Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৬অক্টোবৰ:৬ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ এছ আই কেলেংকাৰীৰ খলনায়ক দিবন ডেকা৷আৰক্ষী অপৰাধ শাখাই নিজৰ জিম্মাত সোধ-পোচ কৰি আজি পুনৰ দিবন ডেকাক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়।
চি আই ডিয়ে দিবন ডেকাক ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ৬ দিনৰ বাবে জিম্মাত দিয়ে।উল্লেখযোগ্য যে,চি আই ডিত অসম আৰক্ষীয়ে ২১/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৯ আৰু ৬৬(বি) ত এক গোচৰ ৰুজু কৰিছিল।
দিবন ডেকাৰ বিৰুদ্ধে একোখন প্ৰশ্নকাকত এক লাখ টকা ধনৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল।গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত ৩০ চেপ্টেম্বৰৰ নিশা পাটচাৰকুছিৰ পৰা বিজেপি নেতা দিবন ডেকাক গ্ৰেপ্তাৰ কৰিছিল।
Comments