অসমীয়া ছবিৰ উৎসাহজনক পৰিৱেশ চলি থকা সময়তে এই পৰিৱেশক আৰু অধিক উজ্জীৱিত কৰা সংবাদ এটিয়ে চলচিচত্রমোদীসকলক আনন্দিত কৰি তুলিছে৷ অহা ২০ নৱেম্বৰৰ পৰা গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব লগা ভাৰতৰ আন্তর্জাতিক চলচিচত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানত প্রদর্শন হ’বলৈ নির্বাচিত হৈছে চলচিচত্র সমালোচক আৰু চুটি ছবি নির্মাতা উৎপল দত্তৰ শেহতীয়া ব্যয়বহুল চুটি ছবি ‘বহুবৃত্ত’৷ উল্লেখযোগ্য যে ইণ্ডিয়ান পেনোৰামাৰ এইবাৰৰ বাবে নির্বাচিত হোৱা একমাত্র অসমীয়া ছবি এইখনেই৷
অসম চৰকাৰৰ উচচপদস্থ প্রশাসনীয় বিষয়া আৰু লেখক স্বপ্না দত্ত ডেকাৰ এটি কবিতা ‘বহুবৃত্ত’ৰ ভেটিত নির্মাণ কৰা হৈছে এই চুটি ছবিখন৷ একোগৰাকী শিক্ষিতা নাৰীয়ে যে পৰম্পৰা, লোক-বিশ্বাস, পুৰুষ আধিপত্য, সীমাবদ্ধ বাস্তৱ আদিৰ বিভিন্ন বৃত্তৰ মাজত ঘূৰি থাকিও নিজৰ মনৰ ভিতৰৰ ছন্দোময় জীৱনৰ আনন্দ উপভোগ কৰিব পাৰে, মুক্তিৰ আনন্দ উপভোগ কৰিব পাৰে, সেই কথাকে কবিতাটিৰ মাজেৰে কোৱা হৈছে আৰু এই বক্তব্যৰ ভেটিতেই ছবিখন গঢ় লৈ উঠিছে৷ এই চুটি ছবিখন ‘পয়েট্রি ফিল্ম’ শৈলীত নির্মিত আৰু এই শৈলীত চিনেমা নির্মাণৰ প্রয়াস তেনেই সীমিত৷ উল্লেখযোগ্য যে ইয়াৰ আগতে শ্রীদত্তৰ ‘বাইলেন টু’ নামৰ ছবিখনো ইণ্ডিয়ান পেনোৰামাত প্রদর্শিত হৈছিল৷ ‘বহুবৃত্ত’ ইতিমধ্যে কেইবাটিও আন্তর্জাতিক চলচিচত্র মহোৎসৱত প্রদর্শিত হৈছে আৰু একাধিক মহোৎসৱলৈ আমন্ত্রিত হৈছে৷
উল্লেখযোগ্য যে মুম্বাইত প্রতিষ্ঠিত অসমৰ প্রসিদ্ধ শব্দযন্ত্রী অমৃত প্রীতমে এই ছবিৰ যোগেৰেই সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰিছে আৰু প্রথম ছবিৰ যোগেৰেই তেওঁ সংগীত ৰচনাত পাৰদর্শিতা প্রদর্শন কৰিছে বুলি সমালোচকে মন্তব্য কৰিছে৷ তেওঁ এই ছবিখনৰ ছাউণ্ড ডিজাইনিঙৰ কামো কৰিছে৷ ছবিখনৰ শব্দ সংযোজন কৰা হৈছে ৫.১ পদ্ধতিত, যিয়ে ছবিখনৰ দৃশ্যৰূপটোক অধিক তীব্র আৰু সংবেদনক্ষম কৰি তুলিছে৷ মুম্বাইৰ প্রসিদ্ধ চলচিচত্র সম্পাদক অসীম সিনহাই এই ছবিখন সম্পাদনা কৰিছে৷ শ্যাম বেনেগালৰ ‘মাম্মো’, ‘জুবেইদা’, ‘ৱেলকাম টু চজ্জনপুৰ’ আদি ছবিৰ প্রসিদ্ধ সম্পাদক অসীম সিনহাৰ এইখন প্রথম অসমীয়া ছবি৷
সম্পাদনাৰ প্রসংগত প্রসিদ্ধ চলচিচত্র সমালোচক বিশ্বনাথ সুব্রমণিয়ামে কৈছে– ‘সম্পাদক অসীম সিনহাই ইমান সুন্দৰকৈ ছন্দময় গতি ৰক্ষা কৰিছে যে ই ছবিৰ মেটাফ’ৰবোৰক অধিক তীব্র কৰি তুলিছে আৰু কবিতাটিৰ দৃশ্যৰূপটোৰ আৱেদন গভীৰ কৰি তুলিছে৷’ ছবিখনৰ দৃশ্যগ্রহণৰ কাম কৰিছে অসমৰ তৰুণ প্রজন্মৰ চিত্রগ্রহণকাৰী নগেন বৈশ্যই৷ শ্রী বৈশ্যৰ শেহতীয়া উল্লেখযোগ্য কাম হ’ল জুবিন গার্গৰ ‘কাঞ্চনজংঘা’ৰ আংশিক চিত্রগ্রহণ৷ ছবিখনৰ শিৰোনাম অংকন কৰিছে কলকাতাৰ প্রসিদ্ধ চিত্রশিল্পী সৌৰিশ মিত্রই৷
প’ষ্টাৰ ডিজাইন কৰিছে ড০ সঞ্জীৱ বৰাই৷ ছবিখনৰ দুটি চৰিত্রত অভিনয় কৰিছে উদয়ন দুৱৰা আৰু প্রণামী বৰাই৷ ছবিখনৰ নির্মাণৰ বিভিন্ন দিশত সহযোগ কৰিছে ৰমেন বৰা আৰু অনুপম হাজৰিকাই আৰু পৰিচালনাৰ দিশত সহায় কৰিছে সীমান্ত বার্মাই৷ অসমৰ এগৰাকী বিশিষ্ট চিত্র পৰিচালক মঞ্জু বৰাই অৰুণাচলৰ পটভূমিত ‘পাংচেংপা’ ভাষাত নির্মাণ কৰা ছবি ‘ইণ্ড দা লেণ্ড অব৲ পইজন ওমেন’ খনো ইণ্ডিয়ান পেনোৰামাৰ বাবে নির্বাচিত হৈছে৷
Comments