Classifieds
View All
গুৱাহাটী, ২৩ অক্টোবৰ : ভূপালত এগৰাকী ১৬ বছৰীয়া যুৱতীয়ে নিজৰ পিতৃক মাতৃক মদ খাই আহি প্ৰতিদিনে কৰি থকা অত্যাচাৰত অতিষ্ঠ হৈ হত্যা কৰে ।
খবৰ অনুসৰি ছোৱালীগৰাকীৰ পিতৃ সংস্থাপন হীন আছিল আৰু নিজৰ জ্যেষ্ঠ পুত্ৰৰ উপাৰ্জনত চলি আছিল ৷ পিতৃয়ে প্ৰতিদিনে মদ খাই আহি মাতৃক অত্যাচাৰ কৰি থাকে । এই ঘটনা এদিন সহ্যৰ বাহিৰলৈ ১৬ বছৰীয়া যুৱতী গৰাকীয়ে কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা এখন বেট, লোহাৰ ৰোডেৰে মাৰি মাৰি পিতৃক হত্যা কৰে ।
হত্যাৰ পিছত ১০০ নম্বৰত ফোন কৰি ছোৱালী গৰাকীয়ে আত্মসমৰ্পণ কৰে । ছোৱালীগৰাকীক আৰক্ষীয়ে আটক কৰি শুধৰণি গৃহলৈ প্ৰেৰণ কৰিছে ।
Comments