বঙাইগাঁও, ১৪ অক্টোবৰঃ নিজৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য, অসামাজিক কাৰ্যত জড়িত হোৱাৰ অভিযোগত ৰাইজ তথা একাধিক দল সংগঠনৰ লোকে বিদ্যালয়ৰ অধ্যক্ষ তমছেৰ আলী আহমেদক গ্ৰেপ্তাৰ আৰু উপযুক্ত শাস্তিৰ দাবীত বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও তথা বিদ্যালয় সন্মুখত পথ অৱৰোধ কৰি কালি পৰিৱেশ উত্তাল কৰি তুলিছিল৷
পিছলৈ প্ৰতিবাদ থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে সংগোপনে অভিযান চলাই মঙলবাৰৰ সন্ধিয়া অভিযুক্ত অধ্যক্ষ তমছেৰ আলী আহমেদক আটক কৰি বঙাইগাঁও সদৰ থানালৈ নিয়ে আৰু বুধবাৰে আৰক্ষীয়ে তমছেৰ আলী আহমেদক বঙাইগাঁও আদালতত হাজিৰ কৰাৰ পিছত ন্যায়াধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷
Comments