Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১০ অক্টোবৰ:১৫ অক্টোবৰত সমগ্ৰ দেশতে ছবিঘৰ সমুহ খোল খাব।কিন্তু সেই দিনটোতেই পুনৰবাৰ দেশৰ সকলো ছবিঘৰতে মু্ক্তি লাভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত আধাৰত নিৰ্মাণ কৰা ছবি "পি এম মোডী"।
বিশেষকৈ,এই ছবিখন ২০১৯ চনৰ ২৪ মে’ ত মুক্তি লাভ কৰিছিল।ৰাজনৈতিক কাৰণৰ বাবে ছবিখন বহুতে চাব পৰা নাছিল।সেয়ে ১৫ অক্টোবৰত পুনৰ এই ছবিখন প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে অমংগ কুমাৰৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনত বিবেক অবেৰয়,বমন ইৰাণী,মনোজ যোশী,জেৰিমনা ৱাহিদ,প্ৰশান্ত নাৰায়ণ,ৰাজেন্দ্ৰ গুপ্তা আৰু বহুতে অভিনয় কৰিছে।
Comments