গুৱাহাটী , ২১ ছেপ্টেম্বৰ : নতুন ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িছে কৃষক মুক্তি সংগ্ৰাম সমিতি । এই সম্পৰ্কে জনমভূমি ডিজিটেলৰ পৰা সংগঠনৰ শীৰ্ষ বিষয়ববীয়া ধৈৰ্য্য কোঁৱৰক যোগাযোগ কৰাত তেওঁ ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি মন্তব্য কৰে ।
তেওঁ কয় যে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে নতুন ৰাজনৈতিক দল সম্পৰ্কে সকলো তথ্য লাভ কৰিব । বৰ্তমান সময়ত আমি ৭০টা জাতীয় সংগঠনৰ প্ৰতিনিধি, লগতে অসমৰ বিভিন্ন জাতি-জনজাতি-জনগোষ্ঠীৰ সৈতে কৃষক মুক্তিয়ে আলোচনা কৰি আছে ৷ সকলোকে সন্মিলিত ভাবে একেলগ কৰি কৃষক মুক্তিয়ে দল গঠন কৰিব বুলি জানিবলৈ দিয়ে ।
আনহাতে ঐক্যবদ্ধ আঞ্চলিক দল গঠনৰ ক্ষেত্ৰত কৃষক মুক্তিয়ে নিৰ্ধাৰণ কৰি দিয়া ২০ তাৰিখৰ অন্তিম সময়সীমাৰ ভিতৰত অসম জাতীয় পৰিষদৰ উত্তৰ আহিল নেকি কৰা এক প্ৰশ্নৰ উত্তৰত কৃষক মুক্তি সংগ্ৰাম সমিতিক জাতীয় পৰিষদে কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে বুলি যুটীয়া সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে
Comments