এক গুৰুত্বপূর্ণ পৰিৱর্তনৰ সূচনা কৰি ভাৰতে দ্রুতগতিত ডিজিটাইজেশ্যনৰ দিশত গতি কৰিছে৷ কার্যপ্রৱাহ আৰু প্রক্রিয়াসমূহৰ সৈতে প্রযুক্তিৰ সংমিশ্রণে সংস্থাসমূহৰ কার্য সম্পাদনৰ দিশত এক ব্যাপক পৰিসৰত বৈপ্লৱিক পৰিৱর্তন আনিছে৷ কনিকা মিন’ল্টা বিজনেছ ছলিউশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেডে শেহতীয়াকৈ মন’ক্রম আৰু কালাৰ ৰেঞ্জত উদ্ভাৱনশীল অফিচ মাল্টি-ফাংচ’নেল প্রডাক্টসমূহ মুকলি কৰিছে৷
শেহতীয়াকৈ এ৩ খণ্ডত ৫টা মন’ক্রম আৰু ৩টা কালাৰ মডেল কোম্পানীটোৱে মুকলি কৰিছে৷ তদুপৰি এই পৰিৱর্তনৰ গতিৰ লগত মিলাই চলাৰ ক্ষেত্রত ব্যৱসায়ীসকলক সহায় কৰিবলৈ এ৪ খণ্ডত তেওঁলোকে ৫টা মডেল মুকলি কৰিছে৷ ইয়াৰ প্রযুক্তিগত অফিচ প্রিণ্টিং ছলিউশ্যনৰ সৈতে বর্তমান সংঘটিত হৈ থকা ভাৰতৰ ডিজিটেল পৰিৱর্তনৰ প্রতি কনিকা মিন’ল্টাৰ থকা প্রতিশ্রুতিবদ্ধতা এই মুকলিয়ে প্রমাণ কৰে৷
ভাৰতীয় ব্যৱসায়সমূহৰ নির্দিষ্ট আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ এই শেহতীয়া প’র্টফলিঅ’ৰ সম্প্রসাৰণৰ দ্বাৰা মুকলি কৰা প্রডাক্টসমূহে বিশেষ ভূমিকা ল’ব৷ এই মুকলিৰ উপলক্ষত, কনিকা মিন’ল্টা বিজনেছ ছলিউশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ডাইচুকে মৰীয়ে কয় যে প্রিণ্ট আৰু প্রিণ্টিঙৰ ক্ষেত্রত কনিকা মিন’ল্টাই উদ্ভাৱনশীল প্রডাক্ট মুকলি কৰাৰ ক্ষেত্রত সদায় অগ্রণী ভূমিকা লৈ আহিছে৷
কালাৰ প্রিণ্টিঙৰ ক্ষেত্রত, ইগ’ল এল ছিৰিজ হৈছে অগ্রণী এ৩ কালাৰ এম এফ পি ছিৰিজ, যিসমূহ তিনিটা ভেৰিয়েণ্টত– বিজহাব চি৩৬০আই (৩৬ পি পি এম), বিজহাব চি৩০০আই (৩০ পি পি এম), বিজহাব চি২৫০আই (২৫ পি পি এম) উপলব্ধ হ’ব আৰু এইসমূহত শেহতীয়া প্রিণ্ট, কপি, স্কেন আৰু ষ্ট’ৰ সক্ষমতা থাকিব৷ স্পেৰ’ ছিৰিজ হৈছে উত্তম শ্রেণীৰ এ৪ কালাৰ এম এফ পি ছিৰিজ যিটোৰ উন্নত প্রিণ্ট, কপি, স্কেন আৰু ষ্ট’ৰ কৰাৰ সক্ষমতা থাকিব৷
১২০০ ডি পি আই পর্যন্ত শ্রেষ্ঠতম প্রিণ্ট সক্ষমতা থকা আৰু এক হাই স্পীডযুক্ত ডকুমেণ্ট ফীডাৰ থকা এই স্পেৰ’ ছিৰিজে দ্রুত, সুন্দৰ আৰু কষ্টবিহীন প্রিণ্ট অপাৰেশ্যন সম্পাদন কৰিব৷ কালাৰ এম এফ পিসমূহৰ উপৰি কনিকা মিন’ল্টাই শেহতীয়া মন’ক্রম প্রিণ্টিং খণ্ডত ডেনেব এম এল কে আৰু অলটায়াৰ আৰ ছিৰিজ আগবঢ়াইছে৷
৭ টাচচ পেনেলৰ সৈতে এই ডেনেব এম এল কে ছিৰিজক স্মার্টফ’ন আৰু টেবলেটৰ নিচিনাকৈ বনোৱা হৈছে, যিয়ে ছিমবিহীন পৰিচালন সক্ষমতা প্রদান কৰে৷ আনহাতে অলটায়াৰ আৰ ছিৰিজ হৈছে এ৩ মন’ক্রম এম এফ পি ছিৰিজৰ এটা প্রৱেশ স্তৰ যিটো ভাৰতত ক্ষুদ্র আৰু মজলীয়া ব্যৱসায় চলোৱাৰ ক্ষেত্রত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে ৷ এই ছিৰিজৰ প্রডাক্টে স্কেন কৰা ডাটা পোনপটীয়াকৈ ইউ এছ বিত সংৰক্ষণ কৰে আৰু এটা পি চিৰ সহায় নোলোৱাকৈয়ে সহজতে কার্য সম্পাদন কৰাত সহায় কৰে৷