গুৱাহাটী , ১১ অক্টোবৰ: ৰবিবাৰে অনুষ্ঠিত আই পি এলৰ প্ৰথমখন খেলত অসম সন্তান ৰিয়ান পৰাগ আৰু ৰাহুল টিৱটিয়াই ৰাজস্থান ৰয়েলছক বিজয়ী কৰে।
চান ৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি ডেভিড ৱাৰ্নাৰে ৩৮ বলত ৪৮ৰাণ , মনিষ পাণ্ডে ৪৪ বলত ৫৪ ৰাণ, কেন উইলিয়ামচনে ১২বলত ২২ৰাণ আৰু প্ৰিয়াম গাৰ্গে ৮বলত ১৫ ৰাণৰ সহায়ত ২০ অ’ভাৰৰ অন্তত ৪টা উইকেট হেৰুৱাই ১৫৮ৰাণ কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছৰ ২৬ ৰাণৰ ভিতৰত বেন ষ্টকছ ৬ বলত ৫ৰান, জছ বাটলাৰ ১৩ বলত ১৬ৰান, আৰু স্মিথ ৬বলত ৫ৰান কৰি আউট হয় ।
৯.১ অ’ভাৰত ৰবীন উট্টাপ্পা ১৫ বলত ১৮ ৰান কৰি আউট হোৱাৰ পিছত অসম সন্তান ৰিয়ান পৰাগ বেটিং কৰিবলৈ আহে। প্ৰথমে ধীৰে সুস্থিৰে খেলি ১৫ অ’ভাৰৰ পৰা ৰিয়ান পৰাগে দলক গতি দিবলৈ আৰম্ভ কৰে। ১৫ অভাৰৰ অন্তিম বলত ৬ কোবাই ১৬ অ’ভাৰত ৰিয়ানে দুটা চাৰিৰ সহায়ত ৯ৰাণ কৰে। ইয়াৰ পিছত ৰাহুলে বিস্ফোৰক বেটিঙৰে ১৮ সংখ্যক অ’ভাৰত মুঠ ১৪ ৰান কৰে। অন্তিম অ’ভাৰত প্ৰয়োজন আছিল ৬ বলত ৮ৰাণৰ ।
ৰিয়ান পৰাগে ১৯ অভাৰৰ ৫নং ৬ কোবাই দলক বিজয়ী হিচাপে থিয় কৰায় । জয়ী হোৱাৰ পিছতে বিজয়ৰ আনন্দত ৰিয়ান পৰাগে খেলপথাৰত বিহু নাচি দিয়া পৰিলক্ষিত হয় ।
ৰিয়ান পৰাগে ২৬ বলত ৪২ ৰাণ কৰে আৰু ৰাহুলে কৰে ২৮ বলত ৪৫ ৰাণ ৷
Comments