গুৱাহাটী , ৫অক্টোবৰ: জে এনে ইউ'ৰ প্ৰাক্তন ছাত্ৰ নেতা উমৰ খালিদক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । উমৰ খালিদক যোৱা ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযোগত ১ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰে আগত উমৰ খালিদক বে-আইনি ক্ৰিয়াকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ১৪ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।
ন্যায়ালয়ে কৰ্তৃপক্ষক এইক্ষেত্ৰত উমৰ খালিদক যাতে জে’লত কোনোৱে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰাপত্তা কৰাৰ ব্যৱস্থাৰ বাবে নিৰ্দেশ দিয়ে । প্ৰতি সপ্তাহত আইনী বিষয়ত ৩০মিনিটৰ কথা-বতৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।
ফেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৰু সমৰ্থকৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ৫৩জন ব্যক্তিৰ মৃত্যু হৈছিল আৰু ১০০ৰো অধিক ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল ।
Comments