Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,৩অক্টোবৰ:দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আজিও ৰহস্য হৈ আছে।এনে সময়তে আজি এইমছৰ ফৰেনচিক প্ৰতিবেদনত এই কথা স্পষ্ট ভাবে উল্লেখ কৰা হৈছে যে,সুশান্ত সিং ৰাজপুতক কোনেও হত্যা কৰা নাছিল।তেওঁ আত্মহত্যাহে কৰিছিল।
ইতিমধ্যে এইমছৰ চিকিৎসক ডাঃ সুধীৰ গুপ্তই চিকিৎসকৰ দলৰ বিভিন্ন তথ্য-প্ৰমাণ,পৰীক্ষা-নিৰীক্ষাৰ আধাৰত সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে,সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰথমেই মুম্বাই আৰক্ষীয়ে সুশান্তই আত্মহত্যাহে কৰিছিল বুলি প্ৰকাশ কৰিছিল।
কিন্তু বহুতেই বিষয়টো সহজ ভাবে ল’ব নোৱাৰাৰ বাবেই এইমছৰ ফৰেনচিক বিভাগক সুশান্তৰ মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছিল।
Comments