অহা ১ নৱেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব ২১সংখ্যক উত্তৰ-পূব গ্রন্থমেলা৷ অসমৰ ভিন্ন প্রান্তত বছৰটোৰ ভিন ভিন সময়ত গ্রন্থমেলাৰ আয়োজন কৰা হয় যদিও গুৱাহাটীত প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী গ্রন্থমেলা আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই আয়োজন কৰা উত্তৰ-পূব গ্রন্থমেলা দুখনক লৈ সাহিত্যানুৰাগী-লেখক সমাজে যেন অধীৰ আগ্রহেৰে বাট চাই থাকে৷ সেয়ে এই দুখন গ্রন্থমেলাত সমাগম হয় যথেষ্টসংখ্যক সাহিত্যৰ সৈতে জড়িত লোকৰ৷ কিন্তু দুখৰ বিষয় যে শেহতীয়াভাৱে এই গ্রন্থমেলাত গ্রন্থৰ চাহিদা পূর্বৰ তুলনাত লক্ষণীয়ভাৱে হ্রাস পাইছে৷
অসমীয়া ভাষা সাহিত্যৰ বাবে ই এক চিন্তাৰ বিষয়৷ কেৱল গ্রন্থমেলা বুলিয়েই নহয়, ৰাজ্যখনৰ বৌদ্ধিক উশাহৰ কেন্দ্রস্থল পাণবজাৰতো এতিয়া গ্রন্থৰ ব্যৱসায়ত চলিছে মন্দাৱস্থা৷ বাতৰি অনুসৰি পাণবজাৰৰ এসময়ৰ একাংশ সম্ভ্রান্ত প্রকাশন গোষ্ঠীয়ে এতিয়া চৰম প্রত্যাহবানৰ সন্মুখীন হৈ গ্রন্থ বিপণীত ম’বাইল হেণ্ডছেট, ষ্টেছনাৰী সামগ্রী আদি বিক্রী কৰিবলৈ বাধ্য হৈছে৷ যদিহে সঁচাকৈয়ে এইধৰণৰ অৱস্থা হৈছে, তেতিয়াহ’লে ই কেৱল কিতাপৰ ভৱিষ্যতক লৈয়ে নহয়, অসমীয়া জাতিৰ ভৱিষ্যতলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ এই ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা মানে গ্রন্থ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেই যে ক্ষতিগ্রস্ত হ’ব তেনে নহয়, ইয়ে অসমীয়া জাতিক লাহে লাহে মৃত্যুমুখলৈ ঠেলি দিব৷ কাৰণ ভাষা-সাহিত্য অবিহনে এটা জাতিৰ মেৰুদণ্ড পোন হৈ থকাৰ কল্পনা কৰিব নোৱাৰি৷ সেয়ে সাম্প্রতিক সময়ত অসমৰ গ্রন্থ ব্যৱসায়ত দেখা দিয়া এই পৰিস্থিতিৰ কাৰণ ফঁহিয়াই ইয়াৰ সঠিক পদক্ষেপ গ্রহণ নকৰিলে জাতিটো অন্ধকাৰত ডুব যোৱাটো নিশ্চিত৷ কিন্তু এইটো কথাও ঠিক যে গ্রন্থমেলা নাইবা পাণবজাৰত গ্রন্থ বিক্রী হ্রাস পোৱা মানে অসমীয়াৰ মাজত যে কিতাপ পঢ়াৰ অভ্যাস একেবাৰে নাইকিয়া হৈছে, সেয়া সম্পূর্ণ মিছা কথা৷ বর্তমানৰ উন্নত প্রযুক্তিবিদ্যাৰ যুগত, হাতে হাতে দামী দামী ম’বাইল থকাৰ সময়ত মানুহে নিজৰ ৰুচি অনুযায়ী বজাৰলৈ নোযোৱাকৈ অনলাইনযোগে কিতাপৰ অর্ৰ দি ঘৰত বহিয়েই কিতাপৰ আমেজ লৈছে৷ ইয়াৰ দ্বাৰা সময়ো ৰাহি হৈছে৷
একেদৰে বহুতেই ইণ্টাৰনেটতেই মন পচন্দৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিছে৷ অর্থাৎ যিসকলৰ আগ্রহ আছে তেওঁলোকে বর্তমান সময়তো পঢ়াৰ অভ্যাস এৰি দিয়া নাই আৰু সেয়ে গ্রন্থৰ বিক্রী হ্রাস পোৱাৰ বাবে একমুখে পাঠকক জগৰীয়া কৰাটো সমীচীন নহ’ব৷ এইক্ষেত্রত প্রকাশক-লেখকসকলৰো দায়িত্ব কোনো গুণে কম নহ’ব৷ ভালকৈ লক্ষ্য কৰিলে দেখা যাব যে এতিয়াও গ্রন্থমেলাই হওক বা পাণবজাৰতেই হওক, যিকেইখন গ্রন্থৰ চাহিদা বেছি, সেইকেইখন সঁচা অর্থত একো একোখন গুণগতভাৱে মানসম্পন্ন গ্রন্থ৷ অর্থাৎ ভাল গ্রন্থৰ কদৰ আজিও আছে আৰু থাকিবই৷ কিন্তু বর্তমান সময়ত বছৰি প্রকাশ পোৱা গ্রন্থসমূহৰ মাজৰ কেইখন গ্রন্থৰ মান লেখতল’বলগীয়া বিধৰ? বহু সময়ত এনে হৈছে যে কিছুমান লেখকৰ অতি নিম্নমানৰ গ্রন্থও নামী-দামী প্রকাশন গোষ্ঠীয়ে প্রকাশ কৰি বজাৰত এৰি দিছে৷ আৰু এইসমূহ গ্রন্থৰ পাতনি-আগকথাত গ্রন্থখনৰ প্রশংসাৰে ওপচাই পেলাইছে ৰাজ্যৰ এচাম স্বনামধন্য সাহিত্যিকে৷ ফলত গ্রন্থখন ক্রয় কৰি আগ্রহেৰে পঢ়িবলৈ আৰম্ভ কৰি পাঠকে যি অভিজ্ঞতাৰ মুখামুখি হয়, তাৰ পাছত তেওঁৰ মানসিকতা কি হ’ব সেয়া সহজেই অনুমেয়৷ এইক্ষেত্রত দোষ পাঠকৰ নে প্রকাশক-লেখক নাইবা পাতনি লেখা স্বনামধন্য সাহিত্যিকসকলৰ?
প্রকাশকসকলৰ সন্মুখত এই প্রশ্ন অৱতাৰণা কৰিলে তেওঁলোকে নিশ্চয়কৈ তেওঁলোকৰ ব্যৱসায়ৰ প্রতি লক্ষ্য ৰাখি এই কাম কৰা বুলি ক’ব৷ যদি তেনেকুৱাই হয় তেতিয়াহ’লে পাঠকে গ্রন্থ ক্রয় নকৰা বুলি কোৱাৰ নৈতিক অধিকাৰো নাই তেওঁলোকৰ৷ ভাল গ্রন্থ সৃষ্টিৰ ক্ষেত্রত প্রকাশকসকলে গুৰুত্ব দিলেহে গ্রন্থৰ ব্যৱসায়ৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰিব, অন্যথা পৰিস্থিতি আৰু বেয়াৰ ফাললৈ গতি কৰিব৷ এটা সৰু উদাহৰণ এইক্ষেত্রত দিব পাৰি৷ অসমীয়া চলচিচত্র উদ্যোগটো মৃত্যুৰ দুৱাৰডলিত বুলি কিছুদিন আগলৈকে খুব হৈ-হাল্লা চলি আছিল৷ কিন্তু অতি শেহতীয়াভাৱে ‘কাঞ্চনজংঘা’ আৰু ‘ৰত্নাকৰ’ৰ দৰে ছবিয়ে প্রমাণ কৰি দিলে যে গুণগতভাৱে ভাল বস্তুৰ প্রতি সদায়ে কদৰ আছে৷
ইয়াৰ উপৰি এচাম লেখকেও কেৱল সস্তীয়া জনপ্রিয়তাৰ বাবেই লেখাৰ নামত কিছুমান অখাদ্য গোটাই ধনৰ বলত নিজে নিজৰ গ্রন্থ প্রকাশ কৰি অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱাৰ নামত যে ঘোৰ অন্ধকাৰৰ ফালে ঠেলি দিছে, সেয়া নুবুজিলে আৰু বেয়া দিনৰ সন্মুখীন হ’ব লাগিব আমি৷ একেদৰে জাতি-মাটি-ভেটিৰ শ্ল’গান আওৰাই থকা চৰকাৰখনে ভেলেকি-বাজি দেখুওৱা বন্ধ কৰি লেখক-প্রকাশকসকলক উদগনি যোগাবলৈ পদক্ষেপ গ্রহণ কৰাৰ সময় সমাগত৷ এনে নকৰিলে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যতেই যে বিপদাপন্ন হ’ব তেনে নহয়, এই ব্যৱসায়ৰ সৈতে জড়িত লক্ষ লক্ষ মানুহৰ জীৱিকালৈ নামি আহিব ভয়ংকৰ সংকট৷
Comments