পূজাৰ বতৰত মন্দাৱস্থাত ভুগিছে ৰাজ্যৰ ইলেক৲ট্রনিক সামগ্রীৰ বিপণী৷ সাধাৰণতে বিহু আৰু পূজাৰ সময়ত ইলেক৲ট্রনিক সামগ্রীৰ বিপণীসমূহে বিভিন্ন অফাৰ আগবঢ়াই গ্রাহকক আকর্ষণ কৰাৰ চেষ্টা চলায় আৰু গ্রাহকেও নিজৰ পচন্দৰ প্রয়োজনীয় সামগ্রী বিহু বা পূজাৰ সময়ত ক্রয় কৰে৷
কিন্তু আশ্চর্যকৰ কথা যে এইবাৰ পূজা চমু চাপিল যদিও ইলেক৲ট্রনিক সামগ্রীৰ ব্যৱসায় কৰা কোনো ব্যৱসায়ীৰে উৎসাহ নাই৷ নিৰাশাত ভুগিছে গ্রাহকো৷ ইলেক৲ট্রনিক সামগ্রী প্রস্তুত কৰা কোম্পানীয়ে শেহতীয়াকৈ কিছুসংখ্যক সামগ্রীৰ মূল্য হ্রাস কৰি দিয়াৰ পাছতো চাহিদা নিম্নগামী হৈয়েই আছে৷ সময় এতিয়া এনে হৈছে যে যিখন বিপণীয়ে দৈনিক লাখ টকাৰ সামগ্রী কৰিছিল সেইখন বিপণীয়ে এতিয়া দৈনিক ৫০ হাজাৰ টকাৰ সামগ্রী বিক্রী কৰিয়েই সন্তুষ্ট থাকিবলৈ বাধ্য হৈছে৷
এই ভাষ্য গুৱাহাটীত ইলেক৲ট্রনিক সামগ্রীৰ ব্যৱসায় কৰা কেইবাখনো প্রতিষ্ঠানৰ৷ বিগত কিছু বছৰৰ পৰা গুৱাহাটীৰ উষ্ণতা বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত গ্রীষ্ম কালত ‘এ চি’ৰ বিক্রীৰ বৃদ্ধি পাই আহিছিল৷ কিন্তু এইবাৰ গ্রীষ্ম কালটোত ‘এ চি’ৰ বিক্রী একেবাৰে কম বুলি জনালে ইলেক৲ট্রনিক সামগ্রীৰ আগশাৰীৰ বিপণী নেক্স ডিজিটেল হোমে৷ প্রতিষ্ঠানখনৰ কর্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, এ চি, ৱাশ্বিং মেচিন আদি সামগ্রীৰ বিক্রী বিগত দুই-তিনি মাহ ধৰি একেবাৰে কম৷ এ চিৰ বিক্রী নাই বুলিয়েই ক’ব পাৰি৷
কেইমাহমান আগলৈ ম’বাইল ফ’নৰ বিক্রী স্বাভাৱিক আছিল, কিন্তু এতিয়া ম’বাইল ফ’নৰ বিক্রীও একেবাৰে হ্রাস পালে৷ বিক্রী হ্রাস পালে ছোনী, ছেমছাং, এল জি আদি কোম্পানীৰ টি ভি, ফ্রীজ আদিৰো৷ এক কথাত ক’বলৈ হ’লে ইলেক৲ট্রনিক বিপণীত বিক্রী হোৱা প্রায়বোৰ সামগ্রীৰ বিক্রী নিম্নগামী হৈছে৷ বিক্রী হ্রাস পোৱাত একাংশ কোম্পানীয়ে সামগ্রীৰ দামো কিছু পৰিমাণে কমাই দিছে যদিও চাহিদা বৃদ্ধি কৰিব পৰা নাই৷ বজাৰত যিটো টিভিৰ মূল্য ১০ হাজাৰ টকা, সেই একেটা টিভিত হাজাৰ টকাপর্যন্ত মূল্য হ্রাস কৰিছে কোম্পানীয়ে৷
সেইদৰে ম’বাইল ফ’ন, ৱাশ্বিং মেচিন, ফ্রীজ আদিৰ ক্ষেত্রতো একাংশ উৎপাদনকাৰী কোম্পানীয়ে দাম হ্রাস কৰিছে৷ কিন্তু প্রশ্নটো হ’ল মূল্য হ্রাস কৰাৰ পাছতো ইলেক৲ট্রনিক সামগ্রীৰ বিক্রী নিৰাশাজনক কিয় হ’ল? কিয় পূজাৰ বতৰতো ফ্রীজ, ৱাশ্বিং মেচিন, টিভি, ম’বাইল ফ’ন ক্রয় কৰিবলৈ গ্রাহকৰ উৎসাহ নোহোৱা হ’ল? ইয়াৰ ব্যাখ্যা আগ বঢ়াই একাংশ ব্যৱসায়ীয়ে কয় যে যোৱা এপ্রিল মাহৰ পৰাই ৰাজ্যৰ ইলেক৲ট্রনিক সামগ্রীৰ বজাৰ নিম্নগামী হৈ আহিছে৷ এপ্রিল অর্থাৎ বহাগ বিহুৰ পূর্বেই ইলেক৲ট্রনিক সামগ্রীৰ বজাৰত নেতিবাচক প্রভাৱ পৰা আৰম্ভ হৈছিল যদিও স্পষ্ট হোৱা নাছিল৷
কিন্তু এপ্রিলৰ পৰা ক্রমাগতভাৱে নেতিবাচক প্রভাৱ পৰি এতিয়া বজাৰ একেবাৰে শোচনীয় হৈ পৰিছে৷ ম’বাইল ফ’নৰ ওপৰত আৰোপ কৰা ১২ শতাংশ জি এছ টিৰ বাবে ম’বাইল ফ’নৰ বজাৰত অস্বাভাৱিকভাৱে বিক্রীত ব্যাঘাত জন্মিছে৷ পূর্বে একোটা ম’বাইল ফ’নৰ দামৰ ক্ষেত্রত কিছু এৰা-ধৰা হৈছিল যদিও ১২ শতাংশ জি এছ টি প্রযোজ্য হোৱাত তাৰ প্রভাৱ পোনপটীয়াকৈ গ্রাহকৰ ওপৰত পৰিছে৷
অর্থাৎ জি এছ টিৰ বাবে ব্যৱসায়ীয়ে দাম কমাই দিব নোৱৰাত এতিয়া বহু গ্রাহকে অনলাইন সেৱাৰ জৰিয়তে ম’বাইল ফ’ন ক্রয় কৰা আৰম্ভ কৰিছে৷ সেইদৰে টিভিৰ ক্ষেত্রত ক্রমে ১৮ শতাংশ আৰু ২৮ শতাংশকৈ জি এছ চি প্রযোজ্য কৰাৰ বাবেও কোনো ব্যৱসায়ীয়ে দাম কমাই গ্রাহকক টিভি বিক্রী কৰাৰ সামর্থয নোহোৱা হৈছে৷ জি এছ টি প্রযোজ্য হোৱাৰ পূর্বে একোটা টিভিত এম আৰ পিৰ ওপৰত গ্রাহকক ভালেখিনি ৰেহাই কৰি দিয়া হৈছিল৷
কিন্তু এতিয়া ৩২ ইঞ্চিৰ তলৰ টিভিৰ ক্ষেত্রত ১৮ শতাংশ আৰু ৩২ ইঞ্চিতকৈ ডাঙৰ টিভিৰ ক্ষেত্রত ২৮ শতাংশ জি এছ টি প্রযোজ্য কৰাত সামগ্রিকভাৱে টিভিৰ বিক্রী হ্রাস পাইছে৷ ব্যৱসায়ীসকলে জানিবলৈ দিয়া অনুসৰি, ইলেক৲ট্রনিক সামগ্রীৰ ভিতৰত ম’বাইল ফ’নৰ পাছতেই সর্বাধিক টিভিৰ বিক্রী হয়৷ কিন্তু এতিয়া জি এছ টিৰ প্রভাৱত টিভিৰ বিক্রী হ্রাস পালে৷ টিভিৰ চাহিদা বৃদ্ধি কৰাৰ কৌশল হিচাপে উৎপাদনকাৰী কিছুসংখ্যক কোম্পানীয়ে টিভিৰ দাম হ্রাস কৰি দিয়াৰ পাছতো বজাৰত চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই৷
যদি চলিত মাহৰ শেষৰফালে চাহিদা বৃদ্ধি নাপায়, তেন্তে বহু ব্যৱসায়ীয়ে ইলেক৲ট্রনিক সামগ্রীৰ বিক্রী বন্ধ কৰিব লাগিব৷ উল্লেখযোগ্য যে জি এছ টিৰ বাবে নির্মাণ সামগ্রী ৰড, চিমেণ্ট আদিৰ বিক্রী কেনেদৰে নিম্নগামী হৈছে, সেই কথা আমাৰ পূর্বৰ প্রতিবেদনত প্রকাশ পাইছিল৷ সেইদৰে দেশৰ অর্থনৈতিক মন্দাৱস্থাই গাড়ীৰ বিক্রীৰ ক্ষেত্রতো কেনেদৰে নেতিবাচক প্রভাৱ পেলাইছে, তাৰ ওপৰত এক প্রতিবেদন প্রকাশ পাইছিল৷
গুৰুত্বপূর্ণ যে জি এছ টিৰ বাবেই বজাৰত উপলব্ধ সামগ্রীসমূহৰ বিক্রী অস্বাভাৱিক গতিত হ্রাস পাই যোৱাটো অর্থনীতিৰ বাবে অতি ভয়ংকৰ৷ সাধাৰণতে অর্থনীতিত উত্থান-পতন থাকে যদিও এইবাৰ জি এছ টিয়ে সামৰি লোৱা প্রায়বোৰ সামগ্রীৰ বিক্রী নিম্নগামী হোৱাত ব্যৱসায়ী, উৎপাদনকাৰী প্রত্যক্ষভাৱে লোকচানৰ সন্মুখীন হৈছে৷
Comments