প্ৰণৱজ্যোতি দত্ত, ৩০ ছেপ্টেম্বৰ:ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত সৃষ্টি হৈছে নতুন নতুন ৰহস্যৰ।অসম আৰক্ষী তথা চি আই ডিৰ ভূমিকাতো উত্থাপন হৈছে প্ৰশ্ন।ইফালেসমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰা মন্তব্যৰ পাছতেই পুনৰ আৰম্ভ হৈছে বিশেষ চৰ্চাৰ।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,
"দালাল বিলাক আমাৰ পাৰ্টীৰ মানুহ নহয়।দিবন ডেকাই ২০১১ চনতে নিৰ্বাচন খেলিছিল। তেতিয়াৰ কথা কোনে মনত ৰাখিছে।এই কথাবিলাকৰ পাৰ্টীৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই।মই বিজেপিত ইমান দিন আছো কেতিয়াও তেনেকুৱা ব্যক্তিক দেখা নাই।মই ৬ বছৰত বিজেপি অফিচত তেনেকুৱা ব্যক্তি দেখা নাই।আপোনালোক সংবাদ মাধ্যমৰ মানুহে জানো তেওঁক দেখিছে?"
আনহাতে বিৰোধীয়ে অভিযোগ উত্থাপন কৰাটো সহজ’ বুলি কংগ্ৰেছক কটাক্ষ কৰি তেওঁ লগতে কয় যে, "২০ বছৰীয়া ৰাজনীতিত টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ আগলৈকে বিৰোধীয়ে অনুষ্ঠিত কৰা প্ৰত্যেক নিযুক্তিতে কেলেংকাৰী আছিল।"
উল্লেখযোগ্য যে,হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো লঘু কৰি এনে মন্তব্য কৰিলেও এই কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ আশে-পাশে থকা ক্ষমতাশালী লোকৰ নামো চৰ্চালৈ আহিছে।দিবন ডেকাৰ এই চাকৰি কেলেংকাৰীৰে পূৰ্বৰে পৰা জড়িত বুলি অভিযোগ উঠি আহিছে।ইফালে,বিজেপিৰ শাসনৰ কালছোৱাত পঞ্চায়ত, এ পি ডি চি এল, বন বিভাগৰ পৰীক্ষাত বহু বিসংগতিয়ে দেখা দিছিল।
মুঠৰ ওপৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সম্প্ৰতি ৰাজনৈতিক মোৰ লৈছে। বিৰোধীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ শাসকীয় পক্ষই কেৱল তদন্তৰ বিষয়টোহে কৈ নিজকে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে।
ৰাজ্যত দুৰ্নীতি ৰোধ আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিন সংঘটিত কেলেংকাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে বিজেপিক শাসনলৈ আনিছিল।কিন্তু এতিয়া চৰকাৰে একমাত্ৰ গাডী ৰক্ষাৰ স্বাৰ্থত যদি তদন্তৰ নামত ভেকোভাঁওনা কৰে তেতিয়াহ'লে অসমৰ ৰাইজ তথা শিক্ষিত নিবনুৱাই কি বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰক বিশ্বাসত ল'ব?
অসম আৰক্ষীৰ উপ-পৰিদর্শক পৰীক্ষা কেলেংকাৰিত এইপর্যন্ত মূল অভিযুক্ত হিচাপে অৱসৰপ্রাপ্ত ডি আই জি পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকাকে গণ্য কৰি থকা হৈছে৷কিন্তু শেহতীয়াকৈ দিছপুৰৰ এক শক্তিশালী চক্র প্রত্যক্ষভাৱে এই কেলেংকাৰিত জড়িত থকাৰ তথ্য পোৱা গৈছে যদিও সেই চক্রটোক এইপর্যন্ত তদন্তৰ আওতালৈ অনা নাই৷
লক্ষণীয় যে বিয়াগোম কেলেংকাৰিটোত জড়িত থকা বুলি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডৰ অধ্যক্ষ প্রদীপ কুমাৰৰ প্রতিও সন্দেহৰ আঙুলি উঠিছে৷কিন্তু তেওঁকো এইপর্যন্ত তদন্তৰ আওতালৈ অনা নাই৷
Comments