Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৩অক্টোবৰ:ৰাজ্যত গঠন হোৱা নতুন ৰাজনৈতিক দল প্ৰসংগত প্ৰথমবাৰলৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।শনিবাৰৰ পৰা শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে,
"শিপা নথকা লতা বেছি দিন নাথাকে।নতুন দল গঠন হোৱাটো একো ডাঙৰ কথা নহয়।যি লতাৰ শিপা নাই, সেই লতা বেছিদিন নাথাকে।৪২ লাখ কাৰ্যকর্তাৰ জৰিয়তে বিজেপিয়ে প্ৰমাণ কৰিলে,বিজেপিৰ মাটিৰ ভিতৰত কিমান শিপা আছে।"
উল্লেখযোগ্য যে,ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত্ দাস,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে দলটোৰ বহু শীৰ্ষস্থানীয় নেতা উপস্থিত থাকে।
Comments