লখিমপুৰ, ৯ অক্টোবৰ ; লখিমপুৰৰ নাওবৈছাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।এই ঘটনা সংঘটিত হৈছে নাওবৈচা ষ্টেট বেংকৰ সমুখত।
নাওবৈচাৰ চিলনিবাৰীৰ ইছলাম উদ্দীন নামৰ লোক জনে বেংকৰ পৰা উলিয়াই আনিছিল টকা খিনি। কালি দিনৰ প্রায় ২বজাত সংঘটিত হৈছিল এই ঘটনা।
ইছলাম উদ্দীনে চিলনীবাৰীত থকা নিজা মিনি এ টি এমত ভৰাবলৈ উলিয়াই আনিছিল টকাখিনি।
বেংকৰ সন্মুখতে দুজন যুৱকে ইছলাম উদ্দীনৰ গাত বান্দৰ কেঁকোৰা নিক্ষেপ কৰি টকা ভৰাই নিয়া বেগটো লৈ পলায়ন কৰে।এতিয়ালৈকে দুৰ্বৃত্তৰ কোনো সন্ধান পোৱা নাই ।যুৱক দুজন এখন পালচাৰ বাইকত আহিছিল।
ইতিমধ্যে ঘটনাতস্থলীত নাওবৈচা আৰক্ষী উপস্থিত হৈ চি চি টি ভি ৰ ফুটেজ পৰ্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে ।
Comments