comments
মঙলদৈ ক্রীড়া সন্থাৰ উদ্যোগত চলি থকা ডাঃ ৰেৱতী মোহন বৰদলৈ সোঁৱৰণী ছুপাৰ ডিভিজন ফুটবল লীগত শতবর্ষ গৰকা মঙলদৈ টাউন ক্লাবে চেম্পিয়নৰ সন্মান লাভ কৰিছে৷ টাউন ক্লাবে ৭খন খেলত অংশগ্রহণ কৰি পাঁচখনত জয়লাভ কৰাৰ লগতে দুখনত ড্র খেলি সর্বাধিক ১৭ পইণ্টেৰে শীর্ষস্থান দখল কৰি খিতাপ অর্জন কৰে৷ আনহাতে যোৱাবাৰৰ চেম্পিয়ন চিৰসেউজী সংঘই ১২ পইণ্টেৰে দ্বিতীয় আৰু নর্থ মঙলদৈ ক্লাব আৰু মুদৈবড়ী জৌংলাউৰী ক্লাবে ১১ পইণ্টকৈ লাভ কৰি যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে৷