Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২১ ছেপ্টেম্বৰ:এইবাৰ কৃষকক ‘সন্ত্ৰাসবাদী’ আখ্যা দিছে কংগনা ৰানাৱটে।এটা টুইটত কংগনাই কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলক ‘সন্ত্ৰাসবাদী’ আখ্যা দিছে।
প্ৰধানমন্ত্ৰী মোদীৰ এটা টুইটৰ উত্তৰ হিচাপে মোদীক উদ্দেশ্যি কংগনাই লিখিছে যে, "শুই থকা লোকসকলক জগাব পাৰি কিন্তু শোৱাৰ ভাও ধৰি থাকিলে জগোৱা সম্ভৱ নহয়।
‘কা’ৰ জৰিয়তে এজনো নাগৰিকৰ নাগৰিকত্ব নোযোৱাৰ পাছতো তেজৰ নদী বোৱাই দিয়া সন্ত্ৰাসবাদীসকলৰ সৈতে এইসকলো একেই।"
উল্লেখযোগ্য যে,অভিনেত্ৰীগৰাকীৰ বিতৰ্কিত টুইটক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Comments