প্ৰণৱজ্যোতি দত্ত,২৪ ছেপ্টেম্বৰ:অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি কেলেংকাৰীৰ অন্যতম নায়ক বিজেপি নেতা দিবন ডেকাৰ দুৰ্নীতিৰ নতুন তথ্য পোহৰলৈ আহিছে৷পশুধন নিগমৰ কোটিটকীয়া বহু আঁচনি অবৈধভাৱে লাভ কৰিছে বিজেপি নেতাগৰাকীয়ে৷হাঁহ-কুকুৰাৰ ভুৱা ফাৰ্মৰ ফটো দেখোৱাই নিগমৰ পৰা লাখ লাখ টকা সৰকাইছে বুলি অভিযোগ উত্থাপিত হৈছে দিবন ডেকাৰ বিৰুদ্ধে৷
ইয়াৰ লগতে দিবন ডেকাৰ পত্নীয়েও জালিয়াতিৰে জনসংযোগ বিভাগত নিযুক্তি লাভ কৰাৰ লগতে ভুৱা অভিজ্ঞতাৰ প্ৰমাণ-পত্ৰৰে পত্নী বিভা কলিতাই নিযুক্তি লাভ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন৷
কিন্তু কালি ছচিয়েল মিডিয়াত দিবন ডেকাই মন্তব্য কৰি কৈছিল যে,"মই BJP ২৪ বছৰ কৰিছো ; দল আৰু চৰকাৰক কেতিয়াও মই বিপদত পৰিব নিদিওঁ ! যোৱা ২০/৯/২০২০ তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ “SI” পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলো !মই ঠিক ১১ টা বাজি ২৮ মিনিটত What’s App যোগে প্রশ্নকাকতখন পাইছিলোঁ।লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেছৰ জৰিয়তে অৱগত কৰিছিলোঁ।
যিহেতু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পুৰ্ণ স্বচ্ছ আৰু নিকা ভাবে হওঁক!লগে লগে প্রদীক কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ কথা ভাবি তাৎক্ষণিক ভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে,তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো।অসম আৰক্ষীৰ যিটো চক্ৰই প্ৰশ্ন কাকত ফাদিল কৰিছে তাত বহুত ডাঙৰ মানুহ জড়িত হৈ আছে।
উক্ত চক্ৰটোত অসম আৰক্ষীৰ বহু কেইজন অসৎ বিষয়া জড়িত হৈ আছে।তাত এনেকুৱা এজন বিষয়াও জড়িত হৈ আছে যিজনে বহু মানুহক গুপ্ত হত্যা কৰিছে।তেওঁ মোৰ দৰে সৰু মানুহক যেতিয়াই তেতিয়াই মাৰি পেলাব পাৰে,যাৰ বাবে নিজৰ প্ৰাণৰ শংকাত অসম এৰি অন্য এখন ৰাজ্যত থিতাপি লব লগীয়া হল।
যেতিয়া পৰিস্থিতি সম্পূৰ্ণভাবে শিথিল হয় মই নিজেই সকলো কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম।আৰু এটা কথা অপপ্ৰচাৰ চলিছে মোৰ নিজা কিবা ছপাশাল থকা বুলি।যদি তেনেকুৱা কিবা প্ৰমাণ দিব পাৰে অসম চৰকাৰক মোক ফাঁচী দিবলৈ আহ্বান জনালোঁ।শেষত অসম চৰকাৰলৈ এটাই অনুৰোধ মোৰ অনুপস্থিতিত মোৰ পৰিয়ালৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব লয় যেন।"
কিন্তু এই কথা কিমান সত্য সেইটো চি আই ডিৰ সঠিক তদন্তত পোহৰলৈ আহিব।সঠিক ৰূপত তদন্ত কৰিলে আৰু বহু নেতা মন্ত্ৰীৰ নাম পোহৰলৈ আহিব৷
Comments