Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত, ২৯ ছেপ্টেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত আবেগিক আছিল বুলি মন্তব্য কৰি আকৌ বিজেপিলৈ উভতি গৈয়ো অভিনেতা যতীন বৰাই বচাব নোৱাৰিলে নিজৰ চকী। ইতিমধ্যে বিজেপি চৰকাৰে যতীন বৰাৰ পৰিৱৰ্তে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক চলচিত্ৰ নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি দিলে।
ইয়াৰ পিছতে পুনৰ সংবাদ মাধ্যমত যতীন বৰাক লৈ চলিল চৰ্চা।ছচিয়েল মিডিয়াত অভিনেতাজন ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ যতীন বৰাই পুনৰ মুখ খুলিলে।
সমালোচনাৰ মাজতেই যতীন বৰাই ক'লে যে," টি আৰ পি আছে বাবেই মোৰ কথা চৰ্চিত হয়।এতিয়া মই লাহে লাহে বুজি পাইছো।আগন্তুক বৰ্ষত মই থিয়েটাৰ বা চিনেমা কৰিলে ৰাইজে পুনৰ আঁকোৱালি ল'ব।সংবাদ মাধ্যমো মোৰ পিছে পিছে যাব।"
Comments