Cartoon
View Older
মনোৰঞ্জন মৰাণ, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰঃ তিনিচুকীয়া নগৰত ডকাইতি কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰোঁতেই তিনিচুকীয়া বাইপাছৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই দুখন বাহন সহ ছটা অভিযুক্তক আটক কৰা বুলি জানিব পৰা গৈছে। ছয় অভিযুক্ত আন কেইবাটাও গোচৰত জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে আটক কৰা কেইটা ক্ৰমে ৰুমী চুতীয়া, পাপু সোণোৱাল, ৰিংকু চাউৰক, অমৃত চুতীয়া, লিখন চুতীয়া আৰু চাইদুল হুছেইন বুলি প্ৰকাশ কৰিছে। ইয়াৰে চাইদুল হুছেইন তিনিচুকীয়াৰ থাৰ্মেলৰ হোৱাৰ বিপৰীতে বাকী কেইটা বাৰেকুৰিৰ। অভিযুক্ত কেইটাৰ পৰা এ এছ ০৬ কে ৭৩৪৮ ( চুইফট) আৰু এ এছ ২৩ এন ৭৫৮৫ ( বলেৰ) নম্বৰৰ দুখন বাহন আৰক্ষীয়ে জব্দ কৰিছে। তিনিচুকীয়া সদৰ আৰক্ষী থানাত ১০৩২/২০২০ নম্বৰৰ এটা গোচৰ ৰজু কৰিছে।
Comments