Classifieds
View All
গুৱাহাটী, ২১ অক্টোবৰ : জনপ্ৰিয় অভিনেতা বলীউদৰ তাৰকা সঞ্জয় দত্তই কেন্সাৰৰ পৰা সুস্থ হোৱাৰ কথা আজি সমাজিক মাধ্যম যোগে ঘোষণা কৰে ।
সঞ্জয় দত্তই লিখে- “যোৱা কেইটামান সপ্তাহ মোৰ আৰু মোৰ পৰিয়ালৰ বাবে বহু কঠিন সময় আছিল । কোৱা হয় যে ভগৱানে কঠিন যুদ্ধ সমূহ শক্তিশালী সৈন্য সকলক হে দিয়ে । আৰু আজি , মোৰ সন্তানৰ জন্মদিনৰ দিনা মই এই যুদ্ধত বিজয়ী হোৱাৰ কথা ঘোষণা কৰি তেওঁলোকক জন্মদিনত মই দিব পৰা সৰ্বশ্ৰেষ্ঠ উপহাৰ দিছোঁ ।“
নিজৰ অনুৰাগীক উদ্দেশ্য কৰি অভিনেতা জনে লিখে – “আপোনালোকৰ সহায় , সমৰ্থন অবিহনে এয়া সম্ভৱ নহ’ল হয় । মই মোৰ পৰিয়াল, বন্ধু, অনুৰাগী যিসকলে মোৰ লগত থিয় দিলে সেই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ । তেওঁলোক মোৰ বাবে শক্তিৰ উৎস হৈ থাকিল ।“
সঞ্জয় দত্তই তেওঁৰ চিকিৎসক ডাঃ সেৱন্তী আৰু তেওঁৰ দলক ধন্যবাদ জনায়।
Comments