প্রধানমন্ত্রীয়ে স্বচছতা সম্পর্কে দেশৰ সকলো চৰকাৰী বিভাগ, বেচৰকাৰী প্রতিষ্ঠানৰ উপৰি নাগৰিকক আহবান জনাই থকা অৱস্থাত বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ, বিদেশৰ পর্যটকে কাজিৰঙাত উপস্থিত হৈ প্রস্রাৱাগাৰ আৰু শৌচাগাৰৰ দুৰৱস্থা দেখি আশ্চর্য প্রকাশ কৰাৰ লগতে নাক কোঁচাই আঁতৰি যাবলৈ বাধ্য হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কেন্দ্রস্থল কঁহৰা বনাঞ্চল৷ ৰাষ্ট্রীয় উদ্যানখন দর্শন কৰিবলৈ যোৱাৰ পূর্বে দেশ-বিদেশৰ সকলো পর্যটকে কঁহৰাত অৱস্থিত বন বিভাগৰ অভ্যর্থনা কেন্দ্রৰ পৰা অনুমতি পত্র লোৱাটো বাধ্যতামূলক৷
প্রায় সংখ্যক পর্যটকে এই স্থানতে অর্থাৎ উদ্যানত প্রৱেশ কৰাৰ পূর্বেই শৌচ - প্রস্রাৱ কৰাৰ ইচছা কৰে৷ কাৰণ উদ্যানৰ ভিতৰত ছাফাৰী কৰি থকা অৱস্থাত য’তে - ত’তে গাড়ীৰ পৰা নামি শৌচ - প্রস্রাৱ কৰাটো নিৰাপত্তাৰ দিশৰ পৰা বিপজ্জক৷ উল্লেখযোগ্য যে দুদিনমান পূর্বে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ যোৱা বিশেষকৈ কেইবাজনো বিদেশী পর্যটকে কঁহৰাত অৱস্থিত বন বিভাগৰ অভ্যর্থনা কেন্দ্রৰ কাষত থকা বেম্ব মিছনে নির্মাণ কৰা লেতেৰা, দুর্গন্ধময়, আৱর্জনাৰে ভৰি থকা প্রস্রাৱগৰলৈ গৈ নাক কোঁচাই উভতি অহা পৰিলক্ষিত হৈছিল৷ পৰিতাপৰ কথা যে বিশ্ব ঐতিহ্য ক্ষেত্রৰ কেন্দ্রস্থলৰ এনে দুৰৱস্থাৰ কেইবাখনো চিত্র বিদেশী পর্যটকে নিজৰ ম’বাইলত লোৱা দেখা গ’ল৷ স্বচছতা বা পৰিষ্কাৰ-পৰিচছন্ন , পলিথিন বর্জনৰ কথা প্রধানমন্ত্রীয়ে বাৰম্বাৰ কৈ থকাৰ পাছতো কাজিৰঙাৰ এই দৃশ্যই প্রধানমন্ত্রীৰ সকলো আহবান অথলে যোৱা বুলি কেইবাজনো পর্যটকে মত প্রকাশ কৰিছে৷
বন বিভাগৰ অভ্যর্থনা কেন্দ্রৰ কাষত বিদেশী পর্যটকৰ এই দুৰৱস্থা দেখি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কেইবাজনো বন বিষয়াই লজ্জানত হ’বলৈ বাধ্য হৈছিল৷ উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা সকলো পর্যটকক ঘৰুৱা আতিথ্য প্রদান কৰাৰ লগতে প্লাষ্টিক মুক্ত কাজিৰঙা গঢ়ি পৰিৱেশ পৰিষ্কাৰ-পৰিচছন্ন কৰাৰ আহবান জনাই ১২ অক্টোবৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেশ-বিদেশৰ পর্যটকৰ দর্শনৰ সুবিধার্থে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান মুকলি কৰিছিল৷
বিশ্বৰ প্রায় সংখ্যক পর্যটকৰ আকর্ষণৰ কেন্দ্র স্থান, দেশৰ ১৭ টা টুৰিজম আইকনিকৰ ভিতৰত কাজিৰঙা এটা প্রধান টুৰিজিম আইকনিক স্থান হিচাপে পৰিগণিত হোৱা, ৰাজ্যখনৰ ভিতৰতে অধিক সংখ্যক পর্যটকৰ আগমনৰ স্থান হোৱাৰ পাছতো কাজিৰঙা পর্যটনস্থলীৰ এই দুৰৱস্থা দেখি দেশ-বিদেশৰ পর্যটকে আক্ষেপ প্রকাশ কৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিচালনা কৰিবলৈ এটা বিয়াগোম বন বিভাগৰ উপৰি অসম পর্যটন বিভাগ, বোকাখাত মহকুমা, গোলাঘাট জিলা প্রশাসন থকাৰ পাছতো কাজিৰঙালৈ আগমন ঘটা দেশ-বিদেশৰ পর্যটকৰ শৌচ - প্রস্রাৱৰ কাৰণে পৰিষ্কাৰ-পৰিচছন্ন শৌচাগাৰ বা প্রস্রাৱাগাৰ নথকাটো পর্যটকসকলৰ কাৰণে আশ্চর্যৰ কথা হৈ পৰিছে৷ আনহাতে, দেশ-বিদেশৰ পর্যটকৰ পৰা প্রতি বছৰে কোটি কোটি টকাৰ ৰাজহ সংগ্রহ হৈ থকাৰ পাছতো পর্যটকৰ অতি লাগতিয়াল শৌচ , প্রস্রাৱাগাৰ , জিৰণি গৃহ , খোৱা পানী, নিশা উপযুক্ত পোহৰৰ ব্যৱস্থা ,অভ্যর্থনা কক্ষ , যাদু গৃহ বা সংগ্রহালয় আদিৰ কোনো ব্যৱস্থা নাথকাটো দুর্ভাগ্যজনক বুলি পর্যটকে মত প্রকাশ কৰিছে৷
Comments