comments
আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন। এই অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ বাবে তৎপৰ কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰৰ এই সিদ্ধান্তই উত্তাল কৰি তুলিছে উত্তৰ–পূবৰ পৰিৱেশ। নতুন ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰি আইনত পৰিণত কৰিব বিচৰাৰ লগে লগেই জাঙুৰক খাই উঠিছে ৰাজ্যৰ দল-সংগঠন।