Cartoon
View Older
গুৱাহাটী, ১১ অক্টোবৰ : অসম আৰক্ষীত বিভিন্ন পদত ৰদ-বদল কৰা হৈছে। গৃহ বিভাগৰ পৰা শেহতীয়াকৈ অহা এক নিৰ্দেশনা অনুসৰি গুৱাহাটী মহানগৰ যানবাহন শাখাৰ ডিচিপি মায়ংক কুমাৰক কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
গুৱাহাটী মহানগৰ যানবাহন শাখাৰ এই স্থানত দায়িত্ব প্ৰদান কৰা হৈছে এডিচিপি প্ৰাণজিৎ বৰাক৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক বৰপেটা জিলাৰ বিদেশী আঞ্চলিক পঞ্জীয়ণ বিষয়া হিচাপে বদলি কৰা হৈছে ।
ক্ৰাইম ব্ৰাঞ্চৰ এডিচিপি নৱনীত মহন্তক গুৱাহাটী (পশ্চিম)ৰ ডিচিপি হিচাপে দায়িত্ব প্ৰদান কৰিছে ।
Comments