Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,২৯ ছেপ্টেম্বৰ:ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে যোৱা ২১ ছেপ্তেম্বৰৰ পৰা খুলিছে।বিদ্যালয়সমূহত ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে পাঠদান।
উল্লেখযোগ্য যে,কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে আজি পাঠশালাৰ তিনিখন বিদ্যালয়ৰ আঠগৰাকী শিক্ষাৰ্থী কৰ’নাত আক্ৰান্ত হৈছে।
জানিব পৰা মতে,ছাত্ৰ-ছাত্ৰী আৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালাৰ বিদ্যালয় তিনিখনে ক’ভিড টেষ্ট কৰিছিল।কৰ’না টেষ্টত এই আঠগৰাকী শিক্ষাৰ্থীৰ ফলাফল পজিটিভ আহে।
আঠগৰাকীকৈ শিক্ষাৰ্থী কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ চিন্তনীয় হৈ পৰিছে।
Comments