Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৩০ ছেপ্টেম্বৰ:এতিয়াও পলাই আছে অসম আৰক্ষীৰ পৰীক্ষাৰ কেলেংকাৰীত জড়িত থকা বিজেপি নেতা দিবন ডেকা।কিন্তু অতি সোনকালেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে বিজেপি নেতা দিবন ডেকাই।
দিবন ডেকাই আত্মসমৰ্পণৰ বাবে সাজু হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে,আত্মসমৰ্পণৰ বাবে ইতিমধ্যে দিবন ডেকাই বিশিষ্ট অধিবক্তা,আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।
উল্লেখযোগ্য যে,দিবন ডেকাৰ এই চাকৰি কেলেংকাৰীৰে পূৰ্বৰে পৰা জড়িত বুলি অভিযোগ উঠি আহিছে।বিশেষকৈ দিবন ডেকাক চি আই ডিয়ে হাততে পায়ো এৰি দিয়াৰ বিষয়টোকলৈ বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হৈছিল।
Comments