গুৱাহাটী , ৫অক্টোবৰ: ক'ভিড ১৯ৰ বাবে ব্যৱসায়ত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছিল ভুৱনেশ্বৰ চহৰৰ নিকটৱৰ্তী এখন গাঁওৰ ২৫ বছৰীয়া যুৱক সৌম্য ৰঞ্জন ।
সৌম্য ৰঞ্জনৰ বেংকৰ ঋণ আছিল বহুত । এখন দোকানৰ বাবে বেংকৰ পৰা প্ৰায় ১৯লাখ টকা ধাৰ কৰিছিল । সৌম্য ৰঞ্জনে ৬লাখ টকাৰ ঋণ পৰিশোধ কৰিবলৈও সক্ষম হৈছিল । কিন্তু ক'ভিড ১৯ৰ হোৱা লকডাউনৰ ফলত সকলো বন্ধ হোৱা বাবে ঋণৰ জটিল পাকত সোমাই ব্যৱসায় সমূলি ধ্বংস হোৱাৰ পিছত উপায়হীন হৈ পৰে যুৱক জন ।
ঋণ পৰিশোধ কৰাৰ উপায় হিচাপে লকডাউনৰ সময়ত ইউ টিউবৰ ভিডিঅ'ৰ পৰা বেংকত ডকাইতি কৰাৰ শিক্ষা লাভ লয় । এটা এয়াৰ গান'ৰ সহায়ত দুটা বেংকৰ পৰা ১২.৩৪লাখ টকা ডকাইত কৰি আনিবলৈ সক্ষম হয় । তাৰপিচত এই ধনৰ পৰা ৬০হাজাৰ টকাৰ ঋণ পৰিশোধ কৰে ।
যিহেতু আৰক্ষীৰ হাতত কোনো ক্লু নাছিল , কাৰণ সৌম্য ৰঞ্জনে অকলেই সকলো ডকাইতিৰ কাম সংঘটিত কৰিছিল ৷ অপৰাধৰ পৃথিৱীত সৌম্য ৰঞ্জন আছিল নতুন ৷ গতিকে তদন্তৰ ক্ষেত্ৰত আৰক্ষী বহু সমস্যাৰ সন্মুখীন হৈছিল ।
আৰক্ষীৰ অনুসৰি ইতিমধ্যে ১০.৭৬লাখ টকা উদ্ধাৰ কৰা হৈছে । সৌম্য ৰঞ্জন এজন ভাল পৰিয়াল লৰা যাৰ কেতিয়াও অপৰাধ মূলক কোনো ইতিহাস নাই । কিন্তু এই ঘটনাৰ পিছত সহজ ধনৰ লোভত এই কাম সৌম্য ৰঞ্জনে কৰিব পাৰে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াই ।
Comments