Classifieds
View All
গুৱাহাটী, ২৩ অক্টোবৰ : উপভোক্তা বিষয়ৰ সঞ্চালক লীলা নন্দনে পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পিঁয়াজ জমা কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ নিৰ্দেশ জাৰি কৰিছে ।
পৰৱর্তী ৩১ ডিচেম্বৰলৈ পাইকাৰী বিক্ৰেতা সকলে সৰ্বাধিক ২৫মেট্ৰিক টন পিঁয়াজ জমা ৰাখিব পাৰিব , আৰু খুচুৰা বিক্ৰেতা সকলে সৰ্বাধিক ২ মেট্ৰিক টন পিয়াজ জমা ৰাখিব পাৰিব ।
পিয়াঁজৰ নাটনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহলৈ ৩৫ হাজাৰ মেট্ৰিক টন পিঁয়াজ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
পিয়াঁজৰ মূল্যবৃদ্ধিৰ কাৰণ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত হোৱা বৰষুণ বুলি উল্লেখ কৰা হয় ।
Comments