Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ২৮ ছেপ্টেম্বৰ:এতিয়াও পলাই আছে অসম আৰক্ষীৰ পৰীক্ষাৰ কেলেংকাৰীত জড়িত থকা প্ৰাক্তন ডি আই জি পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকা।আৰক্ষীৰ চকুত ধূলি মাৰি দুয়ো আত্মগোপন কৰি আছে।
আৰক্ষীয়েও পোৱা নাই কোনো সন্ধান।সেয়ে এইবাৰ অন্য সিদ্ধান্ত লৈছে আৰক্ষীয়ে।যদি কোনো লোকে পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পাৰে তেতিয়া তেওঁক আৰক্ষীয়ে পুৰস্কৃত কৰিব।
খবৰ দিয়োটাজনৰ পৰিচয় গোপনে ৰাখি নিৰপত্তা দিব আৰক্ষীয়ে।ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে সমগ্ৰ দেশৰ অনুসন্ধান এজেঞ্চী।উল্লেখযোগ্য যে,বিজেপি নেতা দিবন ডেকাক চি আই ডিয়ে হাততে পায়ো এৰি দিয়া বিষয়টোকলৈ বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে।
Comments