Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,২অক্টোবৰ:মাইক্ৰ’ছফ্ট ইণ্ডিয়াই বুধবাৰে মাইক্ৰ’ছফ্ট অনুবাদকত শেহতীয়া ভাৰতীয় ভাষা হিচাপে ‘অসমীয়া’ক সংযোজন কৰাৰ কথা ঘোষণা কৰিছে।
'এজু'ৰ কগনিটিভ সেৱাই মুখেৰে কোৱা কথা আউটপুট হিচাপে লৈ ব্যৱহাৰকাৰীসকলৰ কথাক অসমীয়া পাঠলৈ অনুবাদ কৰিবলৈ বা অসমীয়া কথাৰ আউটপুটক আন এটা ভাষালৈ অনুবাদ কৰিবলৈ সক্ষম হ’ব।
উল্লেখযোগ্য যে,মাইক্ৰছফ্ট বৰ্তমান অসমীয়া অনুবাদ সমৰ্থন কৰা একমাত্ৰ ক্লাউড সেৱা প্ৰদানকাৰী।মাইক্ৰ’ছফ্টে এতিয়া অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষা সমৰ্থন কৰে৷
বিশেষকৈ বাংলা, গুজৰাটী, হিন্দী, কনাড়া, মালায়ালাম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু, আৰু ঊৰ্দু ভাষা পূৰ্বৰে পৰাই মাইক্ৰ’ছফ্টে প্ৰদান কৰি আহিছে৷
Comments