Cartoon
View Older
গুৱাহাটী , ১৩ অক্টোবৰ: তাৰকা ফুটবলাৰ ক্রিস্টিয়ান' ৰোনাল্ডো ক'ভিড ১৯ত আক্ৰান্ত হৈছে । পৰ্টুগাল ফুটবল ফেডাৰেচনে এই কথা উল্লেখ কৰিছে । অৱশ্যে ৰোনাল্ডোৰ লক্ষণহীন বুলি প্ৰকাশ কৰিছে পৰ্টুগাল ফুটবল ফেডাৰেচনে ৷
৩৫ বছৰীয়া জুভেন্তাচ ফুটবল ক্লাবৰ খেলুৱৈ গৰাকীয়ে ইউএফা নেচন লীগত খেলি আছিল । ক’ভিডত আক্ৰান্ত হোৱাৰ ৰোনাল্ডোয়ে বুধবাৰে চুইডেনৰ বিৰুদ্ধে হব লগা খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰিব ।
উল্লেখ্য যে ৰোনাল্ডো ক'ভিড ১৯ত সংক্ৰমণ হোৱাৰ বাবে পৰ্টুগাল দলৰ অন্য খেলুৱৈৰ ওপৰতো ক'ভিড ১৯ পৰীক্ষা চলোৱা হয় যদিও সকলোৰে ফলাফল ঋণাত্মক আহে ।
Comments