কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক উভতি ধৰিছে কংগ্রেছৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ নির্মলা সীতাৰমণে মিথ্যাচাৰৰ আশ্রয় লোৱাৰ অভিযোগ কৰিছে নগাঁৱৰ সাংসদজনে৷
আজি ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰি কংগ্রেছৰ জ্যেষ্ঠ নেতাজনে কয় যে দেশৰ বিত্তীয় অৱস্থা সুচল বুলি কৈ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে গুৱাহাটীত কালি সংবাদ মাধ্যমৰ আগত সম্পূর্ণ মিছা মাতিছে৷ দেশত বর্তমান অর্থনৈতিক মহা মন্দাৱস্থা চলি আছে বুলি অভিযোগ উত্থাপন কৰে সাংসদ বৰদলৈয়ে৷ সংবাদমেলত তেওঁ এইবুলি প্রশ্ন কৰে– ‘নির্মলা সীতাৰমণে দাবী কৰাৰ দৰে যদি দেশৰ অর্থনৈতিক অৱস্থা সুস্থিৰ, তেন্তে চৰকাৰে ৰিজার্ভ বেংকৰ পৰা বৃহৎ অংকৰ ধন লৈছে কিয়?’ প্রদ্যুৎ বৰদলৈয়ে অভিযোগ কৰে যে প্রধানমন্ত্রী মোদীৰ ভুল অর্থনৈতিক নীতিৰ বাবে দেশত এই অচলাৱস্থাৰ সৃষ্টি হৈছে৷
বিমুদ্রাকৰণ আৰু জি এছ টিৰ বাবেই দেশৰ অর্থনীতি বিধবস্ত হৈছে বুলি তেওঁ কয়৷ কংগ্রেছী সাংসদজনে আৰু কয় যে দেশ স্বাধীন হোৱাৰ পাছত মোদীৰ কার্যকালতেই নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ‘নতুন চাকৰি বাদ দিয়ক ৩ কোটি মানুহে কর্মসংস্থাপন হেৰুৱাইছে৷ দেশৰ মানুহে যাতে এইবোৰ গম নাপায় চৰকাৰে তথ্য গাপ দি ৰাখিছে৷’ সংবাদমেলত এইদৰে কয় সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷
Comments