বঙাইগাঁও, ৩০ ছেপ্টেম্বৰঃ ড্রেগন ফ্রুট--কৰ্কট, ডায়েবেটিছ, কোলেষ্টৰল, ৰক্তচাপ, হার্টৰ সমস্যাৰ দূৰীকৰণত ব্যৱহৃত এবিধ উন্নত জাতৰ সুস্বাদু ফল৷মেক্সিকোৰ এই ফলটো সম্পৰ্কে অনেকেই হয়তো পৰিচিত নহয়৷ বহুতে হয়তো নামেই শুনা নাই৷ এই ড্রেগন ফ্রুটৰ খেতি কৰি স্বাৱলম্বী হৈছে বি টি চিৰ চিৰাং জিলাৰ ইলিয়াচ আলী নামৰ এগৰাকী আদৰ্শ খেতিয়কে৷
চিৰাঙৰ এক নং দাউখানগৰৰ ইয়াচিন আলীয়ে তেওঁৰ দুই শিক্ষিত পুত্ৰক সহযোগী হিচাপে লৈ নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰেগন ফ্রুটৰ উপৰিও উন্নত জাতৰ বগৰী, লেচু, কল, পাণ, তামোল,উন্নত জাতৰ ধান তথা পাঁচ বিঘাৰ পৰিসৰৰ পুখুৰীত মাছৰ খেতি কৰি এক আদৰ্শ কৃষকৰ পৰিচয় দিবলৈ সক্ষম হৈছে জিলা খনত৷
উল্লেখ্য -বায়ফ্লগ পদ্ধতিৰে ( টেংকৰ ভিতৰত) মাছৰ খেতি কৰাৰ পকিকল্পনা কৰিছে এই গৰাকী কৃষকে৷ সৰুৰে পৰা বিভিন্ন কৃষি কৰ্মৰ সতে জড়িত থকা কৃষক গৰাকীয়ে মান্ধাতাকলীয়া কৃষি পদ্ধতিৰ সলনি কৰি নতুন চিন্তাৰে নতুন খেতিৰ বাবে ব্যৱহাৰ কৰে ছচিয়েল মিডিয়া, ইউ টিউব৷ইউ টিউবত ড্রেগন ফ্রুট সম্পৰ্কে জ্ঞান লাভ কৰা ইয়াচিনে চাৰি বছৰ পূৰ্বে গুজৰাটৰ পৰা ড্ৰেগনৰ পুলি আনি প্ৰায় দুই বিঘা মাটিত ড্ৰেগন ফ্রুটৰ খেতি কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান ইয়াচিনে ড্ৰেগন ফ্ৰুইটৰ খেতি কৰি আদৰ্শ কৃষকৰ শাৰীত স্থান লাভ কৰিবলৈ অগ্ৰসৰ হৈছে৷
বছৰৰ ছয় মাহে ফল ধৰে এই খেতিত৷ এজোপা ড্ৰেগনৰ প্ৰায় চৈধ্য-পোন্ধৰ মাহৰ ভিতৰত ফল লগাৰ লগতে এজোপাই বছৰেকত ২০/২৫ কিলোগ্ৰাম ফল দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷
তদুপৰি কৃষক গৰাকীৰ ঘৰৰ পৰাই পাইকাৰী বেপাৰীয়ে চাৰিশ টকা দৰত ক্ৰয়কৰি বঙাইগাঁও-চিৰাঙৰ বজাৰত ছয়শ টকা কৈ বিক্ৰী কৰিছে বুলিও প্ৰকাশ কৰে৷ কৃষক গৰাকীয়ে ফলৰ লগতে ড্ৰেগনৰ পুলিও বিক্ৰী কৰি যথেষ্ট ধন অৰ্জন কৰিবলৈ সক্ষম হৈছে৷
সাম্প্ৰতিক সময়ত কৃষি বিপ্লৱৰ দ্বাৰাহে অৰ্থনৈতিক বিপ্লৱ সম্ভৱ বুলি মতপোষণ কৰি কৃষক ইয়াচিনে যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহবান জনায়৷ লগতে আগ্ৰহী শিক্ষিত নিবনুৱাক তেওঁ ড্ৰেগন খেতিৰ বিষয়ে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব বুলিও প্ৰকাশ কৰিছে৷
Comments