গোটা জাবৰ ব্যৱস্থাপনাৰ পৰিচালনা নিয়ম ২০১৬ অনুসৰি গোটা জাবৰ উৎসতে পৃথকীকৰণ আৰু পৃথকীকৰণ হিচাপে সমূহ আৱাস গৃহ আৰু ব্যাৱসায়িক প্রতিষ্ঠানৰ পৰা পৌৰ সভাই জাবৰ উঠোৱাটো বাধ্যতামূলক৷ এই নিয়ম তিনিচুকীয়া পৌৰ সভাই মানি চলিবলৈ প্রচেষ্টা হাতত লৈছে৷ তিনিচুকীয়া পৌৰ সভাৰ অন্তর্গত সকলো আৱাসগৃহ, স্কুল-কলেজ, ব্যাৱসায়িক প্রতিষ্ঠান আদিত জাবৰ পেলোৱা দুটা পাত্র থাকিব লাগিব৷ এটা পাত্রত শুকান জাবৰ আৰু আনটো পাত্রত জৈবিক বা ভিজা জাবৰ ৰাখিব লাগিব৷
উক্ত অঞ্চলত জাবৰ কঢ়িওৱা গাড়ী যেতিয়াই যাব দুয়োটা পাত্র আনি জাবৰ সংগ্রহ কৰা গাড়ীত দিব লাগিব৷ ইয়াৰ বাবত স্বচছ ভাৰত অভিযান (চহৰ) নির্দেশনা অনুসৰি ৭৫ টকা আৰু ১০০ টকাকৈ আৰু ডাঙৰ ব্যাৱসায়িক প্রতিষ্ঠানৰ পৰা ৩০০ টকাকৈ আদায় ল’ব বুলিও তিনিচুকীয়া পৌৰ সভাই সদৰী কৰিছে৷ আনহাতে গোটা জাবৰ ব্যৱস্থাপনাৰ পৰিচালনা নিয়ম ২০১৬ উলংঘা কৰিলে ব্যাৱসায়িক প্রতিষ্ঠান, আৱাসগৃহ, হোটেল আদিৰ পৰা ৫০০ টকাৰ পৰা ৫০০০ টকা পর্যন্ত জৰিমনা আদায় ল’ব বুলিও উল্লেখ কৰি প্রতিষ্ঠানসমূহত জাবৰ ব্যৱস্থাপনাৰ নিয়মসমূহ সঘনাই পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিছে৷ আনকি দুবাৰকৈ গোটা জাবৰ ব্যৱস্থাপনাৰ পৰিচালনা নিয়ম ভংগ কৰিলে ব্যাৱসায়িক প্রতিষ্ঠানৰ অনুজ্ঞা-পত্র পর্যন্ত বাতিল কৰিবলৈ তিনিচুকীয়া পৌৰ সভাই নির্দেশনা দিছে৷