comments
গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ এক বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি৷ বিশিষ্ট শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰি থকা প্ৰতিমূৰ্তিটো আগন্তুক ২৪ নৱেম্বৰ অৰ্থাৎ লাচিত দিৱসৰ দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্ৰাবাসৰ সন্মুখত নিৰ্মাণ কৰি থকা ১৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবদ ব্যয় হৈছে প্ৰায় ১৫ লাখ টকা৷আৱাসটোৰ প্ৰাক্তন আৱাসী সকলৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমূৰ্তিটো ৷