰচনাত সমর্থন আগবঢ়াইছে৷ তেওঁ কৈছে ‘আপোন সৃষ্টি কর্মৰ বাবে প্রয়োজনীয় সময় সুৰক্ষা কৰাটো প্রতিজন শিল্পী নামৰ যোগ্য লোকৰ ন্যায় সংগত দায়িত্ব৷’ মই দৃঢ়তাৰে ক’ব পাৰোঁ যে আপোন সৃষ্টি কর্মত নিমজ্জিত হ’বলৈ নিজৰ কবিতা পাঠ কৰি খুব কমসংখ্যক কবিয়েহে কবি সন্মিলন ত্যাগ কৰে৷ প্রশ্ন কৰিলে বেছি ভাগেই ঘৰুৱা কাম-কাজৰ কথা কয়৷ কবিতাক তুচছ কৰি কিবা সকামৰ কথা ক’লে ভিতৰি আহত হওঁ৷
এনে পৰিৱেশত কবি সন্মিলন এখন সঞ্চালন কৰা কম কথা নহয়৷ ক’ব খুজিছোঁ যোৱা ২০ জানুৱাৰী তাৰিখে নাজিৰা গ্রন্থ মহোৎসৱ উপলক্ষে অনুষ্ঠিত কবি সন্মিলনখনৰ কথা৷ মাত্র কেইগৰাকীমান কবিৰ কবিতা পাঠ তথা কবি আৰু শ্রোতাৰ অন্তৰংগ অনুষ্ঠান এটিৰ আঁত ধৰি বিশিষ্ট কবি তথা সমালোচক ৰাজীৱ বৰাই নিশ্চয় কৃতিত্বৰ দাবী কৰিব পাৰে৷ কবিতাত ভাষা, বর্ণ, অনুভূতি, কল্পনা আৰু অনেক উপাদানেৰে সজাই তুলিহে, পৈণত আৰু সজ্জিত কৰিহে যে পাঠকৰ হাতত বা শ্রোতাৰ আগত দাঙি ধৰিব লাগে– সেইটো নতুন কবিসকলক কৌশলী কিন্তু শৈল্পিক কায়দাৰে ৰাজীৱ বৰাই বুজাই দি সকলোকে উপকৃত কৰে৷ মঞ্চত উপৱিষ্ট কবি কেইজনৰ কবিতাত অহৰহ বাজি থকা চিঞৰটোৰ যন্ত্রণা, সেই যন্ত্রণাৰ বিস্ময়কৰ, কাতৰ উৎসৰ কাল চেতনা নতুন কবিসকলৰ কিমানৰ আছে জনা নাযায়৷
এইটো সঁচা যে কবিতা কি আমি নাজানো৷ জানিলে ভাল নহ’ব৷ কবিতাক সূত্রায়িত কৰিব পাৰিলে, কবিতাৰ মৃত্যু হ’ব৷ কফিনৰ জোখ-মাখ দিবলৈ উজু হ’ব৷ কবিতা যথার্থতে কবিতাই৷ বর্ডছব৲র্থৰ মতে অনুভূতিৰ স্বতঃস্ফূর্ত প্রকাশ কবিতা৷ আনহাতে মার্লথই কয় যে কবিতা ৰচনা হয় শব্দেৰে, আইডিয়াৰে নহয়৷ কেল’ৰিজে কৈছিল কবিতা বিজ্ঞানহে৷ কবিতা বিজ্ঞানৰ প্রতিপক্ষ৷ পিছে এলিয়েটৰ মতে কবিতা ৰচনা হ’ল তেজক চিয়াঁহিত পৰিণত কৰাৰ যন্ত্রণা৷ বিখ্যাত মনীষীসকলৰ ধাৰণাত বিস্তৰ প্রার্থক্য থাকেহ্ল কালৰ গতিত কবিতা সৃষ্টিৰ পৰিৱেশ তথা চিন্তা বলয়ৰো পৰিৱর্তন অনস্বীকার্য৷ তথাপি যন্ত্রণাকাতৰ জীৱন আৰু জীৱিকা, কুটিল সময়ৰ সন্দেহ- সংশয়, বিশ্বাস-অবিশ্বাস, মানৱীয় মূল্যবোধৰ স্খলন, আধুনিক সমাজ ব্যৱস্থাৰ সর্বগ্রাসী ৰূপ, তৃপ্তিহীন ভোগবাদ এনে ধৰণৰ কাৰকবোৰেইতো যুগে যুগে মানুহক অন্তৰাত্মাত আঘাত কৰি নতুন ভাব-চিন্তাৰে নতুন সৃষ্টিৰ বাবে প্রেৰণা দিয়ে৷
পিছে এনে সৃষ্টিৰ বাবে ধ্যানৰ প্রয়োজন৷ কবিতা ধ্যানৰ বস্তু৷ একোগৰাকী বিশ্ববিশ্রুত কবিয়ে এটি কবিতা সৃষ্টিৰ বাবে একোটা দশকো পাৰ কৰি দিয়ে৷ লক্ষণীয়ভাৱে আমাৰ মাজত হাজাৰ হাজাৰ কবি ওলাইছে৷ এই সকলো প্রকৃতার্থত কবি নহ’লেও কবিতাৰ প্রতি তেওঁলোকৰ কিয় ইমান আকর্ষণ? কবিতাক ভাল নাপালে, কবিতা পঢ়ি আলোড়িত নহ’লে মিছাই হওক, সঁচাই হওক কবিতা লিখো বুলি এইসকলে কেতিয়াও কলম তুলি নল’লেহেঁতেন৷ আচলতে কবিতাই হাজাৰ বছৰৰে পৰাই হাজাৰজনক বুকুলৈ চপাই নিয়ে৷ অনুপ্রাণিত কৰে আপোন ভাববোৰো কবিতাৰ ৰূপত সজাই পেলাবলৈ৷ পিছে সকলোৱে জানো কবিতা লিখিব পাৰে?
১৯১৮ চনতে বৰপেটা সাহিত্য সভাৰ সভাপতি স্বর্গীয় সাহিত্যিক কালীৰাম মেধিয়ে কৈছিল যে সেই সময়ত যিমান লিখকে নিজক লিখক হিচাপে গণ্য কৰিছিল, স্কুল -কলেজৰ পাঠ্যপুথিৰ বাবে লিখাখিনিক বাদ দিলে প্রায় ৯৮ ই কেৱল কবিতা লিখিছিলহ্ল অর্থাৎ সেই সময়তো ইমান কবিৰ জন্ম হৈছিল৷ বেছি ভাগেই সময়ৰ সোঁতত হেৰাই গৈছিল৷ তেনেকুৱা কবিকে বর্তমান নীলিম কুমাৰে অকবি আখ্যা দিব পায়৷ তেনে কবি নিজে নোহোৱা হয়৷ তেনে কবিৰ পয়োভৰ বোধহয় সকলো কালতে থাকে৷
অকাব্যিক কাৰণত তেনে কবি বিখ্যাত হোৱাটোহে দুখৰ কথা৷ অথবা অযথা বৌদ্ধিক আৱর্জনাৰ সৃষ্টি কৰি পাঠকক বিমোৰত পেলোৱাটোও বেয়া কথা৷ ‘লবী’য়ে সাহিত্যৰ পৃথিৱীত খুবেই অনিষ্ট সাধন কৰিছে৷ এনে অকাব্যিক কাৰণত অযোগ্যজনক যোগ্যতাৰ আসনত বহুওৱা হৈছে৷ বিজ্ঞ এজনে নির্বাচন কৰা এশজন কবিক লৈ অন্য এক বিজ্ঞ লোক ক্ষুণ্ণ হোৱাত কথাৰ শেষ নহৈছে, সৃষ্টি হৈছে সাহিত্যত প্রদূষণ৷ কেতিয়াবা উপেক্ষিত কবিয়ে ৰণচণ্ডী মূর্তি ধৰিছে৷ এনেকৈ নিজৰ সৃষ্টিশীলতাক ঘোৰ অন্যায় কৰিছে৷ সঁচাই সকলো কবিতা কবিতা হ’ব নোৱাৰে৷ কবিতা ঐকান্তিক তপস্যাৰ বস্তু৷ উপনিষদত কবিসকলক জ্ঞানী মানুহ বুলি কোৱা হৈছে৷ এখনি গ্রন্থও মোৰ পঢ়ি ভাল লাগিছিল– এয়ে যে হলেণ্ডৰ পণ্ডিত হেন৲ৰি বোৰেলে তেওঁৰ কিতাপত এজন বিখ্যাত শিল্পী ছেন৲ ডৱেইৰ কথা এনেকৈ কৈছে ‘তেওঁ আছিল কোন? তেওঁ নিজেই গম নাপাইছিল যে তেওঁ এজন শিল্পীহ্ল তেওঁৰ আপোন শিল্প যে ইমান সুন্দৰ আছিল সেয়া তেওঁ নাজানিছিল, তেওঁ নিজকে এজন সাধাৰণ খেতিয়কৰ বাদে আন একো বুলি ভবা নাছিল৷’ হয়, সাধনাত ব্রতী মানুহ তেনেকুৱাই হ’ব লাগে৷ শেষত নিজৰ সৃষ্টিৰ কথাও ভাবিছোঁ৷ ১৯৭৫ চনত নগাঁৱত অনুষ্ঠিত সদৌ অসম শিশু সমাৰোহৰ প্রথম অধিৱেশনত যে মই মুকলি সভাৰ শিশু সভানেত্রী হোৱাৰ বিৰল সুবিধা পাইছিলোঁ– সেয়াও শিশু অৱস্থাতে কবিতা লিখি বাতৰিকাকতত প্রকাশ কৰাৰ সুবাদতেই৷ বুদ্ধিদীপ্ত শিশু হিচাপে সেই সুবিধা পালেও যথোচিত অধ্যয়ন, চিন্তা-চর্ৰ অভাৱত মোৰ কবিতাই ভালকৈ খোজ দিব নোৱাৰিলেহ্ল নাজিৰাৰ কবি সন্মিলনত কনিষ্ঠতম কবিগৰাকীৰ কবিতাৰ চিৎকাৰ উপলব্ধি কৰি, মই মোৰ শৈশৱ আৰু কৈশোৰ হৈ এতিয়ালৈকে নীৰৱে চিঞৰিব নজনা অন্তৰাত্মাক ধিক্কাৰ দি আছিলোঁ৷ মই তেনেই সৰুতেই লিখিছিলোঁ ‘কবিতা মোৰ কুমাৰী কন্যা, খিলখিলাই হঁাহে পলকতে যি, পলকতে তাইৰ চকুত বন্যাহ্ল’ আজিও তেনেদৰে কৈ ভালপোৱা মোৰ মনে নিশ্চয় বিশ্বাস যোগ্যতা হেৰুৱাব৷
তথাপিহ্ল
তথাপি এই কবি সন্মিলনৰ মঞ্চত বহিছিলোঁ বিশিষ্ট কবিসকলৰ লগত৷ কবিতাপ্রেমী ৰাইজক উদ্দেশ্য কৰি মাননীয় সঞ্চালকে কৈছিল যে তেখেতক প্রশ্ন কৰা হৈছে যে ‘মঞ্চত উপবিষ্ট কবিতা কবিতা লগা– সেয়া কোন?’ ইয়াৰ যথাযথ উত্তৰ দি সঞ্চালকে মোক উৎসাহিত কৰিছিল সঁচা, মই কিন্তু মনে মনে এনেকৈহে ভাবিছিলোঁ৷
‘হয়৷ কবিতাৰ দৰে : মোৰ কেতিয়াও পূর্ণতা নোপোৱা কবিতাবোৰৰ দৰেই পূর্ণতা নোপোৱাকৈয়ে... হয়, তেনেকৈয়ে তেনেকৈয়ে৷’
ফ’ন : ৯৪৩৫১-৩৬৩২৭