গুৱাহাটী , ১২ অক্টোবৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ এবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ ওপৰত চৰকাৰক সমালোচনা কৰে ।
ৰাহুল গান্ধীয়ে টুইট কৰি কয়- ‘কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰ সমূহক প্ৰতিশ্ৰুতি দিছিল যে জি এছ টি ৰাজহ ৰাজ্য চৰকাৰক সময়মতে দিয়া হব । প্ৰধানমন্ত্ৰীয়ে ১.৪লাখ কোটি টকা পুঁজিপতিক কৰ ৰেহাই দিব পাৰে, নিজৰ বাবে ২খনকৈ উৰাজাহাজ কিনিব পাৰে কিন্তু ৰাজ্য সমূহক দিবলৈ টকা নাই । প্ৰধানমন্ত্ৰী আৰু ক'ভিড দুয়োটাই মিলি দেশৰ অৰ্থনীতি ভাঙি পেলালে । আনফালে বিত্তমন্ত্ৰীয়ে ৰাজ্য সমূহক কয় ধাৰ কৰা ৷’
হাথৰসৰ ঘটনাৰ ওপৰত ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰি কয়- ‘উত্তৰ প্ৰদেশ চৰকাৰে ভুক্তভোগী লগ কৰাত কিয় মোক বাধা দিলে ? অপৰাধীক ৰক্ষা দিয়াটো চৰকাৰৰ কাম নহয় । চৰকাৰৰ কাম অপৰাধীক শাস্তি দিয়া । কিন্তু উত্তৰ প্ৰদেশত এই কাম চৰকাৰে কৰা নাই বাবে মোক বাধা দিয়া হল । হাথৰসৰ ঘটনা কেৱল এগৰাকী মহিলাৰ কাহিনী নহয় , এয়া দেশৰ লাখ লাখ মহিলাৰ কাহিনী ।"
Comments