Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৩অক্টোবৰ:শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব এছ আই কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্ত।আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিঙে আজি এই কথা ঘোষণা কৰিছে৷
জি পি সিঙে কয় যে,"নেপালতে থাকক বা আন ক’ৰবাত অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব দত্তক৷দিবন ডেকাৰ ওপৰত চলোৱা তদন্তৰ ওপৰত ভিত্তি কৰি পিকি দত্তৰ লগতে অন্য বহুকেইজনক গ্ৰেপ্তাৰ কৰা হ’ব।
নলবাৰীত আৰু বহু কেইজন অভিযুক্ত থকাৰ সন্দেহত পুনৰ নলবাৰীত অভিযান চলোৱা হব।"
আনহাতে দিবন ডেকাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে বাবে বৰ্তমান দিবনক এছ বি ব্ৰাঞ্চৰ লকআপত ৰখা হৈছে আৰু লকআপত কোনো ধৰণৰ ৰাজআতিথ্য দিয়া নাই বুলিও জি পি সিঙে মন্তব্য কৰে।
Comments