(গল্প য’তে-ত’তে থাকে, কিন্তু ১৬ অনা গল্প হৈ নাথাকে৷ ছিগি-ভাগি থাকে৷ এথানি-এবানি হৈ থাকে৷ গোটাই ল’ব লাগে৷ জঁকাবোৰ খাৰা কৰিব লাগে৷ ৰং ঘঁহিব লাগে৷ সঁচা সঁচা লগা মিছা কথা কিছুমানেৰে বিন্দি-মাচকাৰা লগাব লাগে৷ ধান্দাবাজ গল্পকথকবোৰ চাগৈ মৰমলগা মিথ্যাচাৰৰ যাদুকৰ৷ আচলতে নির্মাণ বোলা বস্তুটো কূটনীতি৷ একধৰণৰ উপকাৰী চালাকী৷ কিন্তু প্রক্রিয়াটোত কেতিয়াবা দেহা-মন ভাগৰুৱা হয়৷ মগজু নিজান হ’লে বুকুৰ মৌচাক চপচপীয়া হয়, মৌগুটিসোপাই ভোঁ ভোঁ গান আৰম্ভ কৰে৷ তেতিয়া মচমচীয়া, তাজা ডোখোৰা খণ্ডগল্পবোৰ ক’বৰ মন যায়, কোনোবা কাহানিৰ গল্প, আতৰদানী...)
এই যে টুপ– ই এটা নট৲খট চেঙেলীয়া৷ কার্যত চেঙা৷ প্রথম প্রথম কলেজত উঠিছে৷ মন একদম ৰচঙা চিলা৷ প্রেম কৰিবৰ মন, পাকিস্তান ব’র্ৰত গৈ ধিচিউ ধিচিউ যুদ্ধ কৰিবৰ মন, বলিউডলৈ পলাই যাবলৈও মন৷ নৱাজুদ্দিন চিদ্দিকিৰ ফ’ল’ৱাৰ, ৰবট ইঞ্জিনীয়াৰিঙত অত্যন্ত আগ্রহ৷ আৰু বহুত কিবা-কিবি, ঘন ঘনকৈ সিদ্ধান্ত আৰু ইচছা সলনি হৈ থাকে৷ যা হওক, ই বেটাই এতিয়া মোৰ লগ লৈছে৷ কাৰণ হ’ল, ঘৰত অহৰহ দুহাল লাল চকু৷
পুতায়ে মেডিকেল এণ্ট্রেন্স হাচিল কৰিব নোৱাৰিলে গুলীয়াই দিব চাল্লা৷ মাক পাগ৲লী হৈ যাব, বাপেকে ব্রহ্মপুত্রত জঁপিয়াই দিব– এনে কণ্ডিশ্যন চলি আছে৷ বেচেৰা ভাৰাক্রান্ত, বিতত৷ বুকুত তাৰ ৰস বুলি একো নোহোৱাই হৈছে৷ দেওবাৰে দুঘণ্টামান চাৰা পায়, মানে লেকাম অলপ ঢিলাই দিয়ে৷ সেইখিনি সময়ত সি চেনি-মৌ চুপিবলৈ অ’ত খুন্দিয়ায়, ত’ত খুন্দিয়ায়৷ এনেকৈয়ে ঘটনাক্রমে এই চেঙেলীয়া এতিয়া মোৰ পাল্লাত৷
ঘাটত আবেলি বহাৰ অভ্যাস হৈছে৷ গৰাৰ নামনিৰ এটা মস্ত শিল, দুটা-এটা চিগাৰেট, দূৰৰ শৰাইঘাট, হৈ-চৈ কৰি যোৱা ভটভটীবোৰ, নদীৰ বুকুৰ ভাসমান জাঁজী, পানী কাউৰী-গঙাচিলনীবোৰ, ৰান্ধনী ৰ’দেৰে জলমল উমানন্দ, হেঙুলীয়া ফুটবল হৈ ডুবিবলৈ গৈ থকা বেলি আৰু বিচছুৰিত বর্ণালী– এই আটাইবোৰৰ সৈতে মোৰ ভাবনাৰ শহাবোৰৰ লুকাচুৰি চলি থাকে৷ মোতকৈ দুহাতমান নামনিত আন এটা ক্ষুদ্র শিলত কোনোমতে তপিনা থৈ জোতাৰে বালিবোৰ গচকি-গৰকি থাকে টুপে৷
– টুপেই তোৰ ঠিক নাম বুজিছ৷ আচলটো কি আছিল জানো?
– তুষাৰ প্রবাস নীলসাগৰ৷
– থুচচ, নাম দেখা৷ হেৰৌ ডাল-গুৰি-ঠেঙুলি কি? গুৰি-গোষ্ঠীৰ পৰিচয় এটা কঢ়িয়াই অনাটো এটা সভ্যতাৰ চিহু৷ তাকো নহ’লে, ইটো উপৰিপুৰুষৰ প্রতি এটা অনাৰ ন৷ কেইশতিকামান পাছত বাঘা বাঘা গৱেষকো তহঁতৰ নাম দেখি কনফিউজ হৈ যাব৷ হেৰ’ নাম এটা হ’লেই হয়, এই ধৰ টুপ৷ অথচ তহঁতৰ নামবোৰ হৈছেগৈ নামৰ ৰুদ্রাক্ষ মালা৷
– মা-পাপাইহে দিছে আংকল৷
– হুহ, কাব্য-কবিত্বৰ ফোৱাৰা! আৰু এই পাপা-আংকলবোৰ এৰ৷ হেৰৌ, মামা, খুড়া, বৰদেউতা, আপাদেউ, নিচাদেউ, আইতা, এনাই, আবু, আতা এইসোপা সোণগুটি সমধ থাকোঁতে সেই কেইফাকি নেমাৰিলে নহয়! ৰুটলেট, হপলেছ৷
‘হ’ব বাৰু, Be Cool৷ প্রেক্টিছ কৰি চাব লাগিব৷’ – দেহাটো এক অদ্ভুত ভাঁজ কৰি টুপে কৈ উঠিল৷
ধেৎ, গেঙেৰিটো মাৰি পিছমুহূর্ততে মোৰহে মনটো বেয়া লাগিল৷ ইহঁতৰ দৰে নিউক্লিয়েৰ ফেমেলিৰ বাচছাবোৰে পাইছেনো কিটো৷ একে তেজ-মঙহৰ মানুহবোৰৰ চেনেহ জৰীৰ গাঁঠি ইহঁতেনো বুজিব ক’ত৷ বুজিবলৈ, আকুল হ’বলৈ সুযোগেইবা ক’ত? যা হওক, তাৰ আফচোচটো ভাঙিবলৈ পৰিৱেশটো পাতল কৰি পেলোৱাই ভাল হ’ব৷ তাৰ মুখলৈ চালোঁ, তলমুৱা৷
– আচছা টুপ৷
– হা– সি চাৎকৈ মোলৈ চালে৷
– কি হ’ল, একেবাৰে উচপ খাই উঠিলি যে৷ বাৰু কচোন, তই তোৰ ককাৰক তামোল খুন্দি দি পাইছনে৷
– তামোল? ককাক?
তাৰ ওলোটা প্রশ্ন শুনি বুজিলোঁ তাৰ বাবে প্রশ্নটোৱেই আচহুৱা৷
– হু তামোল৷ ককাবোৰে মলা ধঁপাত দি খুন্দা তামোলহে খায়৷ আমাৰ ককায়ো খাইছিল– কি যে ধুনীয়া গোন্ধটো৷
– আৰু কি কি কৰিছিল ককাই?
– মনত পেলালি যেতিয়া মোৰ ককাৰ কথাই অকণ কওঁ শুন৷
– কওক কওক– টুপ মোৰ ফালে ঘূৰি বহিল৷ তাৰ চকু স্থিৰ– হয়তো সি ধুতী-কামিজ-মোজা-চছ৲মা পিন্ধা, লাখুটি লোৱা, অলপ হাউলি খোজকঢ়া, মৰমিয়াল মুখৰ মানুহ এজন কল্পনা কৰিবলৈ চেষ্টা কৰিছে৷
– ধুতি-নীতিত মোৰ ককা আছিল ভীষণ কাঢ়া, চাকচিক্যৰ বেলিকাও অসহ্য কঠোৰ৷ বুঢ়া ম’হৰ চামৰা এচটাত তেওঁ খুড় ধৰোৱা দেখিছিলোঁ৷ চিকচিকনী দেখি সিৰসিৰাই যায়৷ কাণপতাৰ পৰা গলৰ ঘটিকাপর্যন্ত চিকচিকাই থকা খুড়খনেৰে চুঁচি নিওঁতে মোৰহে গা সিৰসিৰাই গৈছিল৷ ককাৰ ফুলনি আছিল ৰমকজমক৷ গোলাপী থলপদুমবোৰ, ৰক্ত গোলাপৰ মিচিক-মাচাক হাঁহি, ঘনচিৰিকাই ঘৰপতা কামিনীকাঞ্চনকেইজোপা, জোনাক ৰাতি মৌমাখিয়ে ঘেৰি ধৰা ফুলা চতিয়নাজোপা, দিনৰ দিনটো পখিলাবোৰ নাচি থকা ৰাঙল দুজোপা, নানা তৰহৰ কৰবীবোৰ আছিল নয়নাভিৰাম৷ ৰাতিবোৰ ৰাগিয়াল কৰি তুলিছিল হাচনাহানা, গুটিমালি, পাৰিজাত, চেনিচম্পাই৷ পিৰালিৰ কাষতে আছিল এসোপা ক’লা তুলসী, গুৱামুৰিৰ গছ, কড়িয়াবিজল, নয়নতৰা, ভুঁইচম্পা আদি৷ অপৰাজিতা, কুঞ্জলতা, শতমূলে ঘণ্টাকর্ণ আৰু জবাজোপা ছানি ধৰিছিল৷
টুপলৈ চালোঁ, মুখত তাৰ কোনো ভাবাৱেগ নাই৷ সি ঠিক ধৰিব পৰা নাই যে মোৰ পৰৱর্তী কথাত কোনটো বিষয়ে প্রাধান্য পাব৷ ককাৰ ফুল, খুড়খন, নে কঠোৰ ধুতি-নীতিৰ পৰিণাম? গতিকে হঠাৎ পাকটো সলালোঁ– ফুলৰ কথা বাদ, শৌচৰ কথা কওঁ শুন৷
– কি? ফুলনিৰ মাজত শৌচ৷
খপ৲কৈ হাঁহি উঠি গ’ল– হু, শৌচ৷ কৈছোঁৱেই যে ধুতি-নীতিত মোৰ ককা আছিল কাঢ়া৷ মাষ্টৰ আছিলতো– হে’ড পণ্ডিত৷ চাইকেলৰ মাডগর্ড মুখ চাব পৰাকৈ চিকচিকিয়াই থয়৷ ধুতী-কামিজ একদম চফেদ৷ পামচু কিচকিচীয়া তেলী ছাইৰ দৰে৷
এপৰে থলপদ্ম ফুলেৰে গোসাঁই ধুৱাইছিল৷ অর্ঘাভর্তি গাখীৰত শালেগ্রাম বুৰাই ফটফটকৈ মন্ত্র মাতিছিল৷ সেই সময়ত আমি নাতি-নাতিনীমখাই গোসাঁই ঘৰৰ মুখতে কুলিমুলি কৰি থাকোঁ৷ শালেগ্রাম ধুৱাই থাকি যোৱা গাখীৰকণ পিতলৰ ঘটিটোতে লৈ ওলাই আহিছিল তেওঁ৷ ঘটিটো আমালৈ আগ বঢ়াই কৈছিল– হোঁ, ভগাই খাই পেলাহঁত৷
– কেঁচা গাখীৰ?– টুপে সোধে৷
– হু, কেঁচা গাখীৰৰ সোৱাদ আলাদা৷
– পিছে শৌচৰ কথাটো৷
– ৰহ, ফুল, গাখীৰ, শালেগ্রামৰ কথাৰ লাচতে ঘপ৲কৈ গুক আনো কেনেকৈ৷
টুপে হাঁহে৷ অবোধ হাঁহি৷ নিৰস নগৰত গ’ মেৰি ৰাউণ্ডৰ দৰে একে কক্ষত ঘূৰপাক দি দি বঢ়া এটা কিশোৰ৷ তাৰ কল্পনাকে যতপাৰি জীপ দিবলৈ মোৰ এই চেষ্টা৷
ককাৰ গাটো বৰ ধুনীয়া গোন্ধাইছিল জান৷ পৰি-ধৰি দুখ পালে বুকুত চেপা মাৰি ধৰোঁতে সেই গোন্ধটো আমাৰ ভিতৰলৈকে সোমাই গৈছিল৷ মলা ধঁপাতেৰে পাগ উঠাই খোৱা কণগেলা বুঢ়া তামোল আৰু মলমলীয়া পেপৰৰ গোন্ধ৷ গা তিওৱাৰ আগলৈকে চৌফলীয়া ৰ’দতো ককাই বন নিৰাইছিল, ফাট মেলা কপাহ ছিঙিছিল, পকা পাণ বুটলিছিল, আচাৰ ৰ’দাইছিল৷ বগা পিঠিটোত ঘাম বিৰিঙিছিল৷ বেলি চায়েই সময় ধৰিছিল৷ কাণত লগুণডাল পকাই ল’লেই বুজিছিলোঁ ককাৰ বৰপানী চুবৰ হ’ল৷
– বৰপানী মানে? শব্দটো নুবুজাকে এৰিলে ৰসভংগ হ’ব বুলি টুপে চাগৈ ধাৰণা কৰিছিল৷
– লেট্রিন৷ ককাই সজা শৌচাগাৰটোৰ দৰে ইমান পৰিচছন্নতা ব্যৱস্থা এটা গাঁওবোৰত আজিও মোৰ চকুত নপৰে৷ ৮x১০ ফুট আকাৰৰ এটা মাটিৰ বেৰৰ গৃহ, ওপৰত উলূখেৰৰ দবল চাৱনী৷ ঘপকৈ বোৱা দাং লগোৱা বাঁহৰ দর্৷ মাজখণ্ডতে পকাৰ পাট এচটা– প্রকাণ্ড৷ কাষত এটা পানীভর্তি বগী টিং৷ লগতে এটা সোণৰ দৰে চিক৲চিকাই থকা পিতলৰ ঘটি৷ মাটি পানী ল’বলৈও আছিল সুকীয়া ঠাই৷ আটাইতকৈ ডাঙৰ কথা, গোটেই ঘৰটোৰ মজিয়া ককাই নিতৌ মচিছিল৷ সোতাকানিৰে নহয়, লেও দিয়া মাটি লৈ হাতেৰে মচিছিল৷ টেঙেচি-দূবৰি এখামোচা লৈ পিতলৰ ঘটিটোও ঘঁহি ঘঁহি ধুইছিল৷ কাষে-পাঁজৰে আছিল ৰাঙল-তগৰৰ গছ৷ সেই ঘৰটোৰ ছবি আজিও মোৰ মনত জলজল হৈ আছে৷ ঘটিটো পানী খেতালি খেতালি শৌচাগাৰটোত বহি থাকোঁতে মোৰ বৰ নিজান নিজান লাগিছিল৷
– কিয়? কিবা ওলাইছিল নেকি?
– নাই, তেনেকুৱা একো নহয়, এনেয়ে৷ আওহতীয়া ঠাইত থকা মস্ত এটা ঘৰ যে, সেইবাবে৷ কিন্তু মই মজা পাইছিলোঁ৷ শৌচাগাৰটোত মোৰ এসোপা ফ্রেইণ্ড আছিল৷
– ফ্রেইণ্ড! পায়খানাত বন্ধু?
– হো, এজাক পঁইতাচোৰা৷ পকাৰ পাটখনৰ তলেদি মল গাঁতলৈ পিছলি যাবলৈ টিনৰ নেওৰা এচটা আছিল৷ নেওৰাত সামান্য মল পৰাৰ লগে লগে তাত এজাক পঁইতাচোৰা আহি হাজিৰ হৈছিল৷ বাদামী এজাক পতংগ৷ এইবোৰেই মোৰ ফ্রেইণ্ড৷ দীঘল দীঘল দাড়িবোৰ নচুৱাই নচুৱাই সিহঁতে মলভাগ ঘেৰি ধৰিছিল আৰু মই সিহঁতক গন্তি কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ৷ সদায় গণিছিলোঁ– মুঠ ১৭টা৷ কেতিয়াবা দুই-এটা কমিছিল৷ তেতিয়া সিহঁতৰ মাজত কাৰোবাৰ দেহাৱসান ঘটা বুলি মোৰ দুঃচিন্তা হৈছিল৷ পিছে সহজে সিহঁত মৰাবিধৰ নহয়৷ এদিন এবচেণ্ট থাকিলেও, পিছৰ দিনা আহি ঠিকেই হাজিৰা দিছিল৷ এইখনেই আছিল মোৰ খেলা৷ এইবোৰ টাং-টিঙালি কৰোঁতে কৰোঁতে এপৰ উকলি যায়৷ ঘৰৰ ফালৰ পৰা কোনোবাই ৰিঙিয়ায়– ‘হ’ল নে ঔ৷’ লৰালৰিলৈ জলবর্ষণ কৰি ফ্রেইণ্ডজাকক হুৰাই দি বিদায় লৈছিলোঁ৷
মন কৰিলোঁ টুপ তধা লাগিছে৷ মডুলাৰ কিচেচনত তেলপোকাৰ পোৱালি এটা ওলালেও তাৰ মাকে ঘৰ কঁপাই দিয়ে– ‘কক৲ ৰৌ উ চ’৷ লগে লগে বাপেক দৌৰি আহে হালধীয়া ফিচকাৰীটো লৈ৷ কিন্তু মোৰ স্মৃতিৰ সেই ধুনীয়া পঁইতাচোৰাজাক হুৰাবলৈ কোন বাপেকৰ সাধ্য হু?
উঠিলোঁ৷ গধূলি হৈছে৷ ঘাট এৰি শেষ ফেৰীখনে পাৰি দিছে৷
ফ’ন: ৯১০১১-১৫১৬৭
Comments